স্কুলৰ পৰা আহিয়েই নিঋতিয়ে পদূলিৰ পৰাই মাকক সুধিলে– ‘মা, পুৱা যে সিজাইছিলি ঔটেঙা দি মাছ আৰু কচু টেপুৰ জোল৷ আৰু হাঁহৰ কণী দি যে চজিনা ফুল ভাজিছিলি৷ আছেনে? মোৰ বহুত ভোক লাগিছে৷’ নিজৰেই কণমানি মাতষাৰ ৰিণি ৰিণি এতিয়াও নিঋতিৰ কাণত বাজি থাকে৷ ফাগুন বুলিলেই নিঋতিৰ এতিয়াও মনত পৰে বাৰিষা ৰুব নোৱাৰা দ পথাৰখনৰ শুকাই যোৱা পানীৰ ডোংবোৰত খলখলাই থকা গৰৈ, কাৱৈ, শিঙি, তোৰা মাছবোৰলৈ, দেউতাকৰ পিছে পিছে মাছ ধৰিবলৈ বুলি সেপসেপাই বোকা খচি থকা দিনবোৰলৈ৷ কচু ৰুবলৈ বুলি খল খান্দোতে ওলোৱা বনৰীয়া কচু টেপুবোৰলৈ৷ বনৰীয়া কচু টেপুবোৰ সাধাৰণতে খোৱা নহয়৷ কিন্তু নিঋতিৰ মাকে বনৰীয়া কচু টেপুবোৰ কেইবাদিনো শুকুৱাই ৰাখি, অলপ চোকাকৈ টেঙা আৰু জীয়া মাছ দি ফাগুনৰ এই দিনকেইটাত বৰ সোৱাদ লগাকৈ এসাঁজ ৰান্ধে৷ সেই সোৱাদ অপূর্ব৷ ফাগুনৰ পছোৱাজাকে থোপাথুপিকৈ ফুলি থকা চজিনাজোপাৰ আলসুৱা ফুলবোৰ তেনেই সৰুৱাই পেলায়৷ পুৱাই আটোমটোকাৰিকৈ বুটলি অনা ফুলকেইপাহ ঘৰৰ হাঁহ কণীৰ লগত মাকে ভাজি দিয়ে৷ অলপমান পাতলীয়া তিতা সোৱাদৰ হ’লেও কিমান যে সুস্বাদু সেই ব্যঞ্জন সঁচাকৈয়ে কিছু লোকে ৰন্ধা কিছু খাদ্যৰ সোৱাদ ৰৈ যায় জিভাত৷ হাজাৰ চেষ্টা কৰি ৰান্ধিলেও পিছত আৰু সেই সোৱাদ দুনাই পোৱা নাযায়৷ ভাতকেইটা খাই উঠিয়ে নিঋতি ঢ়াপলি মেলে চুম্পীহঁতৰ বাৰীত নতুনকৈ খান্দি থকা পুখুৰীটোলৈ৷ মাকে পিছফালৰ পৰা ৰিঙিয়ায়– ‘বাহিৰত নেখেলিবি ঋতি, ফাগুনৰ বতাহত অনেক বীজাণু আহে৷ ঘৰলৈ আহি হাঁচিয়ালে দেউতাই পিটিব৷’ নিঋতিয়ে কাণ কৰাৰ সময় নাথাকে৷ চুম্পী, শেৱালি, লোহিত, মুন্টি, সোণটোহঁত যে খেলিবলৈ অথনিৰে পৰা গোট খাই আছে৷ আয়তাকাৰ পুখুৰীটোৰ সোঁমাজতে স্তম্ভটোৰ নিচিনাকৈ এটা ঢ়িপ থাকে৷ বাৰীৰ ঢ়াপত ৰঙা হৈ সৰি থকা শিমলু ফুল আৰু ৰঙা–বগা ফুটুকীয়া ধঁপাত তিতাৰ ফুলবোৰ ঢ়িপটোৰ চাৰিওফালে ছটিয়াই সন্ধ্যা হোৱালৈকে খেলি থাকে শৈশৱ উপভোগ কৰা কেওটা কণমানি ৰঙীন চৰাই৷
……………….
‘চুলিখিনি বান্ধি থোৱা নাই কিয় ঋতি? বতাহজাকত কিমান ধূলি আহিছে, দেখা নাই৷ জঁট লাগি তেনেই ফাটিব৷’ মাকৰ দাবীলৈ অলপো কেৰেপ নকৰে নিঋতিয়ে৷ ফাগুনৰ পছোৱাই তাইৰ দীঘল চুলিকোছাত ঢ়ৌ তুলিলে তাই যে এক অনামী পুলক অনুভৱ কৰে৷ ভাল লগা সুৰ এটি আপোনা–আপুনি মুখৰ পৰা সৰকি পৰে৷ বাৰীত ফুলি থকা আহোম বগৰীৰ পাতল গুলপীয়া ফুল নাইবা নৰা বগৰীৰ কোমল বগা ফুলৰ থোপা এটা আনি চুলিত গুঁজি মনে মনে নিজকে বনকুঁৱৰী সজায়৷ মনৰ কোণত বাহ বান্ধে এক অনামী ভাল লগা শিহৰণে৷ সেই শিহৰণত বুৰ গৈ চোতালৰ মূৰত ফুলি থকা কাঞ্চন ফুলজোপাৰ বগা–বেঙুনীয়া পাহিবোৰ ছিঙি আনি বতাহৰ বেগৰ লগত তাল মিলাই উলাহত ছটিয়াবলৈ মন যায় চোতালত৷ পদূলিমুখত ফুলি থকা ৰঙা লাহী বটল ব্রাছকেইপাহৰ মৌ চুহিবলৈ অহা কণমানি মৌপিয়াকেইটা ধৰি আনি চুমা খাবৰ মন যায়৷ সমনীয়াহঁতে খিলখিল হাঁহিৰে আবেলিটো ৰঙীন কৰি তুলিবৰ মন যায়৷ স্কুল আৰু টিউচনৰ সময়খিনি বৰ ভাল লগা হৈ পৰে৷ কিছু সুগন্ধ বৰ প্রিয় হৈ পৰে৷ উগুল–থুগুল মন এটাই অনবৰতে নিঋতিক আৱৰি থাকে৷ নিঋতিৰ জীৱনলৈ এই ফাগুনে লগতে কৈশোৰকো লৈ আহে৷
…………….
‘কি চিন্তা কৰিলি অ’ ঋতি? খিৰিকীখনৰ মুখৰ পৰা যে নুঠায়ে হ’লি৷ কিবা কবিতা–চবিতা লিখিম বুলি ভাবিছ নেকি?’ গীতিৰ কথাত সেমেকা হাঁহি এটাৰে প্রত্যুত্তৰ দি থয় নিঋতিয়ে৷ হোষ্টেলৰ এই নিজান দুপৰীয়াটো বৰ উৰুঙা যেন লাগে৷ ঘৰলৈ মনত পৰে বৰকৈ৷ শিমলু, মদাৰৰ ফুলেৰে সিহঁতৰ গাঁৱলৈ যোৱা ৰাস্তাটো এইকেইদিনত ৰঙীন হৈ পৰে৷ ফাগুনৰ এইকেইটা দিনত এবাৰ ঘৰলৈ নগ’লে তাইৰ যে মনটো অলপো ভাল নালাগে৷ ফাগুনৰ এইকেইটা দিনতে মাকে এজুঁটি গামোচা শালত আঁৰে৷ যোৱা বছৰ তাৰে এখনৰ অপৈণত হাতেৰে ফুল আৰু পখিলাৰ আর্হিৰে নিঋতিয়েও ফুল তুলিছিল৷ নিজে তোলা ফুলৰ চানেকি হিচাপে বৰ আটোমটোকাৰিকৈ সাঁচি ৰাখিছে চেনেহৰ সেই পুৰাতন চিন হূদয়ত বহিব খোজা অচিন চিনাকি যেন আপোনজনৰ বাবে৷ নজনাকৈয়ে সলাজ হাঁহি এটা নিগৰি আহে নিঋতিৰ ওঁঠেৰে৷ আবিৰৰ ৰঙেৰে ৰঙীন এখন মুখ, দুচকুৰ সেই বিশেষ চাৱনি আৰু কাণত অনবৰতে বাজি থাকিব খোজা কেইটামান ভাল লগা শব্দই যে ঘৰৰ পৰা হোষ্টেললৈ অহাৰে পৰাই তাইক লগ নেৰা হৈছে৷ হোষ্টেলৰ লগতে লাগি থকা ৰবাবজোপা ফুলিছে৷ পৰাণ জুৰোৱা মিঠা সুগন্ধি এটাই চৌপাশ সুবাসিত কৰি তুলিছে৷ এই সুবাসৰ লগত অকণমান যেন ভাল লগা বিৰহ মিহলি হৈ আছে৷ নিঋতিয়ে দীঘলকৈ টানি লৈছে উশাহ৷ হাঁওফাঁও ভৰাই সামৰি থ’ব পৰা হ’লে এই সুবাস মন গ’লেই উলিয়াই লৈ বিৰহ বেদনাত বিলাসী হ’বলৈ নিঋতিয়ে বুজিলে যৌৱনৰ ফাগুনে অকল মতলীয়াই নকৰে, কোনোবাখিনিত অকণমান বিৰহো কঢ়িয়াই আনে৷
আজিকালি ফাগুনে উন্মাদনা কিম্বা বেদনাৰ ৰঙীন বিলাসিতা কঢ়িয়াই নানে নিঋতিৰ বাবে৷ কঢ়িয়াই আনে কিছু আমনি, কিছু অসহায়তা, কিছু ৰিক্ততা৷ সাৰি থৈ অহা চোতালখন পিছ মুহূর্তত বতাহে শুকান পাতেৰে ভৰাই তুলিলে খং উঠে নিঋতিৰ৷ ধুই–মেলি থৈ অহা কাপোৰকেইটা ৰাস্তাৰ ধূলিয়ে পুতি পেলালে খং উঠে নিঋতিৰ৷ বতাহত বীজাণু কঢ়িয়াই ল’ৰা–ছোৱালীহালক বেমাৰত পেলালে আৰু বেছি খং উঠে নিঋতিৰ৷ নিঋতি অসুখী হৈ উঠে৷ দিনে দিনে ৰুক্ষ হৈ অহা ছালখন ফাগুনৰ ধূলি মিশ্রিত বতাহজাকে যে আৰু বেছি ৰুক্ষ কৰি তোলে৷ সেউজ হৈ থাকিব খোজা তাইৰ বাসনাক যেন সৰাপাতকেইখিলাই উপহাস কৰে৷ তাইৰো প্রকৃতিলৈ পুতৌ জাগে৷ পাত সৰি লঠঙা হৈ থকা গছকেইজোপাত ফুলি থকা শিমলু–মদাৰৰ ফুলবোৰ যেন প্রকৃতিৰ ৰুক্ষ ছাল ঢ়াকিবলৈ ব্যৱহাৰ কৰা অক্ষম প্রসাধন এনে লাগে৷ ৰিঙা ৰিঙা ভাব এটাই অনবৰতে আৱৰি থাকে৷ প্রকৃতিৰ শুষ্কতাই যেন দুগুণে বঢ়াই তোলে মনৰ ৰিক্ততা৷ একান্ত আগ্রহেৰে নিঋতিয়ে কামনা কৰে শেষ হওক ফাগুন৷ কুঁহিপাতৰ সাজ পিন্ধি প্রকৃতিয়ে আকৌ গাওক বসন্তৰ গান গুণ গুণ৷