নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালদ্বীপত কোৱাৰেণ্টাইনৰ সময়ত বাৰত মাৰপিটত লিপ্ত ৱার্নাৰ–শ্লেটাৰ

নিয়মীয়া বাৰ্তা, ১০ মে: সম্প্রতি মালদ্বীপত কোৱাৰেণ্টাইনত থকা অষ্ট্রেলিয়ান ক্রিকেট দলটোৰ বিস্ফোৰক বেটছমেন ডেভিদ ৱার্নাৰ আৰু প্রাক্তন খেলুৱৈ মাইকেল শ্লেটাৰৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ অৱশ্যে ৱার্নাৰ আৰু শ্লেটাৰে এই মাৰপিটৰ ঘটনাটোৰ খবৰ সম্পূর্ণ মিছা বুলি উল্লেখ কৰিছে৷ এখন সংবাদ প্রতিষ্ঠানে সদৰী কৰা মতে, আই পি এলত অংশগ্রহণ কৰা অষ্ট্রেলিয়াৰ খেলুৱৈ আৰু ছাপ’ট ষ্টাফ সম্প্রতি মালদ্বীপৰ তাজ কেৰল ৰিছ’টত কোৱাৰেণ্টাইনত আছে৷ তাজ কেৰল ৰিছ’টৰ এখন বাৰত ডেভিদ ৱার্নাৰ আৰু মাইকেল শ্লেটাৰৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়৷

অৱশ্যে দুয়োগৰাকীৰ মাজত কি সন্দর্ভত মাৰপিটৰ ঘটনাটো সংঘটিত হৈছিল সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ সংবাদ প্রতিষ্ঠানখনত এই মাৰপিটৰ ঘটনাটো প্রকাশ পোৱাৰ পিছতে ৱার্নাৰ আৰু শ্লেটাৰে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে দুয়োৰে মাজত কোনোধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হোৱা নাই৷ এইটো সম্পূর্ণ মিছা কথা৷ আমি দুয়োগৰাকী ভাল বন্ধু৷ গতিকে দুয়োৰে মাজত কাজিয়া লগাৰ প্রশ্ণই নুঠে৷

You might also like