বিশ্বৰ বিলুপ্ত জনগোষ্ঠী
- জোনাকী কুর্মী
জাৰাৱাসকল হ’ল অস্তিত্বৰ সংকটত ভোগা আন্দামানৰ এটা লুপ্তপ্রায় জনগোষ্ঠী৷ শেহতীয়া জৰীপ মতে, আন্দামানত ২৪০জন জাৰাৱা জনগোষ্ঠীৰ মানুহ আছে৷ সভ্য সমাজৰ সংস্পর্শৰ পৰা আঁতৰি থকা হেতুকে জাৰাৱাসকলৰ সমাজ–সংস্কৃতিৰ বিষয়ে খুব কমেইহে জানিব পৰা গৈছে৷ স্থানীয় আকা–বিৰ ভাষাত জাৰাৱা মানে ‘বহিৰাগত’ বা ‘হিংসুক লোক’৷
আন্দামানৰ অন্যান্য স্থানীয় প্রাচীন জনগোষ্ঠীবোৰৰ দৰেই জাৰাৱাসকল দ্বীপটোত বহু হাজাৰ বছৰৰ পৰা বসবাস কৰি আহিছে৷ অনুমান কৰা হৈছে যে তেওঁলোকৰ পূর্বপুৰুষসকল ৭০ হাজাৰ বছৰৰ পূর্বে আফ্রিকাৰ পৰা প্রব্রজন কৰিছিল আৰু আফ্রিকাৰ পৰা বহিঃজগতলৈ এয়া প্রথম সফল মানৱ প্রব্রজন বুলি ভবা হৈছে৷ ১৯৯৮ চনৰ আগলৈকে তেওঁলোকে সভ্য সমাজৰ লগত দূৰত্ব বজাই ৰাখিছিল আৰু বাহিৰৰ জগতৰ লগত সংযোগ ৰাখিবলৈ অনীহা প্রকাশ কৰিছিল৷
জাৰাৱাসকল এতিয়াও খাদ্যৰ কাৰণে চিকাৰ আৰু সংগ্রহৰ ওপৰতে নির্ভৰশীল৷ জাৰাৱাসকলে ধনু আৰু কাঁডেৰে হাবিৰ গাহৰি, জীৱ–জন্তু আৰু মাছ চিকাৰ কৰে, মৌ আৰু গছৰ গুটি আদি সংগ্রহ কৰে৷ তেওঁলোকে ৪০–৫০ জনীয়া মানুহ দলবদ্ধ হৈ এটা যাযাবৰী জীৱন যাপন কৰে ৷
জাৰাৱাসকলৰ অস্তিত্বৰ প্রতি অহা বর্তমান আটাইতকৈ ডাঙৰ ভাবুকি হ’ল জাৰাৱাসকলৰ সংৰক্ষিত ভূমিত বাহিৰা মানুহৰ বেদখল৷ ১৯৭০ চনত ‘গ্রেট আন্দামান ড্রাংক ৰোড’ জাৰাৱাসকলৰ সংৰক্ষিত বাসভূমি হাবিৰ মাজেৰে নির্মাণ কৰাৰ পিছতেই তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হয় ৷
বাহিৰৰ মানুহৰ লগত সংস্পর্শৰ নথকাৰ ফলত আধুনিক ৰোগৰ প্রতিৰোধ ক্ষমতা নথকা জাৰাৱাসকলৰ মাজত ১৯৯৯ আৰু ২০০৬ চনত ‘সৰু আই’ বেমাৰৰ প্রাদুর্ভাৱ ঘটে৷ অৱশ্যে এই বেমাৰৰ ফলত জাৰাৱাসকলৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই ।
আন্দামানৰ পর্যটন উদ্যোগেও জাৰাৱাসকলৰ অস্তিত্বৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷ জাৰাৱাসকলৰ বাসভূমিক‘Human Zoo’ আৰু‘Human Safari’ হিচাপে ভাৰতীয় পর্যটন সংস্থাসমূহে ব্যৱহাৰ কৰি আহিছে ৷ ফলত তেওঁলোকৰ স্বাভাৱিক জীৱন প্রণালীত ব্যাঘাত ঘটিছে ৷
পর্যটকসকলে প্রায়েই জাৰাৱাসকলৰ প্রতি খাদ্য সামগ্রী দলিয়াই দি, তেওঁলোকক জন্তুৰ দৰে ব্যৱহাৰ কৰে ৷
২০০৮ চনৰ মার্চ মাহত আন্দামান নিকোবৰ প্রশাসনৰ পর্যটন বিভাগে‘Protection of Aboriginal Tribes Regulation–১৯৫৬’ আইনৰ অধীনত এক নির্দেশযোগে জাৰাৱাসকলৰ লগত যোগাযোগ কৰা, ফটো তোলা, তেওঁলোকৰ সংৰক্ষিত বাসভূমি অতিক্রম কৰোঁতে ৰাস্তাত গাডী ৰখোৱা, তেওঁলোকক গাডীত উঠোৱা আদি কার্য নিষিদ্ধ কৰে ৷
অভিযোগ মতে যদিও নিষিদ্ধ বেচৰকাৰী পর্যটন সংস্থাসমূহে চৰকাৰী নিষেধাজ্ঞাৰ প্রতি ভেঙুচালি কৰি আজিও প্রত্যেক দিনাই ৫০০জনীয়া পর্যটকক লৈ জাৰাৱাসকলক দেখুওৱাৰ উদ্দেশ্যে সংৰক্ষিত এলেকাৰ মাজেদি লৈ গৈ আছে আৰু পর্যটকসকলেও জাৰাৱাসকলক লগ কৰি ফটো আদিও তুলি আনে ৷
জাৰাৱাসকলৰ সংৰক্ষিত অঞ্চলত বহিৰাগতৰ অবাধ চলাচল আৰু বেদখলে লুপ্তপ্রায় জনগোষ্ঠীটোৰ অস্তিত্বৰ প্রতি চৰম ভাবুকিয়ে দেখা দিছে৷ বিশেষকৈ তেওঁলোকৰ সংৰক্ষিত বাসভূমিৰ মাজেৰে হাইৱে নির্মাণ কৰাত তেওঁলোকৰ ভূমিত ব্যৱসায়িক প্রতিষ্ঠান গঢ়ি উঠিছে, চোৰাং চিকাৰীয়ে আৰু কাঠ চোৰসকলে সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যলৈকে প্রৱেশ কৰিবলৈ লৈছে ৷
ফলত অদূৰ ভৱিষ্যতে খাদ্যৰ বাবে চিকাৰৰ ওপৰতে নির্ভৰশীল জনগোষ্ঠীটোৱে খাদ্য সংকটত পৰিব৷ বহিৰাগতসকলে জাৰাৱা মহিলাসকলক যৌন শোষণ কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ বহিৰাগতৰ লগত সংমিশ্রণে অস্তিত্বৰ সংকটত ভোগা জনগোষ্ঠীটোক আৰু অধিক সংকটৰ ফালে ঠেলি দিব৷ ভাৰত চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ নকৰিলে জাৰাৱা জনগোষ্ঠীটো হয়তো এদিন লুপ্ত হৈ যাব ৷
সময়ৰ সোঁতত বহুতো ক্ষুদ্র জনগোষ্ঠী এই পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱাৰ উদাহৰণ আছে৷ বিশেষকৈ যক্ষ্মা আৰু বসন্ত আদি বেমাৰ আৰু মহামাৰীৰ বাবে ইউৰোপীয়ান আৰু শ্বেতাংগসকলৰ লগত সংঘর্ষৰ ফলত বহুতো ভূমিপুত্র জনগোষ্ঠী মৃত্যুমুখত পৰিছিল আৰু কালক্রমত লুপ্ত হৈ গৈছিল৷ কিছুমান জনগোষ্ঠীয়ে আকৌ অন্য জনগোষ্ঠীৰ লগত সংমিশ্রণ হৈ গৈছিল আৰু আনহাতে কিছুমানে সময়ৰ সোঁতত বিলুপ্ত হৈ গৈছিল৷ তাৰে ভিতৰত পৃথিৱীৰ পৰা বিলুপ্ত হোৱা উল্লেখযোগ্য দহটা ভূমিপুত্র জনগোষ্ঠী হ’ল– বেওথুক জনগোষ্ঠী, কাৰানকাৱা, মানদান, চিছকা, হাচাথ, ব’ জনজাতি, তাছমানিয়ান, অ’না, টাইন’ছ আৰু প’হাটান ৷
বেওথুক জনগোষ্ঠীঃ বেওথুক জনগোষ্ঠীৰ মানুহবোৰ ক’লা আৰু দীঘল প্রকৃতিৰ আৰু চুলি আৰু চকু ক’লা বৰণৰ৷ বর্তমানৰ নিউফাউণ্ডলেণ্ডত ভাইকিংসকলৰ বসবাস কৰা বহু হাজাৰ বছৰৰ আগতে তেওঁলোকে বসবাস কৰিছিল ৷
জন কেবটৰ নেতৃত্বত ইউৰোপিয়ানসকলে যেতিয়াই সেই ঠাইখন দখল কৰে, তেতিয়াই বেওথুকসকল তাৰ পৰা পলাই যাবলৈ বাধ্য হয়৷ শ্বেতাংগসকলৰ আক্রমণ, যক্ষ্মা বেমাৰ আৰু অপুষ্টিৰ ফলত ১৭০০ চনত বেওথুক জনগোষ্ঠী প্রায় বিলুপ্ত হৈ যায়৷ ১৮২৯ চনলৈ নিউফাউণ্ডলেণ্ডত বেওথুক সম্প্রদায়ৰ কোনো লোকৰ অস্তিত্ব নাইকিয়া হৈ যায়৷
কাৰানকাৱাঃ কাৰানকাৱাসকল আমেৰিকাৰ আদিম অধিবাসী৷ তেওঁলোকে টেক্সাছৰ ইতিহাসত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ বেমাৰ, ইউৰোপিয়ানসকলৰ লগত সংঘর্ষ আৰু যুদ্ধত পৰাস্ত হৈ নিজৰ মাতৃভূমি হেৰুওৱাৰ ফলত এই জনগোষ্ঠীসকল কালক্রমত লুপ্ত হৈ যায়৷ কাৰানকাৱাসকলে টেক্সাছৰ স্বাধীনতা যুদ্ধত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আৰু তেওঁলোকে যুক্তৰাষ্ট্রৰ পক্ষত থিয় দিছিল ৷
মানদানঃ বসন্ত বেমাৰ, যুদ্ধ আৰু যুক্তৰাষ্ট্রৰ লগত যুদ্ধ চুক্তিয়ে মানদান জনজাতিৰ বিলুপ্ত হোৱাত যথেষ্ট অৰিহণা যোগাইছিল৷ বসন্ত ৰোগৰ মহামাৰীৰ ফলত ১৮৩৭ চনত মানদান জনজাতিৰ জনসংখ্যা ১২৫জনলৈ হ্রাস পায়৷ ১৯৩৪ চনত মানদান জনজাতিসকল অন্য জনজাতিৰ লগত সংমিশ্রণ হৈ যায়৷ খাটি মানদান জনজাতিৰ অন্তিমজন ব্যক্তিৰ ১৯৭১ চনত মৃত্যু ঘটে ৷
চিছকাঃ চিছকা জনজাতিসকলৰ বাসভূমি হ’ল পূব টেনেছি আৰু দক্ষিণ–পশ্চিম ভার্জিনিয়া অঞ্চল৷ যেতিয়া ইউৰোপিয়ানসকলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল, তেওঁলোকে প্রথমে সফলতা লাভ কৰিছিল৷ অৱশেষত স্পেইনৰ জোৱান পাৰড’য়ে তেওঁলোকক পৰাস্ত কৰে৷
সোতৰশ চনত তেওঁলোকে স্বাওনি জনজাতিৰ লগত সংমিশ্রণ হৈ চাছকেপে নাম গ্রহণ কৰে৷ ১৮ শতিকাত চিছকা জনজাতি সম্পূর্ণভাৱে বিলুপ্ত হয়, তেওঁলোকৰ বসতিস্থানসমূহ দখলদাৰীসকলে জুই জ্বলাই ভস্মীভূত কৰে৷
হাচাথঃ এই জনগোষ্ঠীৰ লোকসকল ভেংকুৱাৰ দ্বীপ আৰু বার্কলেণ্ড দ্বীপত বসবাস কৰিছিল৷ তেওঁলোক নকটা জনগোষ্ঠীৰ এটা ফৈদ৷ ইউৰোপিয়ানসকলৰ লগত সংযোগ আৰু বসন্ত ৰোগেই জনগোষ্ঠীটো লুপ্ত হোৱা কাৰণে দায়ী বুলি ধৰা হৈছে ৷
ব’ জনজাতিঃ প্রায় ৬৫ হাজাৰ বছৰ ধৰি ব’ সংস্কৃতি আৰু ভাষা ভাৰতৰ আন্দামান দ্বীপত প্রচলিত আছিল৷ ২০১০ চনত বোৱা ছিনিয়ৰৰ মৃত্যু হোৱাৰ লগে লগে জনজাতিটোৰ লগত জডিত ভাষা–সংস্কৃতি সকলো চিৰদিনৰ বাবে বিলুপ্ত হৈ যায় ৷
তাছমানিয়ানঃ তাছমানিয়াৰ ভূমিপুত্র এই জনজাতিসকল মহামাৰী আৰু বিভিন্ন ৰোগৰ ফলত বিলুপ্ত হয়৷ ১৮২৮ আৰু ১৮৩২ চনৰ মাজত ব্রিটিছ সাম্রাজ্যবাদী আৰু তাছমানিয়ানসকলৰ মাজত সংঘটিত যুদ্ধ ও জনগোষ্ঠীটো বিলুপ্ত হোৱাত অৰিহণা যোগায় ৷
অ’নাঃ অ’না জনজাতিসকল বর্তমানৰ চিলি আৰু আর্জেণ্টিনাত বসবাস কৰিছিল যদিও তেওঁলোক বহিৰাগতৰ লগত এক সু–সম্পর্ক বজাই ৰাখিছিল৷ ১৯০০ চনমানলৈকে তেওঁলোকৰ জনসংখ্যা যথেষ্ট হ্রাস পায়৷ খ্রীষ্টান মিছনেৰীসকলৰ অশেষ প্রচেষ্টা সত্ত্বেও এই জনজাতিসকল কুৰি শতিকাৰ মধ্যভাগত লুপ্ত হৈ যায় ৷
টাইন’ছঃ টাইন’ছ জনজাতিসকল হ’ল বর্তমান বাহামাৰ ভূমিপুত্র৷ ইউৰোপীয়ানসকলৰ আগমনৰ লগে লগে টাইন’ছসকলক তেওঁলোকৰ গৃহভূমিৰ পৰা উচ্ছেদ কৰা হয়৷ বসন্ত ৰোগৰ বাবে যোৱা ১৮ শতিকাত এই জনজাতি বিলুপ্ত হৈ যায়৷ কিছুমান টাইন’ছ মহিলাসকলক স্পেনিছসকলে বিবাহ কৰি এটা নতুন প্রজাতিৰ জন্ম দিছিল৷ তেওঁলোকো বর্তমান লুপ্ত হৈ গৈছে৷ অৱশ্যে তাৰে মেজটিজ’চসকল এতিয়াও জীয়াই আছে ৷
প’হাটানঃ প’হাটানসকল হ’ল ভার্জিনিয়া অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ এক সমষ্টি৷ তেওঁলোকে এলগ’কুইন ভাষা কয়, যাক প’হাটান বা ভার্জিনিয়া এলগ’কুইন বুলি জনা যায়৷ প’হাটান জনগোষ্ঠী প্রায় লুপ্ত হৈ গৈছে৷ বর্তমান মাত্র ৮জন প’হাটান জনগোষ্ঠীৰ মানুহ জীয়াই আছে বুলি জনা যায়৷