নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি এছ কে খিতাপৰ প্রবল দাবীদাৰ: ৱাটছন

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱে চেন্নাই ছুপাৰ কিংছৰ শিবিৰক জোকাৰি গ’লেও আগন্তুক আই পি এলত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটো খিতাপৰ প্রবল দাবীদাৰ৷ বিশ্বমানৰ নেতৃত্ব আৰু অভিজ্ঞতাৰে সমৃদ্ধ দলটোৱে যিকোনো জটিল পৰিস্থিতিত উন্নত প্রদর্শন দাঙি ধৰিব পৰাকৈ পাকৈত হৈ উঠিছে৷

আই পি এললৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত এই কথা প্রকাশ কৰিছে চেন্নাই ছুপাৰ কিংছৰ অভিজ্ঞ অলৰাউণ্ডাৰ শ্বেন ৱাটছনে৷ ইউ টিউবৰ এক অনুষ্ঠানত অষ্ট্রেলিয়াৰ তাৰকাগৰাকীয়ে কয় যে চি এছ কেৰ অধিকাংশ খেলুৱৈ অভিজ্ঞ আৰু তেওঁলোকে চাপৰ সময়তো নিজৰ উন্নত খেল দেখুৱাব পাৰে৷ ‘কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈৰে সমৃদ্ধ চি এছ কেৰ শিবিৰ সদায় আত্মবিশ্বাসেৰে ভৰা৷ কোনো আতংকই আমাৰ মনোবল ভাঙিব নোৱাৰে৷

ধোনীৰ দৰে শক্তিশালী অধিনায়কৰ তত্ত্বাৱধানত দলটো প্রতিবাৰৰ দৰে এইবাৰো খিতাপৰ প্রবল দাবীদাৰ৷ চাপৰ সময়ত পৰিকল্পনা অনুসৰি খেলপথাৰত উন্নত প্রদর্শন দাঙি ধৰিব পৰাকৈ চি এছ কেৰ সৈতে আছে কেইবাগৰাকীও অভিজ্ঞ তাৰকা৷ সেয়ে আমি এইবাৰৰ আই পি এলক লৈ যথেষ্ট আত্মবিশ্বাসী৷’ –ৱাটছনে এইদৰে কয়৷

You might also like