নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভাৰত–দঃ আফ্রিকাৰ প্রথম এদিনীয়া

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ টেষ্ট শৃংখলাত অপ্রত্যাশিতভাৱে ব্যর্থ হোৱাৰ পিছত টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাৰ মাটিত হৃত সন্মান উদ্ধাৰৰ লক্ষ্যৰে আজি প্রথম এদিনীয়াত অৱতীর্ণ হ’ব৷ লোকেশ ৰাহুলৰ নেতৃত্বত ভাৰতে পার্লৰ ব’লাণ্ড পার্কত খেলিবলগীয়া মেচখনত সমগ্র ক্রিকেট বিশ্বৰ দৃষ্টি নিবদ্ধ থাকিব তাৰকা বেটছমেন তথা প্রাক্তন অধিনায়ক বিৰাট কোহলিৰ ওপৰত৷ কিয়নো বিগত ৭ বছৰ ধৰি ভাৰতীয় দলক নেতৃত্ব দিয়াৰ পিছত তাৰকাগৰাকীয়ে আজি প্রথমবাৰৰ বাবে একমাত্র বেটছমেনৰ ৰূপত খেলপথাৰত নামিব৷ এদিনীয়া আৰু টি–২০ৰ নিয়মীয়া অধিনায়ক হিচাপে নিযুক্ত ৰোহিত শর্মাৰ অনুপস্থিতিত শৃংখলাটোত টীম ইণ্ডিয়াক নেতৃত্ব দিবলগীয়া ৰাহুলৰ প্রদর্শন আৰু নেতৃত্বশৈলীৰ ওপৰতো সকলোৰে নজৰ থাকিব৷

ইফালে, ৰোহিতৰ অনুপস্থিতিত ৰাহুলে এদিনীয়া শৃংখলাটোত টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰিব বুলি ভাৰপ্রাপ্ত অধিনায়কগৰাকীয়ে জানিবলৈ দিয়ে৷ তেওঁৰ অ’পেনিং সহযোগী হ’ব অভিজ্ঞ তাৰকা শিখৰ ধাৱন৷ ঘৰুৱা ক্রিকেটত চমকপ্রদ প্রদর্শন দাঙি ধৰাৰ সুবাদত ভাৰতীয় দলত স্থান লাভ কৰিলেও প্রতিভাৱান বেটছমেন ৰুতুৰাজ গাইকোৱাডে এদিনীয়া অভিষেকৰ বাবে হয়তো আৰু কিছুদিন অপেক্ষা কৰিব লাগিব৷ কোহলিয়ে ৩ নম্বৰ স্থানত বেটিং কৰাটো নিশ্চিত৷ ৪ নম্বৰ স্থানৰ বাবে সূর্য কুমাৰ যাদৱ আৰু শ্রেয়াছ আয়াৰৰ মাজত তীব্র যুঁজ হ’ব৷ ঋষভ পণ্টে ৫ নম্বৰ স্থানত আৰু নৱাগত অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰে ৬ নম্বৰ স্থানত বেটিং কৰাৰ সম্ভাৱনা আছে৷

ইফালে, বলিঙত টীম ইণ্ডিয়াৰ দায়িত্ব চম্ভালিব যশপ্রীত বুমৰাহ, ভুবনেশ্বৰ কুমাৰ, শার্দূল ঠাকুৰ, ৰবিচন্দ্রন অশ্বিন আৰু য়ুজবেন্দ্র চাহালে৷ অশ্বিন আৰু চাহালে ৪ বছৰৰ মূৰত এদিনীয়া দললৈ উভতিছে৷ ইফালে, টেষ্ট শৃংখলাত চমকপ্রদ জয়ৰ পিছত ঘৰুৱা দল দক্ষিণ আফ্রিকাই কাইলৈ আত্মবিশ্বাসেৰে খেলপথাৰত নামিব৷ অধিনায়ক টেম্বা বাভুমা, অভিজ্ঞ বেটছমেন কুইণ্টন ডি কক, ডেভিদ মিলাৰ, তাৰকা বেগী বলাৰ কাগিছো ৰাবাডা, লুংগী এনগিৰি আৰু মার্ক’ জানছেনৰ প্রদর্শনৰ ওপৰত ঘৰুৱা দলটোৰ সাফল্য নির্ভৰ কৰিব৷ মন কৰিবলগীয়া যে ২০১৭ৰ দক্ষিণ আফ্রিকা ভ্রমণত ভাৰতে ঘৰুৱা দলটোক ৫–১ৰ ব্যৱধানত পৰাস্ত কৰি এদিনীয়া শৃংখলা জয় কৰিছিল৷ এই সাফল্যই এইবাৰো টীম ইণ্ডিয়াৰ মনোবল বৃদ্ধি কৰিব৷ খেলৰ সময় ঃ দিনৰ ২ বজা৷

You might also like