নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰেচহৰীয়া ভাওনাত অনুমতি নোলোৱাকৈ ভাও দি বিতৰ্কত সাহিত্যক ইছমাইল হুছেইন 

  •  উদযাপন সমিতিয়ে নিষিদ্ধ কৰিলে ইছমাইল হুছেইনক।
  • মেকাপ কৰি পোচাক পৰিধান কৰা ইছমাইল হুছেইনে আধাতে সামৰিবলগীয়া হ’ল অভিনয় ।

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাত উদযাপন সমিতিৰ অনুমতি নোলোৱাকৈ ভাও দি বাৰেচহৰীয়া ভাওনাৰ পৰা বহিষ্কৃত হোৱাৰ লগতে তীব্ৰ সমালোচনাৰ সন্মুখীন হব লগা হয় বিশিষ্ট সাহিত্যিক তথা সমালোচক ইছমাইল হুছেইন। কালি নিশা ভাওনা উপ সমিতি তথা মহোৎসৱ উদযাপন সমিতিৰ কোনো আগতীয়া অনুমতি নোলোৱাকৈ ১৪ নং খলাত নিজৰ খেয়াল খুচি মতে ভাৱৰীয়াৰ সাজ পৰিধান কৰি অভিনয় কৰি এক অস্বস্তিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে উদযাপন সমিতি তথা জামুগুৰিহাটৰ দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিছে হুছেইনক । যি কাৰ্যৰ বিৰোধীতা কৰিছে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামী আৰু সম্পাদক জয়ন্ত বৰাই ।জানিব পৰা মতে কালি মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ দ্বিতীয় নিশাৰ ভাওনাত ভাওনা উপ সমিতিৰ অজ্ঞাতে ১৪ নং খোলাৰ “যুধিষ্ঠিৰৰ ৰাজসুয় যজ্ঞ” নাটত ভাও দিবলৈ খলাৰ ভিতৰত প্ৰবেশ কৰিলে ইছমাইল হুছেইনে । পিছে কিছু সময়ৰ পিছতে বাৰেচহৰীয়া উদযাপন সমিতিয়ে নিষিদ্ধ কৰিলে ইছমাইল হুছেইনক। ভাও দি থকা সময়তে ওভতাই পঠালে ইছমাইল হুছেইনক আৰু সমিতিৰ সিদ্ধান্তৰ পিছতে পকামুৰা পথাৰ ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে ।

উদযাপন সমিতিয়ে আজি সাংবাদিকক জানিবলৈ দিয়া মতে ভাওনা উপ সমিতিৰ অজ্ঞাতে ভাওনাৰ পোচাক পিন্ধি মেকাপ কৰি ভাও দিবলৈ আহিছিল ইছমাইল হুছেইন। ‘ৰজাসৱ’ হিচাবে ভাও প্ৰদৰ্শন কৰিলে ইছমাইল হুছেইনে। সন্ধিয়াতে আহি মেকাপ কৰি ছোঁঁ ঘৰৰ সন্মুখত ৰখি আছিল ইছমাইল হুছেইন। ভাৱৰীয়াই প্ৰবেশ কৰাৰ সময়তেই হুচেইনে মঞ্চত প্ৰবেশ কৰে। পিছে কিছু সময়ৰ পিছতে ভাওনা উপ সমিতি অৱগত হোৱাৰ লগে লগেই বন্ধ কৰি দিলে ইছমাইল হুছেইনৰ অভিনয়। ফলত মেকাপ কৰি পোচাক পৰিধান কৰা ইছমাইল হুছেইনে আধাতে সামৰিবলগীয়া হ’ল অভিনয় । আনকি ১৪ নং খলা পৰিচালনা কৰা বিষয় ববীয়া সকলো অৱগত নাছিল ইছমাইল হুছেইনৰ ভাও সম্পর্কে। ভাৱৰীয়াৰ তালিকাতো নাম নাই তেওঁৰ । ৰজাসৱ ভাও প্ৰদৰ্শন কৰিবলৈ ইতিমধ্যে বেলেগ ভাৱৰীয়া বাচনি কৰি থৈছিল সমিতিয়ে আৰু আখৰাও সম্পূৰ্ণ কৰিছে তেওঁ লোকে ৷ ভাওনাৰ পূৰ্বে পালন কৰিব লগীয়া নীতি নিয়ম সমূহ নজনাকৈ খলাত ভাও দিবলৈ প্ৰবেশ কৰা বুলিও ইছমাইল হুচেইনৰ বিৰোদ্ধে অভিযোগ কৰিছে উপ সমিতিয়ে ।

ইছমাইল হুছেইনৰ এই কাৰ্যত বাৰেচহৰীয়া ভাওনাৰ মৰ্যাদা লাঘব কৰাৰ অভিযোগ উঠিছে । ভাওনাত ভাও দিবলৈ হুছেইনক উদযাপন সমিতিয়ে নিয়ন্ত্রণ দিয়া নাছিল বুলি স্পষ্ট কৰিছে ভাওনা উপ সমিতিৰ সভাপতি শৈলেন বৰকটকী আৰু মূল উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামী আৰু সম্পাদক জয়ন্ত বৰাই । সমিতিৰ অজ্ঞাতে হুছেইনে উক্ত খলাত ভাও দিবলৈ চেষ্টা কৰে। ইফালে হিন্দু-মুছলমানৰ সমন্বয়ৰ প্ৰতীক বাৰেচহৰীয়া ভাওনাত কোনো ভেদাভেদ নাই বুলি লগতে মন্তব্য কৰে ভাওনা উদযাপন সমিতিয়ে। ইতিমধ্যে মুছলমান সমাজেও বাৰেচহৰীয়া ভাওনা উদযাপনত সকলো দিশতে বহুখিনি সহায়ৰ হাত আগবঢ়াইছে বুলি লগতে সমিতিয়ে উল্লেখ কৰিছে । এক সুশৃংখলিত ভাবে চলা বাৰেচহৰীয়া ভাওনাৰ মূল কাৰ্যসূচী ২১ খন খলাৰ ভাওনাৰ নিৰ্দিষ্ট ভাৱৰীয়াই মাহ জোৰা আখৰাৰ পিছত নিজৰ অভিনয় প্ৰদৰ্শন কৰে । তেনে ক্ষেত্ৰত পূৰ্ব কোনো পৰিকল্পনা তথা চৰিত্ৰ নথকাকৈ আৰু নিৰ্দিষ্ট উপ সমিতিৰ লগত কোনো আলোচনা নোহোৱাকৈ এনেদৰে খলাত ভাৱৰীয়া হিচাপে বিশিষ্ট সাহিত্যিক গৰাকী প্ৰবেশ কৰি এক অৰাজক পৰিবেশৰ সুচনা কৰা কাৰ্যক বাৰেচহৰীয়া উদযাপন সমিতি অস্বস্তিত পৰা পৰিলক্ষিত হৈছে। মহোৎসৱ উদযাপন সমিতি তথা ভাওনাৰ উপ সমিতিৰ বিষয় ববীয়া সকলে অভিযোগ কৰা মতে ইছমাইল হুছেইনক ভাওনা মহোৎসৱৰ কোনো ভাওনাৰ চৰিত্ৰৰ বাবে নিমন্ত্ৰণ দিয়া হোৱা নাই । অনুষ্ঠানটোক বিপথগামী কৰাৰ উদ্দেশ্যৰে তেওঁ নিজা খেয়াল খুচি মতে ভাওনালৈ আহি উক্ত চৰিত্ৰত অভিনয় কৰাৰ অভিসন্ধিত নামি পৰে । উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে এক সুস্হহিৰ বাতাৱৰণৰ মাজেৰে সমান্ত হোৱা ভাওনা মহোৎসৱৰ মাজতে ইছমাইল হুছেইনে কৰা অনাহক কাৰ্যত এক প্ৰকাৰ অনুষ্ঠানটিকে নষ্ট কৰাৰ পৰিকল্পনা কৰিছে বুলি মত ব্যক্ত কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সম্পাদক তথা ১৪ নং খলাৰ উপ সমিতিৰ বিষয়ববীয়া সকলে ।

হিৰণ্য বৰা৷

You might also like