বিজ্ঞাপন দেখি খাদ্য আৰু পানীয় নিকিনিব
বৃহৎ খাদ্য প্রস্তুতকাৰী কোম্পানীবোৰে তেওঁলোকে প্রস্তুত কৰা খাদ্য আৰু পানীয়ৰ প্রতি গ্রাহকক আকৃষ্ট কৰিবলৈ বহু টকা খৰচ কৰে, বিজ্ঞাপনৰ দ্বাৰা গ্রাহকক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হয় যে এনেকুৱা স্বাস্থ্যবর্ধক আহাৰ আৰু পানীয় খালে মানুহ শক্তিশালী, চিৰতৰুণ আৰু দীর্ঘজীৱী হয়৷ অতি আকর্ষণীয় ৰংচঙীয়া পেকেটত এই খাদ্য আৰু পানীয়বোৰ বজাৰত মুকলি কৰি দিয়া হয়৷ স্বাস্থ্য ভাল কৰাৰ লোভত মানুহেও সেইবোৰক বিনা বিচাৰে গো–গ্রাসে খায়৷