নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় শক্তিশালী মুদ্রা

      যোগেশ কলিতা

 

দেশ এখনৰ মুখ্য চালিকা শক্তি বিত্ত৷ অর্থাৎ এখন দেশ কেতিয়াও অর্থ অবিহনে চলাটো অসম্ভৱ৷ বর্তমান বিশ্বত প্রায় ২০০খন দেশত মুদ্রাৰ প্রচলন আছে৷ পিছে এই প্রতিখন দেশত মুদ্রাৰ প্রচলন একে নহয় তথা মুদ্রাৰ ভিত্তিমূল্য একে নহয়৷ প্রায়কেইখন সৰু দেশত মুদ্রাৰ ভিত্তিমূল্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নহয় যদিও আন্তঃৰাষ্ট্রীয় স্থিতিত বিশেষভাৱে কেইখনমান দেশৰ মুদ্রা তথা মুদ্রাৰ ভিত্তিমূল্যক বিশেষভাৱে অগ্রাধিকাৰ দিয়া হয়৷ কিয়নো বিশ্বৰ বিশেষভাৱে মূল্যায়ক মুদ্রাৰ এই দেশকেইখনৰ ওপৰতে বিভিন্ন ধৰণৰ চুক্তি কৰা হয়৷ সেয়ে ইয়াৰ গ্রহণযোগ্যতা বেছি৷

               বিশ্বৰ আটাইকেইখন দেশৰ মুদ্রাৰ আলোচনা নকৰি বেছি ভিত্তিমূল্যৰ কেইখনমান দেশৰ মুদ্রাৰ বিষয়ে আলোচনা কৰা হ’ল৷ অন্যতম বেছি তথা ভিত্তিমূল্যৰ দেশৰ ভিতৰত ১০খন হ’ল ক্রমে আমেৰিকা, ইউৰোপ, জাপান, ইংলেণ্ড, অষ্ট্রেলিয়া, কানাডা, ফ্রান্স, চীন, ছুইডেন আৰু নিউজিলেণ্ড৷
আমেৰিকা যুক্তৰাষ্ট্রীয় ব্যৱস্থাৰ চৰকাৰী মুদ্রা হৈছে ইউ এছ ডলাৰ৷ আন্তঃৰাষ্ট্রীয় গোলকীয় মঞ্চত বিশ্বৰ সর্বোত্তম শ্রেষ্ঠ মুদ্রা হিচাপে ইউ এছ ডলাৰ স্বীকৃত৷ আজিৰ তাৰিখত প্রতিদিনে গড়ে ২.২ ট্রিলিয়ন আমেৰিকান ডলাৰ গণনা কৰা হয়৷ বাণিজ্যিক ক্ষেত্রখনত আমেৰিকাৰ অর্থনৈতিক আৰু ব্যৱসায়ৰ ক্ষেত্রত পাৱাৰ হাউছ হিচাপে খ্যাত৷ বিপৰীতে আমেৰিকান ডলাৰ হৈছে বিশ্বৰ ৰিজার্ভ কাৰেঞ্চী, যাক চেণ্ড্রেল–কমার্চিয়েল বেংকে আন্তঃৰাষ্ট্রীয় সালসলনি তথা বিনিয়োগৰ বাবে ব্যৱহাৰ কৰে, যাৰ বাবে আন্তঃৰাষ্ট্রীয় মুদ্রাৰ ৬৩ শতাংশ আমেৰিকাই ব্যৱহাৰ কৰে৷ আনহাতে, যদিও আমেৰিকান ডলাৰৰ বাণিজ্যিক ক্ষেত্রত কিবা প্রকাৰে ক্ষতিগ্রস্ত হয়, তেন্তে ইকুৱেডৰ, পানামা আৰু ছালভালৰৰ লগত সংযুক্ত কৰা হয়৷

              ইউৰোপিয়ান সংঘৰ চৰকাৰী স্বীকৃত মুদ্রা হৈছে ইউৰো৷ বিশ্বৰ দ্বিতীয় বাণিজ্যিকভাৱে শ্রেষ্ঠ মুদ্রা ই৷ যিয়ে প্রতিদিনে ৪০০ মিলিয়ন ডলাৰৰ ব্যৱসায় কৰে৷ ইয়াক কার্যকৰী কৰে ইউৰোপিয়ান চেণ্ড্রেল বেংকে৷ ইউৰোৱে ইউৰোপীয়ান সংঘৰ প্রায় ১৯–২৮খন দেশ সামৰি লয়৷ লগতে গ্রেট ব্রিটেইন আৰু ডেনমার্কেও মুদ্রাৰ নির্ধাৰণ কৰে মাষ্ট্রিক পদ্ধতিৰে৷ বিত্তীয় বর্ষত যদিহে কিবা প্রকাৰে ই ক্ষতিগ্রস্ত হয়, তেন্তে ই চি বিৰ সভা, জি ডি পিৰ বিবৃতি, নিয়োগৰ তথ্যৰ সংযুক্তকৰণেৰে সমাধান কৰে৷ প্রায় ৫৫০ মিলিয়ন আমেৰিকান ডলাৰেৰে বিশ্বৰ মুদ্রা বজাৰত তৃতীয় স্থান আছে জাপানিজ য়েন৷ ইয়াৰ মুখ্য ৰাষ্ট্রীয়কৃত বেংক হৈছে বেংক অৱ জাপান৷ গাড়ী–মটৰ নির্মাণ তথা আন উৎপাদনশীল ক্ষেত্রৰ বাবে খ্যাত জাপানত আগবঢ়া বাবে নির্ভৰশীল আৰু শক্তিশালী মুদ্রা হ’ল য়েন৷ জাপান হৈছে বিশ্বৰ সর্বশ্রেষ্ঠ তেল ৰপ্তানি কৰা দেশ৷

           ইংলেণ্ডৰ স্বীকৃত মুদ্রা হৈছে পাউণ্ড ষ্টেৰলিং৷ গোলকীয় ক্ষেত্রত চতুর্থ শক্তিশালী মুদ্রা হিচাপে ই স্বীকৃত আৰু ইয়াৰ প্রতিদিনে ৩২৫ মিলিয়ন আমেৰিকান ডলাৰৰ ব্যৱসায় হয়৷ বেংক অৱ ইংলেণ্ডৰ তত্ত্বাৱধানত চলা ইয়াৰ বিনিয়োগো ইংলেণ্ডৰ বাবে গুৰুত্বপূর্ণ৷ অষ্ট্রেলিয়াৰ কার্যালয়কৃত মুদ্রা অষ্ট্রেলিয়া ডলাৰ যিটো গোলকীয় মঞ্চৰ পঞ্চম শক্তিশালী মুদ্রা৷ ইয়াক ৰিজার্ভ বেংক অৱ অষ্ট্রেলিয়াই নিয়ন্ত্রণ কৰে৷ মন কৰিবলগীয়া যে অষ্ট্রেলিয়া হৈছে কয়লা, আইৰন, কপাৰৰ আমদানিকৃত দেশ৷ লগতে তেলো আছে৷

             আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত ষষ্ঠ শক্তি মুদ্রা হচাপে প্রচলিত কানাডিয়ান ডলাৰ৷ ইয়াৰ নিয়ন্ত্রণ বেংক অৱ কানাডাৰ হাতত ন্যস্ত৷ কানাডা হৈছে আমেৰিকাৰ মূল্য ব্যৱসায়িক বন্ধু৷ ৭৫ শতাংশ আমদানি তথা ৫০ শতাংশ ৰপ্তানি কানাডাই আমেৰিকাৰ লগত কৰে৷ গতিকে আমেৰিকাৰ অথনৈতিক পৰিৱর্তন তথা মুদ্রামূল্যৰ ওপৰত কানাডা বহু পৰিমাণে নির্ভৰশীল৷ ফ্রান্সৰ স্বীকৃত মুদ্রা হৈছে ছুইছ, ফ্রান্স৷ যিটো আন্তঃৰাষ্ট্রীয় ক্ষেত্রত সপ্তম শক্তিশালী৷ ইয়াক কার্যকৰী কৰে ছুইছ নেচনেল বেংকে৷ যিহেতু ইউৰোপিয়ান দেশৰ মাজত ইয়াৰ ঘাইকৈ আমদানি–ৰপ্তানি ব্যৱসায়িক ক্ষেত্রত হয়, গতিকে ইয়াৰ বজাৰখনৰ ওপৰত ইয়াৰ গুৰুত্ব লক্ষণীয়৷ ৰিপাব্লিক চীনৰ চৰকাৰী স্বীকৃতি মুদ্রা হৈছে য়ুয়ান৷ যিটো অষ্টম শক্তিশালী মুদ্রা হিচাপে স্বীকৃত৷ বেংক অৱ চীনৰ তত্ত্বাৱধানত ই চলে৷ ব্যৱসায়িক ক্ষেত্রত ছুইডেনৰ স্বীকৃত মুদ্রা হৈছে ছুইডিছ ক্র’না, যিটো নৱম শক্তিশালী মুদ্রা৷ ইয়াক ছেৰিগেজ ৰিকছ বেংকে চলায়৷ আনহাতে দশম শক্তিশালী মুদ্রাৰ শাৰীত আছে নিউজিলেণ্ড ডলাৰ৷ ইয়াৰ নিয়ন্ত্রণ আছে ৰিজার্ভ বেংক অৱ নিউজিলেণ্ডৰ হাতত৷

            উল্লেখ্য যে এই শক্তিশালী মুদ্রাসমূহক সংক্ষেপে উচ্চাৰণ কৰা হয়, যাৰ বাবে ইয়াক বুজাৰ সুবিধা হয়৷ সেই হিচাপে আমেৰিকান ডলাৰকUSD, ইউৰো EUR, জাপানিজ য়েনJPY, পাউণ্ড ষ্টেৰলিঙকGBP, অষ্ট্রেলিয়ান ডলাৰকAUD, কানাডিয়ান ডলাৰকCAD , ছুইছ ফ্লেন্সকCHF, চানইনিজ ৰেনমিনহিকCNH, ছুইডিছ ক্র’নাকSEK, আৰু নিউজিলেণ্ড ডলাৰকNZD বুলি কোৱা হয়৷
ভাৰতীয় ব্যৱসায়িক ক্ষেত্র তথা মুদ্রাৰ ভিত্তিমূল্যৰ ক্ষেত্রত আন্তঃৰাষ্ট্রীয় বজাৰৰ উত্থান–পতন জড়িত হৈ আছে যদিও ভাৰতীয় প্রতিটো টকাৰ মূল্য এনেধৰণৰ– এক ডলাৰ ৭২.১৮ টকা, ইউৰো ৭৯.১৯ টকা, পাউণ্ড ষ্টেৰলিং ৯২.৫৪ টকা, অষ্ট্রেলিয়ান ডলাৰ ৪৭.০৮ টকা, কানাডিয়ান ডলাৰ ৫৩.৮০ টকা, ছুইছ ফ্রান্স ৭৪.৮২ টকা, চাইনিজ ৰিনমিনহি ১০.৩২ টকা, ছুইডিছ ক্র’না ৭.৫১ টকা আৰু নিউজিলেণ্ড ডলাৰ ৪৫.১১ টকা৷ মুখ্যতঃ আমেৰিকান ডলাৰৰ উত্থান–পতনৰ লগত ভাৰতীয় টকাৰ বজাৰৰ লগতে ব্যৱসায়িক, অর্থনীতিক দিশবোৰ ঘাইকৈ জড়িত, কিয়নো আমেৰিকা ভাৰত উভয়ে ঘনিষ্ঠ ব্যৱসায়িক মিত্র৷

You might also like