স্বাস্থ্য বাৰ্তা কেন্সাৰৰ পৰা দূৰত থাকিবলৈ প্ৰতিদিনে খাওক কেঁচা জলকীয়া By নিয়মীয়া বাৰ্তা On Mar 9, 2023 Share শেহতীয়াকৈ কৰা এক অধ্যয়নত কোৱা হৈছে যে কেঁচা জলকীয়া খালে চৰ্বি কমি যাব পাৰে। কেঁচা জলকীয়া কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ শৰীৰৰ চৰ্বি কমোৱাৰ উপকাৰিতা আছে। জ্বলা স্বাদ যুক্ত এই জলকীয়াই আমাৰ শৰীৰক বহু ৰোগৰ পৰা বছাই ৰাখিব পাৰে। জলকীয়াই আমাৰ শৰীৰৰক কিদৰে সহায়কৰে আৰু ইয়াৰ প্ৰয়োগ কেনেধৰণে কৰিব লাগে জানো আহক। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ দৈনিক দুটাকৈ কেঁচা জলকীয়া গ্ৰহণ কৰি আমাৰ শৰীৰক যিকোনো ৰোগ হোৱাৰ পৰা দূৰৈত ৰাখিব পাৰি। কাৰণ জলকীয়াত ভিটামিন C, বিটাকেৰ’টিন, এন্টিঅক্সিডেন্টৰ পৰীমাণ অধিক মাত্ৰাত পোৱা যায়। যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক অধিক শক্তিশালী কৰি ৰখাত সহায় কৰে। ভিটামিণ C য়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে সম পৰিমাণে দৃস্তি শক্তিৰ উন্নতি আৰু চালখনক উজ্জল কৰি ৰখাত অতুলনীয় অৱদান আগবঢ়ায়। মানসিক চাপঃ বহু ব্যক্তি মানসিক চাপৰ সমস্যাত ভূগা পৰিলক্ষিত হয়। প্ৰাকৃতিক ভাৱে উপলব্ধ এই কেঁচা জলকীয়া সেৱন কৰিওঁ এই মানসিক চাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। কাৰণ এই কেঁচা জলকীয়া সেৱন কৰিলে শৰীৰৰ এণ্ডৰ’ফিন নামৰ হ’ৰমণৰ ক্ষৰণ বৃদ্ধি পায় আৰু তাৰ ফলত মন প্ৰফুল্ল থকাত সহায়ক হয় আৰু ক্ৰমান্বয়ে এই মানসিক চাপ দূৰ হবলৈ ধৰে। কেন্সাৰৰ পৰা দূৰৈত ৰাখেঃ কেঁচা জলকীয়াত অতিৰিক্ত মাত্ৰাত এন্টিঅক্সিডেন্টৰ গুণ থাকে আৰু এই এন্টিঅক্সিডেন্টে আমাৰ শৰীৰৰত থকা অলাগতীয়াল তথা ক্ষতিকাৰক টক্সিন সমূহ বাহিৰ কৰাত সহায় কৰে। তাৰ ফলত কেন্সাৰৰ চেল গঠন হোৱাত বাধা প্ৰদান কৰে আৰু আমাৰ শৰীৰক কেন্সাৰ ৰোগৰ পৰা দূৰত ৰাখাত সহায় কৰে। হাৰ্ট ভালে ৰাখেঃ নিয়মিত দুটাকৈ কেঁচা জলকীয়া সেৱন কৰিলে আমাৰ হাৰ্ট ভালে থকাত সহায়ক হয়। জলকীয়াত থকা উপকাৰী উপাদান সমূহে তেজত থকা অপকাৰী কলেষ্টৰেলৰ মাত্ৰা কমায়। ট্ৰাইগ্লিচাৰাইড যাতে নিয়ন্ত্ৰণতো সহায় কৰে কেচাঁ জলকীয়াই। জলকীয়া সেৱনে হাৰ্ট এটেকৰ সমস্যাৰ পৰাওঁ দূৰৈত ৰাখিব পাৰে। চাইনোচাইটিচৰ যন্ত্ৰনা কমায়ঃ জলকীয়াত পোৱা অন্য এবিধ উপাদান হৈছে কেপচাইচিন (Capsaicin) অৰ্থাৎ জলকীয়াৰ জলা গুণ যাৰ বাবে জলকীয়া জলা হয়। জলকীয়াত পোঁৱা কেপচাইচিন শৰীৰৰ বাবে বৰ উপকাৰী। এই জলকীয়া দেহৰ আভ্যন্তৰলৈ প্ৰবেশ কৰাৰৰ লগে লগে মিউকাচ মেমব্ৰেনৰ ৰক্তৰ প্ৰবাহ বাঢ়ি যায় আৰু তাৰ ফল স্বৰুপে চাইনোচাইটিছৰ যি অসয্য়কৰ যন্ত্ৰনা দ্ৰুত গতিত কমায় আৰু তিব্ৰ যন্ত্ৰনাৰ পৰা উপষম পাব পাৰি। ইয়াৰ বাহিৰেও জলকীয়াই তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰন কৰাত মুখ্য ভূমকা পালন কৰে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবেওঁ জলকীয়া উপকাৰী। Featured Share