আৰামী ৰে’ল
- শম্ভুতামাং
মহাৰাজা এক্সপ্রেছ
মহাৰাজা এক্সপ্রেছ আই আৰ চি টি চি(IRCTC) দ্বাৰা পৰিচালিত৷ মহাৰাজা এক্সপ্রেছ হ’ল ভাৰতৰ ব্যয়বহুল বিলাসী ৰে’ল৷ অক্টোবৰ আৰু এপ্রিল মাহৰ মাজভাগত এই ৰে’লৰ চলাচল হয় আৰু ই ১২টা গন্তব্য স্থানক সংযুক্ত কৰে, যিবোৰ ভিতৰত প্রায়বোৰ স্থানেই ৰাজস্থানত অৱস্থিত৷ এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে ডিলাক্স কেবিনৰ বাবে ব্যয় কৰিব লাগিব ৩,৮৫০ ডলাৰ, যাৰ ভাৰতীয় মূল্য প্রায় ২ লাখ ৮০ হাজাৰ৷ লগতে ৪ দিন ৩ ৰাতিৰ বাবে আপুনি যদিহে প্রেছিডেন্সিয়েল চ্যুট বুক কৰে, তেন্তে তাৰ মূল্য ১২,৯০০ ডলাৰলৈকে হয়৷ ছেপ্ঢেম্বৰ আৰু এপ্রিল মাহৰ মাজভাগত এই ৰে’লে ৫টা ভ্রমণ পথৰ প্রস্তাৱ দিয়ে আৰু তাৰ ফলত ৰয়েল ৰাজপৰিয়ালৰ সদস্যৰ সৈতে সম্ভৱতঃ পৰিচয়ৰ সুবিধাও হয় আৰু জয়পুৰৰ হাতীৰ প’ল’ খেল উপভোগৰ লগতে মন্দিৰৰ পৰিভ্রমণৰ সুবিধাও লাভ কৰিব পাৰে ৷
পেলেচ অন হুইলছ
ৰাজস্থানৰ ৰাজকীয় বংশৰ গৌৰৱ পেলেচ অন হুইলছ আৰু সঁচাকৈয়ে এক অভূতপূর্ব নিদর্শন, যি ৰাজস্থানৰ সম্পর্কে বহু তথ্যৰ ভঁৰালস্বৰূপ৷ ব্রিটিছ আমোলাৰ ৰাজকীয় ৰে’ল আৰম্ভ হয় ১৯৮২ চনত আৰু ৰাজকীয় বিলাসী আভ্যন্তৰীণ সাজসজ্জাৰে পৰিৱেশিত৷ ৰে’লখনৰ নির্মাণৰ ভেটি ৰাজস্থানৰ ৰাজকীয় পৰম্পৰাৰ ওপৰত৷ য’ত ৰজাঘৰীয়া পৰিয়ালৰ পূর্বৱর্তী সদস্যৰ বাবে ব্যক্তিগত স্থান দিয়া আছিল৷ ৰে’লখনে নতুন দিল্লীৰ পৰা যাত্রা আৰম্ভ কৰে আৰু পুনৰ দিল্লীলৈ ঘূৰি অহাৰ আগতে জয়পুৰ, সেৱাই মাধোপুৰ, চিট্টোৰগড়, উদয়পুৰ, জয়ছালমিৰ, যোধপুৰ, ভাৰতপুৰ আৰু আগ্রা পায়৷ আপুনি যদি এই ৰাজকীয় কোঠাৰ যাত্রাৰ অনুভৱ লোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে নিশ্চিত হওক যে আপোনাৰ প্রায় ৩,৬৩,৩০০ টকা ব্যয় হ’ব ৷
দ্য গোল্ডেন চেৰিয়ৎ
দক্ষিণ ভাৰতৰ লোকপ্রিয় স্থান কর্ণাটক ৰাজ্য ভ্রমণৰ বাবে এক বিলাসবহুল ৰে’ল দ্য গোল্ডেন চেৰিয়ৎ৷ যাত্রাপথত দ্য গোল্ডেন চেৰিয়তে সংলগ্ণ কৰে কর্ণাটক, গোৱা, কেৰালা, তামিলনাডু আৰু পণ্ডিচেৰী৷ দক্ষিণ ভাৰতৰ জনপ্রিয় স্থান কর্ণাটক ৰাজ্য ভ্রমণৰ বাবে এক বিলাসবহুল এই ৰে’লত ৭ ৰাতিৰ ভাৰা ১,৮২,০০০ টকা৷ সেউজীয়া প্রকৃতিৰ সৈতে নৈৰ আমেজ লৈ আগুৱাই গৈ ৰে’লখনে সঠিক দিশ নির্ণয় কৰে৷ ৰাজকীয়ভাৱে থকা–খোৱাৰ ব্যৱস্থা থকাৰ লগতে স্পা ড্রিটমেণ্ট সেৱা আগবঢ়োৱা হয় আৰু একোখন ৰেস্তোৰাঁ, বাৰ আৰু বহুতো সুবিধা প্রধান কৰিছে ৷
দ্য ডেক্কান ওডিছী
পেলেচ অন হুইলছৰ মডেলৰ আধাৰত এই ৰে’লে মহাৰাষ্ট্রলৈ অহা পর্যটকসকলক আকর্ষণীয় ৰূপত তুলি ধৰাৰ উদ্দেশ্যে উন্মোচন কৰা হয়৷ মুম্বাইৰ পৰা আৰম্ভ কৰি ১০খন জনপ্রিয় পর্যটনস্থলী সাঙুৰি লয়, য’ত আৰম্ভ হয় ৰত্নগিৰি, সিন্ধুদর্গ, গোৱা, ঔৰংগাবাদ, অজন্তা–ইলোৰা নাছিক, পুনে আদি স্থান পৰিভ্রমণৰ সুবিধা আছে৷ এনে যাত্রাৰ বাবে একোজন প্রাপ্তবয়স্ক ব্যক্তিৰ বাবে এটা ডিলাক্স কেবিনৰ বাবদ ব্যয় কৰিব লাগিব ৫,৮১০ টকা আৰু ৰাজকীয় কোঠাৰ বাবে ১২,৫৭৯ টকা ব্যয় কৰিব লাগিব ৷
ৰয়েল ৰাজস্থান অন হুইলছ
পেলেচ অন হুইলছৰ সফলতাৰ পিছত ভাৰতীয় ৰে’ল বিভাগে ২০০৯ চনত এই অত্যাধুনিক বিলাসবহুল ৰে’লৰ যাত্রা আৰম্ভ কৰে৷ ৰে’লখনৰ যাত্রা আৰম্ভ হয় সেই একেটা ৰে’লপথেৰে, যিটো পথত পেলেচ অন হুইলছ চলাচল কৰে৷ য’ত পর্যটকসকলক ৭ দিন আৰু ৮ ৰাতি ৰাজস্থান যাত্রা কৰায়৷ এই যাত্রাত তেওঁলোকে ৰাজস্থানৰ বিষয়ে অৱগত হয় আৰু এই ৰে’লৰ ভাৰা অন্যান্য বিলাসী ব্যয়বহুল ৰে’লৰ তুলনাত মূল্য কম৷ শ্বেয়াৰিং ডিলাক্স কেবিনৰ বাবে প্রতিজন ব্যক্তিৰ ব্যয় হ’ব ৬২৫ টকা৷