নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনোত্তৰ ভাৰতৰ সৰ্ববৃহৎ মীন আঁচনি ‘পিএমএমএছৱাই’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

ৱেবকাষ্টত অংশগ্ৰণ কৰিলে অসমৰ ১০ সহস্ৰাধিক মৎস্য উৎপাদকে

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ছেপ্টেম্বৰত ‘প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা’ চমুকৈ পিএমএমএছৱাই আঁচনিৰ শুভ উদ্বোধন কৰে৷ ৱেবকাষ্টৰ জৰিয়তে এই আঁচনি ২১খন ৰাজ্যৰ কৃষকৰ বাবে মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ আঁচনিখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আগন্তুক ৪-৫ বছৰত এই আঁচনিযোগে ২০,০৫০ কোটি টকা খৰছ কৰা হ’ব। নিজৰ ভাষণত মোদীয়ে আত্মনিৰ্ভৰ ভাৰত গঢ়াত আঁচনিখন সহায়ক হ’ব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে মৎস্য খণ্ডৰ জৰিয়তে দেশৰ অৰ্থনীতিলৈ আৰম্ভণিৰে পৰা গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই অহা অসমে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰতে ‘প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা’ৰ অধীনত আৰু অধিক আগুৱাই যাবলৈ সমৰ্থ হ’ব। ৰাজ্য চৰকাৰে ‘প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা’ৰ অধীনত ১০২১৯৪.৩২৮ লাখ টকাৰ অনুমোদন বিচাৰি ইতিমধ্যে একশ্যন প্লেন কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে আঁচনিখনে মৎস্য উৎপাদনকাৰীসকলক নতুন আন্তঃগাথনি নিৰ্মাণ, অত্যাধুনিক সা-সঁজুলি আৰু নতুন বজাৰ লাভত সহায় কৰাৰ লগতে আন একাধিক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। স্বাধীনতাৰ পিছত ভাৰতত মৎস্য খণ্ডত ৰূপায়ণ কৰিবলৈ ওলোৱা এইখনেই সৰ্ববৃহৎ আঁচনি বুলিও সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত অনলাইনযোগে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মীন আৰু পশুপালন মন্ত্ৰী গিৰিৰাজ সিং, বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী সঞ্জীৱ বালায়ন, বিভাগটোৰ সচিব ডঃ ৰাজীৱ ৰঞ্জনৰ লগতে ৰাজ্যসমূহৰ প্ৰতিনিধিবৰ্গই।

অসমৰ হৈ এই ৱেবকাষ্টত অংশগ্ৰহণ কৰে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে।  এই অনলাইন উদ্বোধনী অনুষ্ঠানত মীন বিভাগৰ সমূহ বিষয়া আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ লগতে অসমৰ প্ৰতিখন জিলাৰ পৰা অতিকমেও ১০ হাজাৰৰো মৎস্য উৎপাদনকাৰীয়ে অংশগ্ৰহণ কৰে।

You might also like