নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰো কাপৰ প্রথম ছেমিঃ আজি ইটালী–স্পেইন

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ইউৰো কাপৰ প্রথমখন ছেমিক লৈ সম্পূর্ণৰূপে সাজু হৈছে ইটালী আৰু স্পেইন৷ প্রতিযোগিতাখনৰ প্রথমখন ছেমিফাইনেল আজি লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইউৰোপীয়ান চেম্পিয়নশ্বিপত দুয়োটা দল এতিয়ালৈকে ক্রমাগতভাৱে চতুর্থবাৰৰ বাবে মুখামুখি হ’ব৷ আজিৰ মেচখনত ইটালীক লৈ চিন্তিত হোৱা নাই লুইছ এনৰিকৰ স্পেইন৷

বিগত ৩২খন মেচত ইটালী অপৰাজিত হৈ আছে যদিও স্পেইনেও অন্তিম ১২খন মেচত পৰাজয়ৰ মুখ দেখা নাই৷ বিশ্বৰ এক নম্বৰ দল বেলজিয়ামক পৰাস্ত কৰি ইটালীয়ে প্রতিযোগিতাখনৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ বেলজিয়ামক পৰাস্ত কৰি ছেমিফাইনেলৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে ৰবের্টো মানচিনিৰ দল৷ প্রতিযোগিতাখনৰ খিতাপ দখলৰ প্রবল দাবীদাৰ হিচাপে প্রতিপন্ন হোৱা ইটালী দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব আন্দ্রে বেল’টি, মাটে’ পেচিনা, গি’র্গি’ চিয়েলিনি, ফেডেৰিকো চিয়েছাৰ প্রদর্শনৰ ওপৰত৷ বিগত মেচকেইখনত এই চাৰিগৰাকী খেলুৱৈয়ে দুর্দান্ত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল৷

মন কৰিবলগীয়া যে ইটালীয়ে স্পেইনৰ বিপক্ষে খেলা বিগত ১৪খন মেচৰ মাত্র দুখনতহে পৰাজয়ৰ সন্মুখীন হৈছে৷ দুয়োটা দলে ২০১৮ চনৰ বিশ্বকাপৰ কোৱালিফায়িঙত অন্তিমবাৰৰ বাবে মুখামুখি হৈছিল৷ ইফালে, আজিৰ ছেমিফাইনেলৰ পূর্বে তাৰকা খেলুৱৈ ছার্জি’ বাস্কেটৰ আঘাতক লৈ চিন্তিত হৈ পৰিছে স্পেইনে৷ ভৰিত পোৱা আঘাতৰ বাবে তাৰকা খেলুৱৈগৰাকী অবিহনে স্পেইনে কাইলৈ ইটালীৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

আজিৰ মেচখনৰ প্রতিদ্বন্দ্বী ইটালীৰ সন্দর্ভত স্পেইনৰ প্রশিক্ষক লুইছ এনৰিকে কয় যে প্রতিযোগিতাখনৰ বিগত খেলকেইখনত স্পেইনে ক্রমান্বয়ে উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ আজি শক্তিশালী ইটালী দলৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব যদিও চিন্তিত হৈ পৰা নাই স্পেইনে৷ খেলুৱৈসকলে তেওঁলোকৰ নিজৰ ছন্দ অনুসৰি খেলি যাব বুলি প্রশিক্ষক এনৰিকে কয়৷
খেলৰ সময়ঃ নিশা ১২.৩০ বজা৷

You might also like