নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ গুৱাহাটীত এছিয়া কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

অহা ২৯ আগষ্টৰ পৰা বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত হ’ব লগা পুৰুষৰ এছিয়া কাপ হকীৰ চেম্পিয়ন ট্ৰফীটো কাইলৈ গুৱাহাটীত প্ৰদৰ্শন কৰা হ’ব৷ অসম হকী সন্থাৰ সভাপতি তপন দাসে জনোৱা অনুসৰি মহানগৰীৰ মুঠ দহটা স্থানত এই ট্ৰফী প্ৰদৰ্শন কৰা হ’ব৷

পুৱা কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰি পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট, গুৱাহাটী টাউন ক্লাব, আইকন একাডেমী, এছ পি এম আই এ এছ একাডেমী, জনতা ভৱন, ভেটাপাৰা হকী ষ্টেডিয়াম, ড॰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিমানবন্দৰত ট্ৰফীটো প্ৰদৰ্শন কৰা হ’ব৷

অৱশ্যে ৰাইজৰ বাবে কেবল ভেটাপাৰা হকী ষ্টেডিয়ামৰ কাৰ্যসূচীহে মুকলি থাকিব৷

Niyomiya Barta Desk, 25 August

You might also like