বৰ্ষাপাৰাত আজি জয়ৰ হেটট্রিকৰ লক্ষ্যৰে মুম্বাইৰ সন্মুখত ৰাজস্থান ৰয়েলছ
ডিজিটেল ডেস্ক, ৭ এপ্রিল : চলিত আইপিএলত একেৰাহে দুখন মেচত জয়েৰে আত্মবিশ্বাসী হৈ থকা ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে জয়ৰ হেটট্রিক অর্জনৰ লক্ষ্যৰে আজি ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীত অনুষ্ঠিত প্রথমখন মেচত ৰাজস্থানে চেন্নাই ছুপাৰ কিংছক পৰাজিত কৰে৷ দলটোৱে দ্বিতীয়খন মেচ আহমেদাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিছিল৷ দ্বিতীয়খন মেচতো ৰিয়ান পৰাগৰ দলটোৱে বেট আৰু বলিঙত চমকপ্ৰদ প্রদর্শনেৰে দর্শকৰ লগতে ক্রিকেট বিশেষজ্ঞৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷
আজি গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ কৌশল ৰচনা কৰিছে ৰাজস্থানে৷ দলটোৰ দুয়োগৰাকী অ’পেনাৰ বৈভৱ সূর্যবংশী আৰু যশস্বী জয়ছোৱালৰ লগতে মিডল অর্ডাৰ বেটছমেনসকলেও বিগত দুখন মেচত সুন্দৰ প্রদর্শন আগবঢ়াবলৈ সক্ষম হৈছে৷ ইতিমধ্যে দুখন মেচত সুন্দৰ আৰম্ভণি কৰা বৈভৱ সূর্যবংশীয়ে আজি প্রথমবাৰৰ বাবে প্রতিযোগিতামূলক খেলত যশপ্রীত বুমৰাহৰ মুখামুখি হ’ব৷ এনে অৱস্থাত ১৫ বছৰীয়া খেলুৱৈ এগৰাকীয়ে বিশ্বৰ শক্তিশালী পেচাৰ বলাৰগৰাকীক কিদৰে চম্ভালিব পাৰে, সেয়াও লক্ষণীয় হ’ব৷ সমান্তৰালভাৱে বলাৰসকলেও যিকোনো পৰিস্থিতিত দলৰ জয়ত অভূতপূর্ব বৰঙণি আগবঢ়াই আছে৷
ইফালে, প্রথমখন মেচত জয়ী হ’লেও মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা দ্বিতীয়খন মেচত পৰাজয়বৰণ কৰিবলগীয়া হৈছে৷ মুম্বাই দলটোৰ ৰোহিত শর্মা, ৰাদাৰফোর্ড, সূর্যকুমাৰ যাদৱে অধিক সময় ক্রীজত থাকিলে যিকোনো মুহূর্ততে খেলৰ গতি সলনি কৰিবলৈ সক্ষম হ’ব৷ দলটোৰ আন এক ভৰসা হৈছে যশপ্রীত বুমৰাহ৷ অধিনায়ক হার্দিক পাণ্ডিয়াৰ অসুস্থতাত সূর্যকুমাৰৰ নেতৃত্বত খেলখনত মুম্বাই পৰাজিত হয়৷
আইপিএলৰ ইতিহাসত এতিয়ালৈকে ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছ ৩৩খন মেচত মুখামুখি হৈছে৷ ইয়াৰ ১৫খনত ৰাজস্থান জয়ী হোৱাৰ বিপৰীতে ১৭খনত মুম্বাই ইণ্ডিয়ানছে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ আজি হ’বলগীয়া মেচখনত ঘৰুৱা পৰিৱেশে ৰাজস্থানক সহায় কৰিব বুলি ক্রিকেট বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷