নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ পার্শ্বক্রিয়াজনিত সমস্যা

ক’ভিড–১৯ৰ সমস্যা সমাধানৰ পথত৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত চীন দেশৰ য়ুহান চহৰত আৰম্ভ হোৱা ক’ৰোনা ভাইৰাছ ৰোগ যোৱা ১১ মার্চত বিশ্ব স্বাস্থ্য সংস্থাই অতিমাৰী হিচাপে ঘোষণা কৰাৰ পিছৰ পৰাই প্রতিৰোধক ব্যৱস্থা লোৱা হৈছে যদিও ই সমগ্র বিশ্ব ছানি ধৰিছে আৰু আক্রান্ত আৰু মৃতকৰ সংখ্যা ইতিমধ্যে বহু লাখ হ’ল৷ সমগ্র বিশ্বৰ বিজ্ঞানীসকলৰ অবিৰত প্রচেষ্টাৰ ফলত প্রতিষেধক ভেকচিন ইতিমধ্যে প্রস্তুত হৈ উঠিছে৷
মোৰ এই প্রবন্ধৰ আৰম্ভণিতে মই সশ্রদ্ধ প্রণাম জনাব লাগিব সেইসকল ব্যক্তিলৈ, যিসকলে এই ভয়াৱহ প্রত্যহ্বান গ্রহণ কৰি নিজৰ জীৱন উছর্গা কৰিছে৷ মানৱ সেৱাত– সেইসকল চিকিৎসকলৈ, সেইসকল আৰক্ষীলৈ, সেইসকল স্বেচ্ছাসেৱীলৈ, সেইসকল সংবাদসেৱীলৈ৷
ক’ৰোনাৰ পার্শ্বক্রিয়াজনিত সমস্যাসমূহঃ
ক’ভিড–১৯ৰ সমস্যা যিহেতু সমাধানৰ পথত, ক’ভিড আক্রান্তৰ পৰৱর্তী সমস্যাসমূহো সমাধান অক্ষম নিশ্চয় নহয়৷ পার্শ্বক্রিয়া বুলি ক’ব নোৱাৰি যদিও অত্যাৱশ্যকীয় সেৱাত জড়িত হৈ থকা চিকিৎসকসকলে জনোৱা মতে ক’ৰোনা নিৰাময়ৰ পিছত ঘৰলৈ ঘূৰি যোৱা লোকসকলৰ কিছুসংখ্যক পুনৰ হাস্পতাললৈ আহে কিছুমান বেলেগ সমস্যা লৈ, যেনে– ষ্ট্রোক, হার্ট এটেক বা ভয়াৱহ ৰক্ত আতঞ্চন৷ কিছুমানৰ আকৌ ইতিমধ্যেই থকা ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ প্রবলতা বৃদ্ধি পায়৷
হায়দৰাবাদৰGleneagles Global Hospitalৰ চিকিৎসক ডাঃ সুব্রমণিয়ম স্বামীনাথনে কৈছে– ‘আজিৰ পৰা ২০ দিনৰ আগতে এগৰাকী ৮৪ বছৰীয়া ক’ভিড–১৯ আক্রান্ত বৃদ্ধ সম্পূর্ণ সুস্থ হৈ ঘৰলৈ গৈছিল৷ কেইদিনমানৰ পিছতে তেওঁক পুনৰ হাস্পতাললৈ লৈ অহা হ’ল, ষ্ট্রোক হৈছে, চিকিৎসা কৰা হ’ল, আৰোগ্য লাভ কৰিলে, ঘৰলৈ যোৱা তিনি দিনৰ পিছতে তেওঁৰ মৃত্যু হ’ল৷’ তেওঁৰ মতে, ক’ভিড–১৯ৰ পার্শ্বক্রিয়া হিচাপে ক্লোমধমনীৰ ৰক্তপ্রৱাহত হোৱা প্রতিবন্ধকতাৰ ফল এয়া– ‘ৰক্তনলী অৱৰোধন’(Pulmonary Embolism)৷
মাদ্রাজৰKauvery Hospitalৰ সংবহন বিশেষজ্ঞ ডাঃ এন ছেকাৰে কৈছে– ‘ক’ভিড–১৯ৰ লক্ষণ পাতলীয়াকৈ দেখুওৱা বা লক্ষণ নেদেখুওৱাসকলৰ মাজৰো কেইজনমান আহিছে, হাত–ভৰি, অন্ত্র, মগজু আৰু হূদপিণ্ডত ৰক্ত আতঞ্চনৰ (ৰক্তনলীত ৰক্ত গোট মৰা প্রক্রিয়া) সমস্যা লৈ৷’ পৃথিৱীৰ বিভিন্ন প্রান্তৰ পৰা অহা তথ্যবোৰেও দেখুৱাইছে এই ভাইৰাছটোৱে পৰৱর্তী পর্যায়ত ডায়েবেটিছ ৰোগ সংঘটিত কৰে বা ডায়েবেটিছৰ প্রবলতা বৃদ্ধি কৰে৷
পার্শ্বক্রিয়া প্রতিৰোধী ব্যৱস্থাঃ
ক’ভিড–১৯ আক্রান্তৰ পৰৱর্তী সমস্যাসমূহৰ মূলতে হৈছে ৰক্ত আতঞ্চন অর্থাৎ, ৰক্তনলীয়েদি ৰক্তপ্রৱাহ বাধাপ্রাপ্ত হোৱা৷ ধমনীত হোৱা ৰক্ত আতঞ্চনে মগজুলৈ অক্সিজেন যোগান ব্যাহত কৰিব পাৰে, ফলত ষ্ট্রোক, হার্ট এটেক বা হাত–ভৰিৰ গেংগ্রীন সংঘটিত হ’ব পাৰে৷ গেংগ্রীন হ’লে হাত–ভৰি কাটি পেলাব লগা হ’ব পাৰে৷ ডাঙৰ সিৰাত হোৱা ৰক্ত আতঞ্চনক সাধাৰণতে হাত বা ভৰিত হোৱা ‘ডীপ ভেইন থ্রম্বছিছ’ বুলি কোৱা হয়৷ এনে ৰক্ত আতঞ্চনে আংশিকভাৱে বা সম্পূর্ণভাৱে ৰক্তপ্রৱাহ বন্ধ কৰিব পাৰে৷ ঔষধৰ দ্বাৰা বা অন্য ব্যৱস্থাৰে এনেকৈ গোট মাৰি থকা ৰক্ত চেঁকুৰা ভাঙি দিব পৰা নহয়, ই হাঁওফাঁওত সোমাব, তেনেক্ষেত্রত মৃত্যু অনিবার্য৷
ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছার্ছে ক’ভিড–১৯ পৰৱর্তী ৰোগগ্রস্ততাসমূহৰ ৰেকর্ড ৰাখিবলৈ সকলো ৰাজ্যলৈ বার্তা প্রেৰণ কৰিছে৷ মাদ্রাজ, কইম্বাটুৰ, মাদুৰাই, তামিলনাডুৰ ট্রিকী– এইবোৰ চহৰত ৰক্তনলীৰ বিশেষজ্ঞৰ দৰে ছুপাৰ স্পেচিয়েলিষ্ট আছে৷ তেওঁলোকে অস্ত্রোপচাৰৰ দ্বাৰা আক্রান্ত উপাংগ বা অংগসমূহ ৰক্ষা কৰাৰ প্রচেষ্টা চলাইছে৷ মাদ্রাজৰ কাবেৰী হাস্পতালৰ ভাচকুলাৰ ছার্জন ডাঃ ছেকাৰে কৈছে যে তেওঁৰ হাস্পতালৰ ক’ভিড–১৯ পজিটিভ সকলোকে ৰক্ত তৰলীকৰণৰ কাৰণে ৰক্ত তৰলক দিয়াটো হাস্পতালৰ সংক্রামক ৰোগৰ বিভাগটোৱে বাধ্যতামূলক কৰিছে, যদিহে তেওঁলোকৰ এই ঔষধটো গ্রহণ কৰাৰ কোনো জটিলতা নাথাকে৷ ‘ক’ভিড–১৯ পজিটিভ, কিন্তু ৰোগৰ লক্ষণ প্রদর্শন নকৰা সকলো যুৱক–যুৱতী আৰু স্বাস্থ্যৱান লোকক অন্ততঃ এমাহৰ কাৰণে ‘ৰক্ত তৰলক টেবলেট’ খোৱাৰ আনহাতে বয়সস্থ অথবা পাতলীয়া ৰোগ লক্ষণ দেখুওৱাসকলক ‘ৰক্ত তৰলক’ আৰু ‘আতঞ্চক প্রতিৰোধক’ ৬ সপ্তাহৰ কাৰণে ব্যৱহাৰৰ পৰামর্শ আগবঢ়োৱা হৈছে৷’ –তেওঁ কয়৷ এই ঔষধ ব্যৱহাৰৰ স্বীকৃত সন্মতি ইতিমধ্যে চিকিৎসা সম্বন্ধীয় জার্নেলসমূহত প্রকাশ পাইছে৷
‘প্লাজমা থেৰাপী’ এক নিষ্ক্রিয় ৰোগ প্রতিৰোধ ব্যৱস্থাহেঃ
প্লাজমা থেৰাপী হ’ল প্লাজমাৰ ব্যৱহাৰেৰে ৰোগ চিকিৎসা কৰা পদ্ধতি৷ বর্তমান ক’ভিড–১৯ আক্রান্তসকলৰ দেহত ‘প্লাজমা থেৰাপী’ প্রয়োগ কৰা হৈছে আৰু সফলতা লাভ কৰা হৈছে৷ প্লাজমা হৈছে তেজৰ পনীয়া বা তৰল অংশ৷ তেজত ৫৫ শতাংশ প্লাজমা আৰু ৪৫ শতাংশ ৰক্তকণিকা থাকে৷ প্লাজমাৰ বৰণ ঈষৎ হালধীয়া৷ প্লাজমাত বহুত জৈৱিক আৰু অজৈৱিক পদার্থ থাকে, অন্যতম জৈৱিক পদার্থ হৈছে এণ্টিব’ডী৷ ক’ভিড–১৯ আক্রান্তৰ চিকিৎসাত ব্যৱহূত প্লাজমাবিধ হৈছে ‘কনভালেচেণ্ট প্লাজমা’– অর্থাৎ ৰোগাক্রান্ত হৈ সম্পূর্ণ সুস্থ হৈ উঠা লোকৰ প্লাজমা৷
প্রাণীদেহৰ ৰোগ প্রতিৰোধ ক্ষমতাক অসংক্রাম্যতা বোলা হয়৷ সন্তানে জন্মগতভাৱে মাতৃৰ পৰা ৰোগ প্রতিৰোধ ক্ষমতা লাভ কৰে যদিও জীৱনকালত শৰীৰ আক্রান্ত কৰা ৰোগ কাৰকৰ (ভাইৰাছ, বেক্টেৰিয়া আদি) পৰা ৰক্ষা পাবলৈ অসংক্রাম্যতা আহৰণ কৰিব লগা হয়৷ এনে ৰোগ প্রতিৰোধ ক্ষমতাক আর্জিত বা অভিযোজিত অসংক্রাম্যতা বোলা হয়৷
বাহিৰৰ পৰা শৰীৰত প্রৱেশ কৰা অনিষ্টকাৰী পদার্থ বা অণুজীৱবোৰক এণ্টিজেন আৰু এণ্টিজেন প্রতিৰোধকল্পে শৰীৰত সৃষ্টি হোৱা প্রতিৰোধী সৈন্যক এণ্টিব’ডী বোলা হয়৷ এণ্টিজেনবোৰ সাধাৰণতে ভাইৰাছ বা বেক্টেৰিয়াৰ দেহত থকা প্র’টিন বা পলিচেকাৰাইড অণু, এণ্টিব’ডীবোৰো ইমিউনগ্লবিউজিন প্র’টিন৷ এণ্টিব’ডীবোৰ সদায়েই এণ্টিজেন সুনির্দিষ্ট, অর্থাৎ এণ্টিজেন যেনেধৰণৰ হয়, এণ্টিব’ডীবোৰ হ’ব, সেইধৰণৰ এণ্টিজেন প্রতিৰোধাত্মক৷
শৰীৰৰ প্রতিৰোধ ক্ষমতা বা অসংক্রাম্যতা দুই প্রকাৰৰ আছে– সক্রিয় আৰু নিষ্ক্রিয়৷ প্লাজমা থেৰাপী একপ্রকাৰৰ নিষ্ক্রিয় প্রতিৰোধ ব্যৱস্থাহে৷ শৰীৰৰ প্রতিৰোধ গঢ়ে এণ্টিব’ডীবোৰে, এণ্টিজেনৰ আক্রমণ প্রতিহত কৰি৷ এণ্টিব’ডীবোৰ স্থায়ী হ’লে অসংক্রাম্যতা সক্রিয়, অস্থায়ী হ’লে অসংক্রাম্যতা নিষ্ক্রিয়৷ কনভালেচেণ্ট প্লাজমাত থকা এণ্টিব’ডীবোৰে আক্রান্তজনৰ ভাইৰাছটোৰ বিৰুদ্ধে যুঁজিব, কিন্তু নতুন এণ্টিব’ডী সৃষ্টি কৰিব নোৱাৰে৷ এণ্টিব’ডী সৃষ্টি নহ’লে স্থায়ী প্রতিৰোধ গঢ়ি নুঠে৷ এনে এণ্টিব’ডীক গামা গ্লবিউলিন বোলা হয়৷ ইয়াক অন্য প্রাণীৰ প্লাজমাৰ পৰা সংগ্রহ কৰা হয়৷
আনহাতে ছিটা বা ভেকচিনে স্থায়ী প্রতিৰোধ গঢ়ে৷ ভেকচিন প্রস্তুতৰ কাৰণে জীৱিত, মৃত বা দুর্বল এণ্টিজেন শৰীৰত সুমুৱাই দিয়া হয় আৰু তাৰ প্রতিৰোধকল্পে শৰীৰত এণ্টিব’ডী সৃষ্টি হয়৷ ইয়াৰে বহুসংখ্যক এণ্টিব’ডী স্মৃতিকোষ হিচাপে থাকি যায় আৰু ভৱিষ্যতে তেনে আক্রমণ প্রতিৰোধ কৰে৷ সেয়েহে বৰ আই, সৰু আই বা মিজ্লছ মাম্পছ বা পিঠাখোৱা ৰোগ এবাৰ হ’লে ভৱিষ্যতে সাধাৰণতে নহয়৷ পলি’, টিটেনাছ আদি ৰোগত ছিটাৰ মাধ্যমেদি মৃত ভাইৰাছ বা বেক্টেৰিয়া দি স্থায়ী প্রতিৰোধ গঢ়া হয়৷ কেতিয়াবা জীৱিত কিন্তু দুর্বল বেক্টেৰিয়া ছিটাৰ ৰূপত সুমুৱাই দিলেও স্থায়ী প্রতিৰোধ গঢ়ে৷
আমি আশাবাদী৷ ক’ভিড–১৯ ৰোগ সংঘটিত কৰা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে স্থায়ী প্রতিৰোধ গঢ়িবলৈ ছিটা বা ভেকচিন অতি সোনকালে প্রস্তুত হৈ উঠিব আৰু এখন ক’ৰোনামুক্ত পৃথিৱী গঢ়ি উঠিব৷

ড০ অমিয়া ৰাজবংশী

ৰেক্টৰ, জিনিয়াছ একাডেমী, ফোনঃ ৭০০২৪–০৯১২১

You might also like