নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক গর্ভাৱস্থাঃ ল’বলগীয়া সাৱধানতা আৰু সতর্কতা

-ডাঃ ৰাজীৱ লোচন শর্মা

যোৱা বছৰ দুর্গা পূজাৰ সময়ত কোনোবা এটা দিনত পূজা নামৰ হিন্দীভাষী মহিলাগৰাকী আহিছিল মাকৰ লগত মোৰ চেম্বাৰলৈ৷ সিদিনা মাক আৰু জীয়েকৰ কান্দোন শুনি মোৰ চকুও সেমেকি উঠিছিল৷ হিন্দীতেই মাকে কৈ গৈছেল– ছাৰ, কিবা এটা কৰক৷ এইবাৰৰ সৈতে এইৰ চাৰিবাৰ গর্ভপাত হ’ল৷ দুই–তিনি মাহ থাকে আৰু নষ্ট হয়৷ শহুৰেকৰ ঘৰত থকাটোও এইৰ কাৰণে টান হৈ পৰিছে৷ কেঁচুৱা নাথাকে বাবে ভাল ব্যৱহাৰ নকৰে৷ মানুহজনীৰ কথা শুনি মোৰ বেয়াও লাগিছিল আৰু খঙো উঠিছিল৷ খং উঠিছিল এইবাবেই যে চাৰিবাৰৰ এবাৰো তাই চিকিৎসকক গর্ভপাতৰ আগেয়ে দেখুওৱা নাছিল৷ প্রত্যেকবাৰ নষ্ট হোৱাৰ পিছতহে চিকিৎসকৰ ওচৰ পায়৷ মই বোলো ঠিক আছে৷ এইবাৰ আমাৰ কথা মতে চলিব লাগিব, ঔষধ খাব লাগিব৷ সকলো পৰীক্ষাৰ অন্তত তাইৰ থাইৰয়ডৰ বিসংগতিৰ কথা ধৰা পৰে৷ ঔষধ আৰম্ভ হ’ল৷ পুনৰ গর্ভৱতী হ’ল আৰু আজি বিশ্বকর্মা পূজাৰ দিনা তাই এটি কন্যা সন্তানৰ মাতৃ হ’ল৷
উক্ত কথাখিনি এগৰাকী মাত্র পূজাৰ কথা৷ এনে বহু পূজা আছে যে অজ্ঞতাৰ বাবেই মাতৃত্ব লাভৰ পৰা বাৰে বাৰে বঞ্চিত হয়৷ গর্ভধাৰণ কৰাৰ আগৰে পৰাই চিকিৎসকৰ পৰামর্শ ল’ব লাগে বুলি অতি ক্ষুদ্রসংখ্যক মানুহেহে জানে৷ এয়া তেওঁলোকৰ অজ্ঞতা বুলি ক’ব নোৱাৰি৷ প্রচাৰৰ অভাৱতেই তেওঁলোক এই বিষয়ে জ্ঞাত নহয়৷ প্রি–কনচেপচনেল কাউন্সেলিং সেয়েহে অতিকৈ দৰকাৰী৷ ভৱিষ্যৎ সন্তানটিৰ স্বাস্থ্য নির্ভৰ কৰে মাকজনীৰ বর্তমানৰ স্বাস্থ্য, বেমাৰ–আজাৰ, বংশগত ৰোগ, মাকজনীৰ শাৰীৰিক সক্ষমতাৰ ওপৰত৷ কাউন্সেলিঙৰ সহায়ত বিভিন্ন পৰীক্ষা–নিৰীক্ষা কৰি কোনবোৰ কাৰকে মাকজনীৰ লগতে গর্ভস্থ সন্তানটিৰ অপকাৰ কৰিব পাৰে বিচাৰি উলিয়াই তাৰ নিৰাময় কৰা হয়৷ গর্ভাৱস্থাৰ সফল পৰিসমাপ্তিত ইয়াৰ অৱদান সেয়েহে অপৰিসীম৷ পৰিকল্পিত গর্ভধাৰণৰ চিন্তাধাৰা সময়ৰ লগত খাপ খোৱা এটা নতুন ধাৰণাৰ চানেকিস্বৰূপ৷
পৰিকল্পিত গর্ভধাৰণে গর্ভাৱস্থাত দেখা দিব পৰা প্রতিকূল পৰিৱেশসমূহ চিনাক্ত কৰা, দূৰ কৰাৰ ফলত মাক আৰু গর্ভস্থ সন্তানটোৰ কোনো হানি–বিঘিনি নোহোৱাকৈ গর্ভকাল পাৰ হয়৷ তলত কেতবোৰ প্রধান প্রধান কাৰকৰ বিষয়ে আলোচনা কৰোঁ আহক৷
মধুমেহ ৰোগ
মধুমেহ ৰোগত ভোগা মহিলাসকলে গর্ভধাৰণ পূর্বেই তেজত থকা শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰিব লাগে৷ তেনে কৰাৰ ফলত মাক আৰু গর্ভস্থ সন্তানটোৰ দুয়োৰে কোনো হানি–বিঘিনি নোহোৱাকৈ গর্ভকাল পাৰ হয়৷ তেজত শর্কৰাৰ পৰিমাণ খালী পেটত ৯৫ মিঃগ্রাম আৰু খোৱাৰ ২ ঘণ্টাৰ পিছত ১২৫ মিঃগ্রাম থকা দৰকাৰ৷ তেজত শর্কৰাৰ পৰিমাণ সঠিকভাৱে নৰখাৰ ফলত মাকগৰাকী উচ্চ ৰক্তচাপ, হাইপাৰগ্লাইছেমিয়া, কিট’এছিছছিছ আদিত ভুগিব পাৰে৷ সাধাৰণ প্রসৱ নহৈ অস্ত্রোপচাৰৰ সহায়ত প্রসৱ কৰোৱাৰ ফলত মাকজনীৰ জটিলতা বাঢ়ি যায়৷ ডায়েবেটিছত ভোগা মাকৰ গর্ভস্থ সন্তানটোৰ নানাধৰণৰ জন্মগত বিসংগতি দেখিবলৈ পোৱা যায়৷ এনেক্ষেত্রত মাক আৰু শিশু দুয়োৰে মৃত্যুৰ হাৰ বাঢ়ি যায়৷ শর্কৰাৰ পৰিমাণ নিয়মিত জোখত ৰাখিব পাৰিলে এনে বিপদ এৰাই চলিব পাৰি৷ কাউন্সেলিং এইক্ষেত্রত অপৰিহার্য৷
মৃগী ৰোগ
মৃগী ৰোগত আক্রান্ত প্রসূতিগৰাকীৰ গর্ভস্থ সন্তানটোৰ জন্মগত বিসংগতি দেখা দিব পাৰে৷ যদিহে প্রসূতিগৰাকীয়ে এটাতকৈ অধিক মৃগী ৰোগৰ ঔষধ ব্যৱহাৰ কৰে, সন্তান বিসংগতিৰ সংখ্যাও বৃদ্ধি পায়৷ সেয়েহে গর্ভধাৰণৰ আগেয়ে চিকিৎসকৰ পৰামর্শ লৈ কম পৰিমাণৰ বা কোনো পর্াশ্বক্রিয়া নোহোৱা দৰৱ ব্যৱহাৰ কৰিব লাগে৷ এনে মহিলাই গর্ভধাৰণ কৰাৰ আগৰে পৰাই ফলিক এচিড খোৱাটো অতি দৰকাৰী৷ চিকিৎসকৰ পৰামর্শ মতে গর্ভাৱস্থাৰ প্রথম কিছুদিনৰ বাবে মৃগী ৰোগৰ ঔষধ নোখোৱাকৈও সন্তানটোৰ বিসংগতি কমাব পাৰি৷
বংশগত বেমাৰ
জন্মতে লৈ অহা ৰোগসমূহ, যেনে– ৰাজহাডৰ বিসংগতি, ফিনাইল কিটন’উৰিয়া, টাইচেক ডিজিজ, থেলাছেমিয়া কাউন্সেলিং কৰি যথাযথ ব্যৱস্থা গ্রহণ কৰি সুফল পোৱা যায়৷
ফিনাইল কিটন’উৰিয়া ঃ এক জন্মগত বেমাৰ৷ গর্ভধাৰণৰ আগৰে পৰাই ফিনাইল এলামিন নথকা খাদ্য গ্রহণ কৰি গর্ভস্থ সন্তানটোৰ বংশগত বিসংগতি ৰোধ কৰিব পাৰি৷
টাইচেক ডিজিজঃ গর্ভৱতী মহিলাগৰাকী এই বেমাৰত আক্রান্ত হ’লে গর্ভস্থ সন্তানটো জন্মৰ পিছত কম বয়সতে মৃত্যুমুখত পৰে৷
থেলাছেমিয়াঃ এই ৰোগত আক্রান্ত মহিলাগৰাকীক গর্ভাৱস্থাৰ পূর্বেই কি কি ধৰণৰ সমস্যা ভৱিষ্যতে হ’ব পাৰে বুজাই দিয়া হয়৷ পুৰুষ আৰু মহিলা দুয়োগৰাকী থেলাছেমিয়াত আক্রান্ত হ’লে তেওঁলোকৰ মাজত বিয়া হ’বলৈ দিব নালাগে৷
বয়সৰ প্রভাৱ
মাকজনীৰ বয়স ১৫ বছৰতকৈ কম বা ৩৫ বছৰতকৈ বেছি হ’লে বিসংগতিয়ে বেছিকৈ দেখা দিয়ে৷ কম বয়সত গর্ভধাৰণ কৰিলে ৰক্তহীনতা, গর্ভস্থ সন্তানটোৰ বয়স অনুপাতে কম–বৃদ্ধি হোৱা, আগতীয়াকৈ প্রসৱ আৰম্ভ হোৱা আদি উপসর্গসমূহে দেখা দিব পাৰে৷ তেনেদৰে মাকজনীৰ বয়স ৩৫ বছৰৰ ঊর্ধ্বৰ হ’লে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বিকলাংগ শিশুৰ জন্মৰ হাৰ বৃদ্ধি আদি সমস্যাৰ উদ্ভৱ হ’ব পাৰে৷ পুৰুষজনৰ অত্যধিক বয়সো বিকলাংগ শিশু কাৰক হ’ব পাৰে৷ এনেবোৰ বিপদ আগতীয়াকৈ অনুধাৱন কৰি সঠিক বয়সত গর্ভধাৰণৰ উপদেশ দি শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ কমাব পাৰি৷
খাদ্যাভ্যাসৰ সালসলনি
খাদ্যাভ্যাসৰ সালসলনি গর্ভাৱস্থাৰ পূর্বে দিয়া অন্য এক দৰকাৰী পৰামর্শ৷ যিবোৰ মহিলা অত্যধিক ওজনৰ, তেওঁলোকক ওজন কমোৱাৰ দিহা দিয়া হয়৷ শকত গর্ভৱতী মহিলাৰ উচ্চ ৰক্তচাপ, ডায়বেটিছ ৰোগত ভুগিব পাৰে৷ ফলত আগতীয়া প্রসৱ, অপৈণত প্রসৱ তথা শিশুৰ বিকাশত বাধা আহি পৰে৷ তেনে মহিলাৰ অস্ত্রোপচাৰৰ সংখ্যাও বাঢ়ি যায়৷ ফলত মাক আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি হয়৷ পুষ্টিহীনতাত ভোগা গর্ভৱতী মহিলাৰো একেই দশা৷ পুষ্টিহীনতাৰ পৰিপুষ্টি আৰু মেদবহুলতাৰ ওজন কমাই গর্ভাৱস্থাৰ আগেয়ে ঠিক–ঠাক কৰিলে প্রসৱৰ বিসংগতি কমে আৰু শিশু তথা মাতৃৰ মৃত্যুৰ হাৰ কমে৷
টিকাকৰণ
গর্ভাৱস্থাৰ আগেয়ে মহিলাগৰাকীৰ টিকাকৰণৰ দিশটো চোৱা অতি জৰুৰী৷ ৰুবেলা, হেপাটাইটিছ–বিৰ টিকাকৰণ আগতীয়াকৈ কৰাব লাগে৷ গর্ভাৱস্থাৰ সময়ত ৰুবেলাৰ সংক্রমণ হ’লে সন্তান বিকলাংগ হোৱাৰ পূর্ণ আশংকা থাকে৷ এইটো মন কৰিব লাগে যে গর্ভাৱস্থাৰ সময়ত এই টিকাকৰণ কৰা নহয়৷ ই গর্ভৰ কাৰণে নিৰাপদ নহয়৷
তদুপৰি উচ্চ ৰক্তচাপ, বৃক্কৰ ৰোগী, হাপানী ৰোগী, হূৎপিণ্ডৰ অসুখ থকা ৰোগী গর্ভধাৰণ কৰাৰ আগৰে পৰাই চিকিৎসকৰ পৰামর্শ মতে চলিলে বিপদৰ পৰা হাত সাৰিব পাৰে৷ ফলিক এচিড গর্ভধাৰণ কৰাৰ আগৰে পৰাই আৰম্ভ কৰিলে ৰাজহাডৰ বিভিন্ন বিসংগতিৰ পৰা হাত সাৰিব পাৰি৷
কৰিবলগীয়া পৰীক্ষাসমূহ
গর্ভাৱস্থাত দেখা দিব পৰা বিসংগতিসমূহ আগতীয়াকৈ ধৰা পেলাবৰ বাবে কেতবোৰ পৰীক্ষা কৰা হয়৷ ইয়াক স্ক্রীনিং টেষ্ট বোলে৷ উদাহৰণস্বৰূপে, ৰুবেলা, মাজু আই, হেপাটাইটিছ–বি ৰোগৰ প্রতিৰোধ ক্ষমতা মহিলাগৰাকীৰ আছেনে নাই, পৰীক্ষা কৰি নাথাকিলে টিকা (ভেকচিন) দি এই ৰোগসমূহৰ প্রতিৰোধ ক্ষমতা গঢ়ি তোলা হয়, যাতে গর্ভাৱস্থাত এনে ৰোগৰ সংক্রমণৰ পৰা হাত সাৰিব পাৰি৷ তেজৰ পৰীক্ষা কৰা হয়, ৰক্তহীনতাত এনে ৰোগৰ সংক্রমণৰ পৰা হাত সাৰিব পাৰি৷ তেজৰ পৰীক্ষা কৰা হয় ৰক্তহীনতাৰ উপস্থিতি ধৰা পেলাবৰ বাবে৷ ৰক্তহীনতাত ভুগিলে চিকিৎসা কৰি তাক নিৰাময় কৰা হয়৷ যিবোৰ সম্প্রদায়ৰ ত্রুটিপূর্ণ হিমগ্ল’বিন থকাৰ আশংকা থাকে, তেনে লোকৰ হিম’গ্লবিন ইলেক্ট্র’ফ’ৰেছিছ কৰা হয়৷
মধুমেহ, বৃক্কৰ ৰোগ, হূৎপিণ্ডৰ বিভিন্ন ৰোগসমূহৰ আগতীয়া পৰীক্ষাই গর্ভধাৰণৰ পূর্বে এই ৰোগসমূহৰ নিৰাময় বা চিকিৎসা কৰাৰ সুযোগ পোৱা যায়৷ গর্ভাৱস্থাই মাকজনীৰ অৱস্থা জটিল কৰি তোলাৰ আশংকা থাকিলে গর্ভধাৰণ বাৰণ বা গর্ভপাত কৰিব লগাটো পৰিব পাৰে৷ মাক–বাপেক দুয়োজন যদি বংশগত ৰোগৰ বাহক হয়, তেনেক্ষেত্রত গর্ভধাৰণ বাৰণ কৰা হয়৷ সেয়েহে স্ক্রীনিং টেষ্ট জৰুৰী৷ সেয়েহে গর্ভধাৰণ কৰাৰ আগেয়ে চিকিৎসকৰ পৰামর্শ লোৱাটো দৰকাৰী৷ সুস্থ–সবল মাতৃ এগৰাকীয়েহে সুস্থ–সবল শিশু এটিৰ জন্ম দিব পাৰে৷ সমাজৰ বাবে সুস্থ–সবল শিশু এক মহৎ অৱদান৷ যি ভৱিষ্যৎ সমাজৰ আশা হ’ব পাৰে৷ সেয়েহে ইংৰাজীত কয়–Plane your work, then work your plane৷
ধূম্রপানৰ অপকাৰিতা
গর্ভৱতী মহিলাগৰাকী যদি মদ, চিগাৰেট, চাধা, বিডি বা ড্রাগ্ছ আসক্ত হয়, তেনেহ’লে সন্তানটো মানসিকভাৱে সাম্যহীনতাৰ চিকাৰ হ’ব পাৰে৷ ধূমপান কৰা মহিলাৰ গর্ভস্থ সন্তানটোৰ বয়স অনুপাতে বৃদ্ধি কম হোৱা, অপৈণত প্রসৱ, অপৈণত শিশু জন্ম হোৱা ইত্যাদি সমস্যাৰ উদ্ভৱ হ’ব পাৰে৷ সেয়েহে গর্ভধাৰণৰ আগৰে পৰাই এনেবোৰ অপকাৰী বস্তুৰ পৰা আঁতৰি থকাৰ পৰামর্শ প্রদান কৰা হয়৷ যিবোৰ মহিলা কর্মসূত্রে অপকাৰী ৰাসায়নিক পদার্থ, যেনে– বিভিন্ন ধৰণৰ কীটনাশক দ্রব্য, মিথাইল মাৰকিউৰি আদিৰ সংস্পর্শত আহে, তেনেবোৰ গর্ভৱতী মহিলাৰ শিশু স্নায়ৱিক বিকাশত বিসংগতিয়ে দেখা দিয়ে৷ কেতবোৰ সাগৰীয় মাছ য’ত পাৰাৰ পৰিমাণ বেছিকৈ তাকে, তেনেবোৰ মাছ গর্ভৱতী মহিলাক খাবলৈ বাৰণ কৰা হয়৷
থাইৰয়ডৰ সমস্যা
থাইৰয়ডৰ অসুখ থকা গর্ভৱতী মহিলাই গর্ভাৱস্থাৰ পূর্বৰে পৰাই ঔষধ ব্যৱহাৰ কৰিব লাগে৷ থাইৰয়ড হৰমন কম আৰু বেছি দুয়োটাই মাক আৰু সন্তানটোৰ বাবে বিপজ্জনক৷ থাইৰয়ড হৰমন বেছি হ’লে (হাইপাৰ থাইৰইডিজম) মাকজনী গর্ভাৱস্থাৰ সময়ত হূৎপিণ্ড বিকল হৈ মৃত্যুমুখত পৰিব পাৰে৷ লগতে গর্ভপাত, গর্ভস্থ সন্তানটোৰ সময় মতে বৃদ্ধি নোহোৱা, জন্মতে মৃত্যুমুখত পৰা বা জন্মৰ পিছতে মৃত্যুমুখত পৰাৰ আশংকা থাকে৷ তেনেদৰে থাইৰয়ড হৰমন কম হ’লে (হাইপ’থাৰডিজম) মাকজনী উচ্চ ৰক্তচাপ, ৰক্তহীনতাত ভুগিব পাৰে৷ এনে মাতৃৰ গর্ভপাত অপৈণত প্রসৱ, অপৈণত শিশুৰ জন্ম, জন্মতেই মৃত্যু হোৱা আদি কাৰকৰ উদ্ভৱ হ’ব পাৰে৷ এই দুয়োটা অৱস্থা গর্ভধাৰণ কৰাৰ আগেয়ে চিকিৎসা কৰি মাক আৰু শিশু দুয়োকে বচাব পাৰি বা বিভিন্ন ধৰণৰ ওপৰত উল্লেখ কৰা কাৰকসমূহ দূৰ কৰিব পাৰি৷

You might also like