নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ত ব্যর্থ হৈ ভাগি পৰিছে ভিনেশ ফ’গাট

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ টকিঅ’ অলিম্পিকত পদক জয়েৰে দেশবাসীক গর্বিত কৰা খেলুৱৈসকলক লৈ দেশৰ চৌদিশে উছাহ–উদ্দীপনা বিৰাজ কৰাৰ সময়তে হতাশাই ঘেৰি ধৰিছে ভিনেশ ফ’গাটক৷ টকিঅ’ত প্রত্যাশিত প্রদর্শন দাঙি ধৰিব নোৱাৰা তাৰকা মল্লযুঁজাৰুগৰাকীয়ে ক্রীড়া কেৰিয়াৰ সামৰিব পাৰে বুলিও শুকুৰবাৰে এক সাক্ষাৎকাৰত ইংগিত দিছে৷

এক সাক্ষাৎকাৰত তেওঁ কয় যে পদক জয় কৰিব পাৰিলেই ভাৰতত নায়ক হয় আৰু জয় কৰিব নোৱাৰিলে এদিনৰ ভিতৰতে মানুহে খেলুৱৈসকলক পাহৰি যায়৷

উল্লেখ্য যে ৰিঅ’ অলিম্পিকত আঘাতৰ বাবে পদকৰ সপোন পূৰণ কৰিব নোৱাৰা ভিনেশ ফ’গাটে এইবাৰ টকিঅ’ৰ পৰা দেশলৈ পদক কঢ়িয়াই অনাৰ সপোন দেখিছিল যদিও কোৱার্টাৰত অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হয়৷ বেলাৰুছৰ প্রতিদ্বন্দ্বীৰ হাতত তেওঁ পৰাস্ত হৈ টকিঅ’ত অভিযান সামৰিছিল৷

‘টকিঅ’ত পদক জয়ৰ সপোন পূৰণ কৰিব পাৰিম বুলি আশাৰে বাট চাইছিলোঁ৷ কিন্তু সেয়া সম্ভৱ নহ’ল৷ খেলৰ সময়ত মই আঘাতৰ সন্মুখীন হৈছিলোঁ৷ মই এতিয়া এনেকুৱা অনুভৱ কৰিছোঁ যে মোৰ শৰীৰ ভগা নাই, কিন্তু মোৰ মনহে ভাগি পৰিছে৷ পুনৰ কেতিয়া মল্লযুঁজলৈ প্রত্যাৱর্তন কৰিম, তাৰ কোনো নিশ্চয়তা নাই৷ হয়তো নকৰিবও পাৰো’– মল্লযুঁজাৰুগৰাকীয়ে এইদৰে কয়৷

ইফালে, বিগত ১৪ মাহত দুবাৰকৈ ক’ভিড পজিটিভ হোৱাৰ বাবে অলিম্পিকৰ প্রস্তুতিত তেওঁ যথেষ্ট বাধাৰ সন্মুখীন হৈছিল বুলিও ফ’গাটে জানিবলৈ দিয়ে৷ তেওঁ পুনৰ কয় যে অলিম্পিকত অংশ লোৱাৰ সময়ত তেওঁৰ মানসিক স্থিতি সঠিক নাছিল৷ টকিঅ’ অলিম্পিকত অনুশাসন ভংগ কৰাৰ অভিযোগত ভিনেশক শেহতীয়াকৈ ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনে সাময়িকভাৱে নিলম্বন কৰিছে৷ ফেডাৰেচনে তেওঁক অনুশাসন ভংগৰ কাৰণ ব্যাখ্যা কৰিবলৈ অহা ১৬ আগষ্টলৈ সময় বান্ধি দিছে৷

You might also like