নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ প্রস্তুতিৰ বুজ ল’বলৈ ডুবাইত উপস্থিত সৌৰভ গাংগুলী

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ ডুবাইত ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোৰ আয়োজনৰ সন্দর্ভত বুজ লোৱাৰ উদ্দেশ্যে কালি ডুবাইত উপস্থিত হয় বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী৷

ডুবাইত জৈৱ সুৰক্ষিত আৱেষ্টনীত হ’বলগীয়া বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ প্রস্তুতি কেনেদৰে চলিছে, আৰু খেলুৱৈসকলৰ স্বাস্থ্যৰ প্রতি কি ধৰণে যত্ন লোৱা হৈছে, সেই সন্দর্ভত বুজ লোৱাৰ উদ্দেশ্যে গাংগুলীয়ে কালি ডুবাইত উপস্থিত হয়৷

You might also like