বয়স অনুযায়ী যতন
যৌৱনৰ পৰা বৃদ্ধকাললৈকে সকলো যুৱতী, মহিলাই ধুনীয়া হৈ থাকিব বিচাৰে৷ পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থাকিলেই মানুহৰ ব্যক্তিত্ব বাঢ়ে৷ বিভিন্ন সময়ত বেলেগ বেলেগ নিয়মেৰে পৰিচর্যা কৰিব লাগে৷
২০ বছৰত: সাধাৰণতে এই বয়সত ছাল মসৃণ হৈ থাকে৷ বিশেষ যত্নৰ প্রয়োজন নাই যদিও মুখত শালমইনা নুঠিবৰ বাবে মুখৰ ছাল চাফা কৰি ৰখাটো প্রয়োজন৷ পৰাপক্ষত মুখত চাবোন লগাব নালাগে৷ ফেচৱাশ্বেৰে মুখ ধুব লাগে৷
৩০ বছৰত: ছালত সদায় ছানস্ক্রীন লগোৱাটো প্রয়োজন৷ চকুৰ গুৰি ক’লা পৰিলে বিশেষ যত্ন ল’ব লাগে৷ অন্যথা বয়স বাঢ়ি যোৱাৰ লগে লগে দেখাত বেয়া হয়৷ ক্লিনজিং মিল্কেৰে মুখখন প্রতিদিনে চাফা কৰিব লাগে৷
৪০ বছৰত: ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ বিশ মিনিটমানৰ আগতে মুখত ছানস্ক্রীন ক্রীম লগাব লাগে৷ ইয়াৰ বাহিৰেও এই বয়সত ৰিংকল ফ্রী ক্রীম মুখত আঙুলিৰে ঘূৰাই ঘূৰাই লগাব লাগে৷ ইচ্ছা কৰিলে এণ্টি এজিং ক্রীম লগাব পাৰে৷
৫০ বছৰত: এই বয়সত আগতে কৰি অহা পৰিচর্যাবোৰৰ বাহিৰেও শৰীৰত মাজে মাজে অইল মাছাজ কৰিব লাগে৷ ইয়াৰ বাবে ভেজিটেব্ল অইল আৰু ভিটামিন অইল মিহলাই ল’ব লাগে৷
৬০ বছৰত: ছাল এনে বয়সত পাতল হৈ পৰে৷ তদুপৰি ছালত ক’লা দাগ পৰে৷ সেয়ে ঘনাই ছালত ক্রীম লগোৱাটো প্রয়োজন৷ প্রয়োজনত চিকিৎসকৰ পৰামর্শ ল’ব৷
৭০ বছৰত: এই বয়সত ছালত লগোৱা ক্রীমত যথেষ্ট তেল আৰু মইশ্বৰাইজাৰ থকা প্রয়োজন৷ কিয়নো এই সময়ত ছাল পাতল আৰু শুকান হয়৷ গা ধুই অহাৰ লগে লগে শৰীৰত মইশ্বৰাইজাৰ লগাব লাগে৷