খোৱা টেবুলৰ শিষ্টাচাৰ
ভাত বা চাহ–জলপান খোৱা টেবুলৰ শিষ্টাচাৰ, যাক আমি ‘টেবুল মেনার্ছ’ বুলি কওঁ, কেৱল আলহী–তিথি থাকিলে যে পালন কৰিব লাগিব, তেনে নহয়৷ টেবুল মেনার্ছ পালনৰ নামত দামী টেবুল–চকীৰ লগত ধুনীয়া ধুনীয়া চামুচৰ ছেটৰো প্রয়োজন নাই৷ পৰিয়ালৰ সকলোৱে মিলি এখন টেবুলতে খাওঁতে কিছু নীতি–নিয়ম মানি চলিব লাগে৷
– আহাৰ খাওঁতে কেতিয়াও শব্দ কৰিব নালাগে৷ মুখখন ভর্তি কৰি মোকোৰা–মোকোৰে কেতিয়াও খাব নালাগে৷ দেখিবলৈবৰ দৃষ্টিকটু হয়৷ আহাৰ সদায় কমকৈ অথচ ভালকৈ চোবাই খাব লাগে৷ দেখাত ভাল লগাৰ লগতে এনেদৰে খোৱাটো স্বাস্থ্যসন্মত বিধি৷
– বহুতৰে অভ্যাস খাওঁতে উচ্চস্বৰে কথা কোৱাৰ৷ এনে কৰোঁতে কেতিয়াবা খোৱা খাদ্য মুখৰ পৰা ওলাই আহে৷ খাই থাকোঁতে ঢ়েকঢ়েকাই হঁহা অনুচিত৷
– এই কামটো কৰিবলৈ লাজ লাগিলেও কেতিয়াবা আইনা এখন সন্মুখত লৈ খাওকচোন৷ নিজৰ ভুলবোৰ চকুত পৰিব৷ তেতিয়া সেই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিব৷ খাই থাকোঁতে কাহ বা হাঁচি আহিব খুজিলে পৰাপক্ষত খোৱা টেবুলৰ পৰা আঁতৰি আহিব লাগে৷ আহাৰ খাওঁতে সাৱধান হ’ব যাতে লগত খোৱাসকল বিৰক্ত নহয়৷
– খোৱা টেবুলৰ কাষত মুখ ধোৱা বেচিন থাকিলে আনে খাই থকা অৱস্থাত খক্ খক্ কৰি মুখ ধুব নালাগে৷ যদি তেনেদৰেই মুখ ধোৱাৰ অভ্যাস আছে, তেন্তে সকলোৰে খোৱা হোৱালৈ বাট চাওক৷
– টেবুল মেনার্ছ ঘৰৰ সকলোৰে বাবে প্রযোজ্য কৰি তোলক৷ সৰু ল’ৰা–ছোৱালীকো এনে নিয়ম পালিবলৈ বাধ্য কৰাওক৷ বহু মাতৃয়ে সন্তানক খুৱাবলৈ কাঁহী–বাটি লৈ পিছে পিছে ঘূৰি ফুৰে৷ এনে কৰা অনুচিত৷ ছোফাত বহি খোৱা, বিছনাত বহি খোৱা অনুচিত৷ টিভি চাই খোৱাৰ অভ্যাস পৰিত্যাগ কৰিব৷
– পাকঘৰৰ বেচিনৰ কাম শেষ হৈ যোৱাৰ পিছত ভালদৰে ধুব৷ ৰন্ধা ষ্টোভত তেলৰ দাগ বহিলে এখন কাপোৰত কেৰাচিন তেল লগাই মচি দিয়ক৷ পাকঘৰৰ টাইল্ছ একে নিয়মেৰে চাফা কৰিব পাৰিব৷