নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ খৰচ–পাতি ৰোধ কৰাত যত্ন লওক৷ প্রাপ্য ধন হ’লেও সময়ত হাতলৈ নহাত আহুকালত পৰিব৷ বিদ্যাত বেয়া নহয়৷ প্রেমত বাধা আছে৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃষঃ মনটো দুর্বল থাকিলেও দুই–এটা দিশৰ পৰা অনুকূল ফল লাভ কৰিব৷ প্রেম–প্রীতিত মধ্যম৷ কর্মস্থানত বাধা কম৷ স্বাস্থ্যও মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
মিথুনঃ মনৰ অৱস্থা মধ্যম৷ আশা কৰা কোনো যোগাযোগৰ উন্নতি নেদেখিব পাৰে৷ বিদ্যাত যত্ন থকাটো উন্নত৷ আর্থিক ক্ষেত্রত মজলীয়া৷ কর্মত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
কর্কটঃ ঃ অনাহক কথাকো কোনো মুহূর্তত হক কথা বুলি ভাবি অস্থিৰ হ’ব৷ সতীর্থৰ ধৰণ–কৰণ, কথা–বতৰাৰ প্রতি সজাগ থকাটো ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
সিংহঃ মাজে মাজে অত্যন্ত নিৰাশাত ভোগাসকলৰ কোনোৱে আশাৰ পোহৰ দেখিব পাৰে৷ যোৱা দুই–তিনি দিনৰ তুলনাত আপোনাৰ চেষ্টা সংযোগত উন্নতি হ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
কন্যাঃ কর্মক্ষমসকলে অসুবিধাৰ মাজেৰেও অগ্রগতি কৰিব পাৰিব৷ দাম্পত্যতো চিন্তা এৰাব নোৱাৰিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷
তুলাঃ আহুকাল কিছু নিষ্প্রভ হ’লেও দুই–এটা সংঘাত এৰাব পৰা টান৷ আর্থিক চিন্তাৰ মাজতে কিছু অনুকূল যোগাযোগ থাকিব৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ২৷
বৃশ্চিকঃ আজি আপোনাৰ চেষ্টা বা যত্ন কিছু কামত আহিব৷ অপেক্ষাৰত কাৰোবাৰ সুসংবাদ লাভ৷ দাম্পত্যত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
ধনুঃ প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ নতুন আশা দেখি উৎসাহিত সামান্য হ’লেও হ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷
মকৰঃ অস্থিৰ চিন্তাৰ মাজত হঠাৎ পৰিব পাৰে৷ তেনে সন্তানৰ বাবে প্রস্তুত থাকিলে কোনো মনোকষ্টৰ পৰা উদ্ধাৰ পাব৷ বিদ্যার্থীৰ বাবে সাধাৰণ চিন্তা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
কুম্ভঃ কর্মক্ষেত্রত জটিলতা কিছু হ্রাস অনুভৱ৷ আপোনাৰ দূৰদর্শী চিন্তাৰ বাবে সম্ভাব্য কোনো আহুকাল নাপাব৷ মনলৈ দৃঢ়তা আনক৷ পঢ়াত মধ্যম৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷
মীনঃ শৰীৰ বা মনৰ সংঘাত দেখা যায়৷ কিছুমান পূর্বৰ কথাৰ বাবে অংক মিলাব পৰাটো কষ্ট হ’ব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

You might also like