নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰেন্দ্র প্রসাদ বৈশ্যক অসম অলিম্পিকৰ সম্বর্ধনা

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ চেফ ডে মিছনৰ দৰে গুৰুত্বপূর্ণ দায়িত্ব পালন কৰা ভাৰতীয় ভাৰোত্তোলন সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যক অসম অলিম্পিক সন্থাই বৃহস্পতিবাৰে বিপুল সম্বর্ধনা জনায়৷

অলিম্পিক সন্থাৰ সভাকক্ষত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে আন বিষয়ববীয়াসকলে সম্বর্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানত সাংসদ তথা বিশিষ্ট ক্রীড়া সংগঠক বীৰেন্দ্র প্রসাদ বৈশ্যই কয় যে ভাৰতীয় টেবুল টেনিছ সন্থাৰ শীর্ষ পদত থকাৰ পিছতো তেওঁ ২০০৯ চনত নিষ্প্রভ হৈ থকা ভাৰতীয় ভাৰোত্তোলন সন্থাৰ দায়িত্ব চম্ভালি লৈছিল৷

ইয়াৰ পিছতে ভাৰতীয় ভাৰোত্তোলন সন্থাই ক্রমশঃ ঠন ধৰি উঠে আৰু আন্তঃৰাষ্ট্রীয় ভাৰোত্তোলন ফেডাৰেচনৰ ক্লীনচিট লাভ কৰিবলৈ সক্ষম হয়৷ অনুষ্ঠানত ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব হেমন্ত কুমাৰ কলিতা, অসম অলিম্পিক সন্থাৰ মিডিয়া কমিটীৰ অধ্যক্ষ ৰাজীৱ প্রকাশ বৰুৱা আৰু জ্যেষ্ঠ ক্রীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাই ভাষণ আগবঢ়ায়৷ অসম অলিম্পিকৰ লগতে অসম ভাৰোত্তোলন সন্থা আৰু আন বহুকেইটা ৰাজ্যিক ক্রীড়া সন্থাই বৈশ্যক সম্বর্ধনা জনায়৷

You might also like