নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ছুপাৰ ভিলেজ হুয়াক্সি : যাৰ প্রতিগৰাকী গাঁওবাসী কোটিপতি

প্রাণজিৎ ডেকা

ছুপাৰ ভিলেজ ৷ অর্থাৎ বিশেষত্বৰে ভৰা গাঁও এখন৷ গাঁওখনৰ নামৰ আগত যিহেতু ‘ছুপাৰ’ শব্দটো ব্যৱহাৰ হৈছে, গতিকে নিশ্চয় এই গ্রাম স্বকীয় বৈশিষ্ট্যতাৰে পৰিপূর্ণ হ’বই৷ সেয়া লাগিলে যোগাত্মকেই হওক অথবা ঋণাত্মকেই৷ গাঁও বুলি ক’লে সচৰাচৰ কেঁচা বাট–পথ, শোচনীয় যাতায়াত ব্যৱস্থা, শৈক্ষিক দিশত অনগ্রসৰতা, উদং খেতিপথাৰেৰে ভৰা, আর্থিকভাৱে পিছপৰা লোকসকল তথা তেওঁলোকৰ থকা জৰাজীর্ণ আৱাসেৰে ভৰা এক প্রতিচ্ছবি আমাৰ মনত ভাহি উঠে৷ এটা সময়লৈ এনে এক ধাৰণাই আমি মনৰ মাজত বছৰ বছৰ ধৰি কঢ়িয়াই লৈ ফুৰিছিলোঁ৷ পিছে পূর্বৰ তুলনাত দেশৰ গ্রামাঞ্চলৰ চেহেৰাৰ যথেষ্ট পৰিৱর্তন হ’ল৷ সেই আগৰ গ্রাম্য জীৱন আৰু এতিয়াৰ গাঁৱৰ চহা জীৱনৰ মাজত এক বৃহৎ তফাৎ আহি পৰিল৷ ক্রমান্বয়ে গাঁওসমূহো চহৰবোৰৰ দৰেই সমৃদ্ধিশালী হ’বলৈ ধৰিলে৷ তথাপি কিন্তু দেশৰ বহু গাঁও এতিয়াও সম্পূর্ণৰূপে বিকশিত হোৱা নাই তথা হ’বলৈ আৰু কেইবাবছৰো অপেক্ষা কৰিব লাগিব৷ পিছে গ্রাম্য জীৱনৰ যি প্রতিচ্ছবি আমাৰ মাজত সজীৱ হৈ আছে, তেনে এক ধাৰণা যদি এই উল্লেখ কৰিবলগীয়া গাঁওখনক লৈ কৰে, সেয়া সম্পূর্ণ বিভ্রান্তিকৰ হৈ পৰিব৷ আজিৰ লেখাটোত উল্লেখ কৰিব বিচৰা এই গাঁওখনৰ এক উপনাম হৈছে ছুপাৰ ভিলেজ৷ যি নামেৰেই এই গাঁওখন প্রখ্যাত৷ কিন্তু উল্লিখিত এই গাঁওখন আমাৰ দেশৰ নহয়, চুবুৰীয়া দেশ চীনৰহে৷ সমগ্র বিশ্বৰ ভিতৰতেই ধনাঢ়্য গাঁও হিচাপে চীনৰ এই বিশেষ গ্রামাঞ্চলটো প্রখ্যাত৷ অত্যাধুনিক সা–সুবিধাৰ উপৰি জীৱনযাত্রাৰ যি মান গাঁওবাসীৰ, সেয়া দেখিলে সকলো স্তম্ভিত হৈ পৰিব৷ বিশ্বৰ ধনাঢ়্য বহু চহৰক পিছ পেলাবলৈ সক্ষম হোৱা এই গাঁৱৰ প্রত্যেকজন লোকেই হৈছে কোটিপতি৷ আশ্চর্যচকিত নহ’ব, ৰ’ব আৰু আছে এই গাঁও সম্বন্ধে কেতবোৰ বিস্ময়কৰ বার্তা৷
চীনৰ জিয়াংশু প্রদেশৰ এই গাঁৱৰ নাম হৈছে হুয়াক্সি৷ এই গাঁওখনকেই বিশ্বৰ ধনী গাঁও বুলি দাবী কৰি অহা হৈছে৷ প্রায় ছয় দশক পূর্বেই এই হুয়াক্সি গাঁওখনো সেই একেই অন্য গ্রামাঞ্চলসমূহৰ দৰেই আছিল৷ অনুন্নত বাট–পথ, কেঁচা ঘৰকে আদি কৰি এক অনগ্রসৰ পৰিৱেশে বিৰাজ কৰি আহিছিল এই গাঁৱত৷ কিন্তু এই গাঁওকেই ন ৰূপ দিয়ে উ ৰেনবাওৰ নামৰ এগৰাকী ব্যক্তিয়ে৷ ১৯৬১ চনত গঢ়ি উঠা এই হুয়াক্সি গাঁৱৰ উন্নয়নৰ ক্ষেত্রত ৰেনবাৱে শিল্প বিপ্লৱৰ এক জাগৰণ আনে৷ ফলত গাঁৱত গঢ়ি উঠে তীখা উদ্যোগ, টেক্সটাইল প্রতিষ্ঠান, উন্নত কৃষি প্রযুক্তিকে ধৰি অনেক লেখত ল’বলগীয়া আগশাৰীৰ ঔদ্যোগিক কাৰখানা৷ এই প্রতিষ্ঠানসমূহেই হুয়াক্সি গাঁওবাসীৰ জীৱন ধাৰণৰ মান পিছলৈ সলনি কৰি পেলায়৷ তাৰ ফলত এসময়ত যিসকল লোকে কৃষিকার্য কৰি জীৱন নির্বাহ কৰি আহিছিল, তেওঁলোকৰ জীৱনলৈ আহে আমূল পৰিৱর্তন৷ সেইবাবেই আজি এই গাঁৱৰ সকলো লোকেই কোটিপতি৷ আৰামদায়ক ঐশ্বর্যশালী জীৱনত অভ্যস্ত তেওঁলোক৷


এটা কথা বিশ্বাস কৰিবনে? এই গাঁৱৰ প্রতিগৰাকী বাসিন্দাৰেই বেংক একাউণ্টত অতি কমেও ১ কোটি ৮ লাখ টকাকৈ সঞ্চিত জমা ধন আছে৷ ঠিক একেদৰেই আছে একোখনকৈ বিলাসী বাহন৷ তদুপৰি দুহাজাৰ আৱাসীৰে ভৰা এই গাঁৱৰ প্রত্যেক বাসিন্দাৰ বাবে স্থানীয় প্রশাসনে নির্মাণ কৰি দিছে অত্যাধুনিক সা–সুবিধাযুক্ত বিলাসবহুল বাসগৃহ৷ তদুপৰি যাতায়াতৰ বাবে দিছে অত্যাধুনিক যান–বাহন, বিনামূলীয়া স্বাস্থ্য সেৱা, শিক্ষা, খোৱা খাদ্য–সামগ্রী তথা সকলো প্রকাৰৰ বৈভৱশালী ব্যৱস্থা৷ ইফালে এই গ্রামত স্থাপিত কাৰখানাসমূহৰ শ্বেয়াৰ হ’ল্ডাৰ আকৌ তাৰেই অধিবাসীসকলহে৷ এই কাৰখানাসমূহৰ বার্ষিক লাভৰ এক পঞ্চমাংশ দিয়া হয় হুয়াক্সি গাঁৱৰ লোকসকলক৷ যাৰ বাবে গাঁৱৰ লোকসকলৰ জীৱনলৈ আহে আশা কৰা ধৰণে পৰিৱর্তন৷ আনহাতে এই হুয়াক্সিতে দুহাজাৰ গাঁওবাসীৰ উপৰি প্রায় ২০,৩৪৪ প্রবাসী শ্রমিক তথা তাৰ আশে–পাশে ২৮,২৪০ গৰাকী গ্রামবাসী আছে৷ অৱশ্যে গাঁওবাসীৰ ক্ষেত্রতো আছে কেতবোৰ কঠোৰ নিয়ম৷ সপ্তাহৰ প্রত্যেকটো দিনেই কর্মৰত হৈ থাকিব লাগিব এই কাৰখানাত৷ কোনোধৰণৰ ছুটী নাই তেওঁলোকৰ৷ গাঁৱত জুৱা, মাদক দ্রব্য সম্পূর্ণৰূপে নিষিদ্ধ৷ তথাপি হুয়াক্সিত বাস কৰা অধিবাসীসকলৰ মৰমৰ এই গাঁও৷ গাঁওখনৰ প্রতি অন্য লোকৰো আছে যথেষ্ট ঈর্ষা৷ কিয় জানেনে? এই গাঁৱতেই আছে পেৰিছৰ আইফেল টাৱাৰ, নিউয়র্কৰ ক্রাইছলাৰ বিল্ডিংতকৈ সুউচ্চ এক অট্টালিকা৷ এই গগণচুম্বী অট্টালিকা অর্থাৎ হোটেলখনৰ উচ্চতাই হৈছে ৩২৮ মিটাৰ৷ সেইদৰে গাঁৱত পর্যটকৰ বাবে নির্মাণ কৰা হৈছে আশ্চর্যকৰ থীম পার্ক৷ অষ্ট্রেলিয়াৰ ছিডনীৰ অপেৰা হাউছৰ প্রতিৰূপ৷ ‘দ্য গ্রেট ৱাল অৱ চাইনা’ অর্থাৎ চীনৰ প্রাচীৰৰ অনুৰূপ আর্হিৰ এক দেৱাল৷ ৱাশ্বিংটন ডিচিৰ ইউ এছ কেপিটেল হলৰ নমুনা৷ পেৰিছৰ প্রখ্যাত আর্ক দ্য ড্রায়ফ’ৰৰ প্রতিৰূপ আদি৷ এনে অনেক আকর্ষণীয় থীম পার্কৰ বাবেই সমগ্র বিশ্বৰেই আকর্ষণৰ কেন্দ্রস্থল চীনৰ এই গাঁওখন৷ একেদৰে আন এক কাৰণৰ বাবেও পর্যটকৰ এই হুয়াক্সি গাঁৱক লৈ আছে উৎসুকতা৷ সেয়া হৈছে এই গাঁৱৰ প্রতিটো ঘৰৰে আকাৰ আৰু নক্সা একেধৰণৰ৷ সেইবাবেই বাহিৰৰ পৰা দেখাত এই গাঁৱৰ এনে আৱাসসমূহক হোটেলসদৃশ দেখি৷ আনহাতে আন এক বৈশিষ্ট্য হৈছে– এই গাঁও যদি কোনোবাই পৰিত্যাগ কৰে, তেওঁৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰাৰ সম্পূর্ণ অধিকাৰ প্রশাসনৰ আছে৷ গাঁও ত্যাগ মানেই সকলোধৰণৰ সা–সুবিধা আৰু অর্থৰ পৰাও সেইসকল লোক সম্পূর্ণৰূপে বঞ্চিত৷


সেয়া যি কি নহওক, চীন দেশৰ এই সমৃদ্ধশালী গাঁওখনক অনুকৰণ হিচাপে ল’ব পাৰে সমগ্র বিশ্বৰেই পিছপৰা গ্রামাঞ্চলসমূহে৷ সমৃদ্ধিৰ বাটত আগবঢ়াৰ ক্ষেত্রত এই হুয়াক্সি গাঁৱক আদর্শ ৰূপে গ্রহণ কৰিব পাৰে৷ অদূৰ ভৱিষ্যতলৈ হুয়াক্সি গাঁৱৰ দৰেই অনেক গ্রামাঞ্চলেৰে সমগ্র বিশ্ব ভৰি পৰক৷ এইক্ষেত্রত আমাৰ ভাৰতবর্ষৰ দৰে উন্নয়নশীল দেশো পিছপৰি নৰওক৷আমাৰ দেশৰ পিছপৰা গ্রামাঞ্চলসমূহে চীনৰ এই কোটিপতীয়া গাঁৱক আদর্শ ৰূপে গ্রহণ কৰি সফলতাৰ বাটত উজলি উঠক৷

You might also like