নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত সোমবাৰৰ পৰা এসপ্তাহ বন্ধ শিক্ষানুষ্ঠান

দেশৰ ৰাজধানী দিল্লীত বায়ু প্রদূষণৰ সংকটঃ দুদিনীয়া লকডাউনৰ পৰামর্শ ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ বিশ্বৰ প্রদূষিত চহৰৰ শীর্ষস্থানত থকা নতুন দিল্লীৰ বায়ু প্রদূষণে অতি ভয়াৱহ ৰূপ লোৱাত অহা সোমবাৰৰ পৰা এসপ্তাহলৈ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব৷ চৰকাৰী কর্মচাৰীসকলে ঘৰতে বহি কাম কৰিব৷ এই ঘোষণা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ৷ শনিবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা নেতৃত্বাধীন তিনিজনীয়া বিশেষ বিচাৰপীঠে দেশৰ ৰাজধানী দিল্লীৰ বায়ু প্রদূষণৰ সংকটৰ প্রতি লক্ষ্য ৰাখি দুদিনীয়া লকডাউনৰ পৰামর্শ আগবঢ়োৱাৰ পিছতেই মুখ্যমন্ত্রী কেজৰিৱালে এই পদক্ষেপ গ্রহণ কৰিছে৷

উল্লেখ্য যে সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বৰ বিশেষ তিনিজনীয়া বিচাৰপীঠে দিল্লীত বায়ু প্রদূষণৰ মাত্রা বৃদ্ধি পোৱা বুলি জনোৱা ১৭ বছৰীয়া শিক্ষার্থী আদিত্য ডুবেৰ আবেদনৰ শুনানি গ্রহণ কৰি ৰাজধানী চহৰখনত বায়ু প্রদূষণৰ উদ্বেগজনক পৰিস্থিতিক লৈ কেন্দ্র চৰকাৰ আৰু দিল্লীৰ আম আদমী পার্টী চৰকাৰক সমালোচনা কৰে৷ চহৰখনত বায়ু মান সূচাংকই অতি ভয়াৱহ ৰূপ লোৱাৰ বাবেই দুদিনীয়া লকডাউনৰ পৰামর্শ আগবঢ়াইছে৷ মুখ্য ন্যায়াধীশ ৰামানাই কয়– আমি দেখিছোঁ কেনেকৈ পৰিস্থিতি অতি বেয়াৰ ফালে গৈ আছে৷ আমি আমাৰ ঘৰৰ ভিতৰতে মাস্ক পৰিধান কৰি থাকিবলগীয়া হৈছে৷ দুদিনীয়া লকডাউনৰ পৰামর্শ আগবঢ়োৱাৰ লগতে বিষয়টোক মোকাবিলা কৰাৰ বাবে শীঘ্রেই সিদ্ধান্ত গ্রহণ কৰিব পৰা বৈঠক আয়োজনৰো নির্দেশ দিয়ে বিশেষ বিচাৰপীঠে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ হৈ ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই দিল্লীৰ বায়ু প্রদূষণৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্র–ৰাজ্য আৰু এজেঞ্চীসমূহে যুঁজি থকা বুলি যুক্তি প্রদর্শন কৰে৷ এই যুক্তি শুনাৰ পিছতেই মুখ্য ন্যায়াধীশৰ নেতৃত্বত বিচাৰপীঠখনে শীঘ্রেই দিল্লীৰ বায়ু প্রদূষণ নিয়ন্ত্রণ কৰিবলৈ সঠিক পদক্ষেপ গ্রহণৰ নির্দেশ দিয়াৰ লগতে দুদিনীয়া লকডাউন বিবেচনাৰ পৰামর্শ আগবঢ়ায়৷

You might also like