নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ৰ নেতৃত্ব এৰিব বিৰাট কোহলিয়ে

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ অক্টোবৰ–নৱেম্বৰত ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপত বিৰাট কোহলিক অধিনায়কৰ ৰূপত অন্তিমবাৰৰ বাবে দেখিবলৈ পোৱা যাব৷ মেগা ইভেণ্টখনৰ পিছতে তেওঁ টি–২০ৰ নেতৃত্ব ত্যাগ কৰিব বুলি তাৰকাগৰাকীয়ে  ঘোষণা কৰে৷

অৱশ্যে এদিনীয়া আৰু টেষ্ট ক্রিকেটত কোহলিয়ে ভাৰতক নেতৃত্ব দি যাব৷ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী আৰু জ্যেষ্ঠ সতীর্থ ৰোহিত শর্মাৰ সৈতে আলোচনাৰ অন্তত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷

বৃহস্পতিবাৰে সন্ধিয়া ছ’চিয়েল মিডিয়াত এক বিবৃতি প্রকাশ কৰি কোহলিয়ে কয় যে অত্যধিক কামৰ বোজাৰ প্রতি লক্ষ্য ৰাখি তেওঁ সমাগত টি–২০ বিশ্বকাপৰ পিছতে ভাৰতীয় টি–২০ দলৰ নেতৃত্বৰ পৰা অব্যাহতি ল’ব৷ ‘ভাৰতক প্রতিনিধিত্ব কৰাৰ লগতে ভাৰতীয় ক্রিকেট দলক নেতৃত্ব দিবলৈ পাই মই অত্যন্ত সৌভাগ্যৱান অনুভৱ কৰিছোঁ৷ ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক হিচাপে মোৰ যাত্রাকালত সহযোগিতা আগবঢ়োৱা প্রতিগৰাকী ব্যক্তিক অশেষ ধন্যবাদ জনাইছোঁ৷ দলীয় সতীর্থ, ছাপ’ৰ্ট ষ্টাফৰ সদস্য, নির্বাচক কমিটী, প্রশিক্ষকসকলৰ সহযোগিতা অবিহনে মই টীম ইণ্ডিয়াক নেতৃত্ব দিয়াটো সম্ভৱ নহ’লহেঁতেন৷ যোৱা ৮–৯ বছৰ ধৰি ক্রিকেটৰ আটাইকেইটা সংস্কৰণ খেলি থকা আৰু যোৱা ৫–৬ বছৰ ধৰি নিয়মীয়াকৈ দলক নেতৃত্ব দি থকাত মোৰ কামৰ বোজা যথেষ্ট বৃদ্ধি পাইছে৷ সেয়ে এতিয়াৰে পৰা মই ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলকহে নেতৃত্ব দিম৷ টি–২০ত বেটছমেন হিচাপে মই উৎকৃষ্ট প্রদর্শন দাঙি ধৰাৰ প্রয়াস কৰিম৷’– কোহলিয়ে বিবৃতিত এইদৰে কয়৷

টি–২০ৰ অধিনায়ক হিচাপে তেওঁ দলৰ সফলতাৰ বাবে সর্বস্ব উজাৰি দিছিল বুলিও তাৰকা বেটছমেনগৰাকীয়ে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে টি–২০ বিশ্বকাপৰ পিছতে কোহলিয়ে টি–২০ আৰু এদিনীয়াৰ নেতৃত্ব ৰোহিত শর্মাৰ হাতত অর্পণ কৰিব বুলি শেহতীয়াকৈ ব্যাপক চর্চা চলি আছিল৷ ইয়াৰ মাজতে অধিনায়ক কোহলিয়ে সকলোকে আচৰিত কৰি টি–২০ৰ নেতৃত্ব ত্যাগ কৰে৷ এই সিদ্ধান্ত তেওঁ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহক অৱগত কৰিছে বুলি কোহলিয়ে জানিবলৈ দিয়ে৷

২০১৭ত এম এছ ধোনীৰ পৰা নেতৃত্বৰ দায়িত্ব গ্রহণ কৰা তাৰকাগৰাকীৰ নেতৃত্বত ভাৰতে ৪৫খন টি–২০ৰ ২৯খনত জয় সাব্যস্ত কৰাৰ বিপৰীতে ১৪খনত পৰাজয়ৰ সন্মুখীন হৈছে৷ তেওঁৰ স্থানত তাৰকা অ’পেনাৰ ৰোহিত শর্মাই টি–২০ত ভাৰতক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে৷ কোহলিৰ নেতৃত্বত ভাৰতে সমাগত টি–২০ বিশ্বকাপত অহা ২৪ অক্টোবৰত অভিযান আৰম্ভ কৰিব৷

উল্লেখ্য যে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ দ্বিতীয় লেগত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুক নেতৃত্ব দিবলৈ সম্প্রতি সাজু হৈছে অধিনায়ক কোহলি৷

You might also like