নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ বিগ বাছ লীগত খেলাৰ ইচ্ছা যুৱৰাজৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ ভাৰতৰ একালৰ ষ্টাইলিছ বাঁওহতীয়া বেটছমেন যুৱৰাজ সিঙক অহা বর্ষৰ বিগ বাছ ক্রিকেট লীগত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ ৩৮ বছৰীয়া ক্রিকেটাৰগৰাকীৰ ব্যক্তিগত মেনেজাৰে ইতিমধ্যে এই সন্দর্ভত ক্রিকেট অষ্ট্রেলিয়াৰ সৈতে কথা–বতৰা চলাই আছে৷ অষ্ট্রেলিয়াৰ আগশাৰীৰ সংবাদ পত্র ‘ছিডনী মর্নিং হেৰল্ড’ত প্রকাশিত এটা বাতৰি অনুসৰি যুৱৰাজক নিজৰ পছন্দৰ দল এটা বাছনি কৰাৰ ক্ষেত্রত ক্রিকেট অষ্ট্রেলিয়াই সহযোগিতা আগবঢ়াইছে৷

উল্লেখ্য যে বিগত বর্ষত আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা তাৰকা বেটছমেনগৰাকীয়ে বিদেশী ক্রিকেট লীগত খেলাৰ আগ্রহ প্রকাশ কৰিছিল৷ ইয়াৰ পূর্বে তেওঁক টৰণ্টোত অনুষ্ঠিত কানাডা টি–২০ লীগত দেখিবলৈ পোৱা গৈছিল৷ ২০১১ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম সদস্য যুৱৰাজে ২০১৭ত ভাৰতৰ হৈ অন্তিমখন মেচ খেলিছিল৷ বাঁওহতীয়া বেটছমেনগৰাকীয়ে ৩০৪খন এদিনীয়াত ৮৭০১ ৰান সংগ্রহ কৰাৰ লগতে ১১১টা উইকেট দখল কৰিছিল৷

ইফালে, অষ্ট্রেলিয়ান ক্রিকেটার্ছ সন্থাৰ সভাপতি তথা দেশখনৰ প্রাক্তন ক্রিকেটাৰ শ্বেন ৱাটছনে বিগ বাছ ক্রিকেট লীগত ভাৰতীয় খেলুৱৈৰ অন্তর্ভুক্তিক আদৰণি জনাইছে৷ মন কৰিবলগীয়া যে এইপর্যন্ত কোনো ভাৰতীয় পুৰুষ ক্রিকেটাৰে বিগ বাছ লীগত খেলা নাই৷

You might also like