নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানঃ ভাৰতৰ পতাকা বহন কৰিব মেৰীকম, মনপ্রীতে

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ সমাগত টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰিব তাৰকা মহিলা বক্সাৰ এম চি মেৰীকম আৰু ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্রীত সিঙে৷

ভাৰতীয় অলিম্পিক সন্থাই এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে৷ সন্থাই জানিবলৈ দিয়া অনুসৰি এছিয়ান গেমছৰ স্বর্ণপদক বিজয়ী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়াই টকিঅ’ অলিম্পিকৰ সামৰণী অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰিব৷ ১২৬গৰাকী এথলিট আৰু ৭৫গৰাকী দলীয় বিষয়ববীয়াকে ধৰি প্রায় ২০১জনীয়া সদস্যযুক্ত ভাৰতীয় দলে আগন্তুক অলিম্পিকত অংশ ল’ব বুলিও অলিম্পিক সন্থাই জানিবলৈ দিছে৷ ৫৬ শতাংশ পুৰুষ আৰু ৪৪ শতাংশ মহিলা খেলুৱৈৰে ভাৰতীয় দলটো গঠিত৷

মহামাৰী ক’ভিড–১৯ৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে এইবাৰ টকিঅ’ অলিম্পিকলৈ কোনো প্রতিনিধি প্রেৰণ নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰিছে৷ উল্লেখ্য যে অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক ৮ আগষ্টলৈ চলিব৷

You might also like