নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশোৰীক ধর্ষণ কৰি ভিডিঅ’ ভাইৰেল জুৰীয়াৰ লম্পটৰ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ জুৰীয়াৰ আৰক্ষী থানৰ অন্তর্গত কলনীজলাহ গাঁৱৰ জহিৰুল ইছলাম নামৰ এটা লম্পট যুৱকৰ কর্মকাণ্ডক লৈ অঞ্চলটোত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, জহিৰুলে এগৰাকী অষ্টম শ্রেণীৰ ছাত্রীক বিয়াৰ প্রলোভনেৰে অসৎ কার্য চৰিতার্থ কৰে৷ লম্পটটোৱে সমগ্র ঘটনাটো গোপন কেমেৰাত ৰেকর্ডিং কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে৷ ইয়াকে লৈ কিশোৰী ছাত্রীগৰাকীৰ পৰিয়ালত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ কিশোৰীগৰাকীৰ পৰিয়ালে আজি যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনাই জুৰীয়া থানাত গোচৰ তৰে৷ এইক্ষেত্রত আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like