নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ তিনিচুকীয়াৰ উদ্যোগত কৃষক মেলা-২০২৩

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: তিনিচুকীয়া জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ তিনিচুকীয়াৰ উদ্যোগত জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শণীৰ আজি শুভউদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে। কৃষক মেলা-২০২৩ৰ শুভউদ্বোধন কৰি জিলা উপায়ুক্তগৰাকীয়ে বিপনীসমূহ পৰিদৰ্শন কৰাৰ লগতে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা লোকসকলৰ সৈতে মতবিনিময় কৰে। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত অংগ্ৰহণ কৰি জিলা উপায়ুক্ত স্বপ্নীল পালে জিলাখনৰ কৃষকসকলৰ আয় দুগুণ বৃদ্ধি কৰিবৰ বাবে উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে কৃষি উৎপাদিত সামগ্ৰীৰ যথোপযুক্ত সংৰক্ষণৰ ব্যৱস্থাও অতিকে প্ৰয়োজনীয় বুলিও উল্লেখ কৰে। জিলা উপায়ুক্তগৰাকীয়ে জিলাখনৰ প্ৰতিগৰাকী কৃষকেই যাতে চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ জিলা কৃষি বিভাগক নিৰ্দেশ দিয়ে।

সভাত অংশগ্ৰহন কৰি উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ তিনিচুকীয়াৰ মহাপ্ৰৱন্ধক প্ৰনৱ কটকীয়ে কৃষি, পশুপালন তথা কৃষিজাত সামগ্ৰীৰ লগত জড়িত উদ্যোগ আদিৰ প্ৰতিষ্ঠাৰ বাবে উপলব্ধ বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে কৃষকসকলক চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়। জিলা কৃষি বিষয়া তপন নেওগে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা এই মুকলি সভাত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, জিলা পশু চিকিৎসা বিষয়া ডা: ৰূপজিৎ কাকতি, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক সুমিত কোৱঁৰ, বেংক সমূহৰ মুখ্য জিলা ব্যৱস্থাপক বিশ্বনাথ ঝা প্ৰমুখ্যে জিলা কৃষি বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী তথা কৃষক মেলাত অংশগ্ৰহণকাৰী কৃষক আৰু কৃষিজাত সামগ্ৰী উৎপাদনৰ লগত জড়িত লোকসকল উপস্থিত থাকে। আজিৰ সভাতে উপায়ুক্ত স্বপ্নীল পালে জিলাখনৰ পাচঁগৰাকী প্ৰগতিশীল কৃষক তথা কৃষি গোটক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৫ গৰাকী নিৰ্বাচিত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু আন ৫ গৰাকী নিৰ্বাচিত কৃষকৰ মাজত পিঠাখুণ্ডা যন্ত্ৰও বিতৰণ কৰা হয়। আজিৰ মুকলি সভাৰ আতঁধৰে মহকুমা কৃষি বিষয়া (কুঁহিয়াৰ উন্নয়ন) ৰজিত দত্তই। মুকলি সভাৰ প্ৰাৰম্ভনীতে বৰগীত পৰিবেশন কৰে কৃষি বিষয়া ড০ যামিনী শইকীয়াই।

উল্লেখযোগ্য যে, ৯ আৰু ১০ মাৰ্চ এই দুটা দিনৰ বাবে আয়োজিত কৃষি মেলা -২০২৩ ৰ লগত সংগতি ৰাখি “তিনিচুকীয়া জিলাত ফুল খেতিৰ সম্ভাৱনীয়তা আৰু গ্ৰাম্য অৰ্থনীতিত ইয়াৰ অৰিহণা”, “ৰেচম শিল্পৰ যোগেদি গ্ৰাম্য অৰ্থনীতিত মহিলা সৱলীকৰণ” আৰু “কৃষকৰ আয় দুগুণ কৰাৰ বাবে বহুমুখী কৃষি কৰ্ম ব্যৱস্থা” আদি বিষয়ৰ ওপৰতো কৃষকসকল প্ৰশিক্ষণ আগবঢ়োৱা হব।

প্ৰেৰক:- বিবেক বড়া

You might also like