নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছালৰ আবেদন হেৰাই যোৱাৰ কাৰণ

সুন্দৰ ছাল আৰু তাৰুণ্য ধৰি ৰাখিবলৈ সকলোৱে ইচ্ছা কৰে আৰু সেইবাবে যথেষ্ট নামী–দামী ব্রেণ্ডৰ প্রসাধন সামগ্রী ব্যৱহাৰ কৰে৷ কিন্তু আমাৰ বহুতেই নাজানিলে দামী প্রসাধন ব্যৱহাৰ কৰিলেও অতি দ্রুতগতিৰে ছালত বয়সৰ চাপ পৰিব পাৰে আৰু ইয়াৰ বাবে আমি নিজেই দায়ী৷ দৈনন্দিন ৰুটিনত অনিয়ম, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, ধূমপান, নিচাযুক্ত সামগ্রী গ্রহণ, সূর্যৰ ক্ষতিকৰ ৰশ্মি আদিয়ে আমাৰ ছালত অপকাৰ কৰে আৰু সেই কাৰণেই বয়সৰ পূর্বেই ছালত বলিৰেখা পৰে৷ ছালৰ ৰঙৰ সামঞ্জস্য হেৰাই যায় আদি নানা সমস্যা হয়৷ তাৰে বেছিভাগ ভুল আমি নজনাকৈয়ে কৰোঁ৷ আমাৰ কোনবোৰ ভুলৰ বাবে আমাৰ ছাল ক্ষতিগ্রস্ত হয় সেয়া জনাটো অতি দৰকাৰ৷
rঅপর্যাপ্ত টোপনি ঃ শৰীৰৰ বিশ্রামৰ বাবে যিমান নিদ্রাৰ প্রয়োজন, সিমানেই ছাল সজীৱ কৰি ৰাখিবলৈ নিদ্রাৰ প্রয়োজন৷ ৰাতি নিদ্রা কম হ’লে তাৰ প্রভাৱ ব্যক্তিৰ মুখমণ্ডলত পৰিস্ফুট হয়৷ ভালদৰে টোপনি নাহিলে ক্লান্তি আৰু মলীনতা পৰিস্ফুট হয়৷ দীর্ঘদিন ধৰি ভালদৰে নুশুলে চকুৰ তলত ক’লা দাগ পৰে আৰু চকু সোমাই যায়৷ দীর্ঘদিন ধৰি টোপনিত অনিয়ম কৰিলে মুখমণ্ডলৰ ব্যক্তিত্ব দুয়োটাই নষ্ট হ’ব পাৰে৷
rঅতিৰিক্ত চেনি গ্রহণ ঃ অতিৰিক্ত চেনি বা চেনিযুক্ত খাদ্য শৰীৰৰ বাবে ভাল নহয়৷ একেদৰে ছালকো অতিৰিক্ত চেনিয়ে ক্ষতি কৰে৷ তেজত অতিৰিক্ত শর্কৰা থাকিলে ছালৰ কলাজেনত ক্ষতি কৰে৷ চেনিৰ বাবে বহুতৰ ছালত শালমনৰ সমস্যা হয়৷ সেয়েহে চেনিৰ পৰিমাণ কমাই খাব৷
rঅতিৰিক্ত লৰা–ঢ়পৰা ঃ অতিৰিক্ত কোনো কথাই ভাল নহয়৷ এই কথাটো মনত ৰখা উচিত৷ স্বাস্থ্য ৰক্ষাৰ বাবে বহুতেই ব্যায়াম কৰে আৰু দৌৰাটো সকলোৱে এটা ভাল ব্যায়াম বুলি জানে৷ কিন্তু প্রতিদিনে অতিৰিক্ত দৌৰিলে ছাল শুকাই যাব পাৰে আৰু ছাল শুকাই গ’লে বয়সৰ চাপ অতি সহজে পৰে৷
rমদ্যপান আৰু ধূমপান ঃ ধূমপান আৰু মদ্যপান কৰিলে শৰীৰৰ যথেষ্ট ক্ষতি হয়৷ প্রতিদিনে এই অভ্যাসৰ কাৰণে ছালৰ তলৰ সিৰাবোৰ ক্ষতিগ্রস্ত হয় আৰু দীর্ঘদিনে এই অভ্যাস থাকিলে ছাল সম্পূর্ণ নষ্ট হয়৷ সেয়েহে মদ্যপান আৰু ধূমপান এৰি চলিব লাগে৷
rঅতি বেঙুনীয়া ৰশ্মি ঃ সূর্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে বয়সৰ চাপ পেলায়৷ আমাৰ দেশৰ গৰম আৰু ঠাণ্ডা উভয় জলবায়ুতে সূর্যৰ তাপ অত্যন্ত ক্ষতিকৰ৷ কিন্তু বহুতেই ডাৱৰীয়া বতৰত ছানস্ক্রীন ব্যৱহাৰ নকৰিলেও হ’ব বুলি ভাবে৷ কিন্তু ই ভুল ধাৰণা৷ প্রখৰ ৰদত ছালখনক সুৰক্ষা দিবলৈ কমপক্ষেও এছপিএফ–৩০যুক্ত ছানস্ক্রীন ব্যৱহাৰ কৰা উচিত৷ ঘৰৰ পৰা বাহিৰ ওলোৱাৰ আধা ঘণ্টা আগতে ছানস্ক্রীন লগাব৷
rছালৰ তাৰুণ্য ধৰি ৰখাৰ বাবে ছালৰ আর্দ্রতা বজাই ৰখাটো অত্যন্ত জৰুৰী৷ শুষ্ক ছালত অতি সহজে বয়সৰ চাপ পৰে৷ সেয়েহে প্রতিদিনে প্রচুৰ পৰিমাণে পানী খাব লাগে৷ যিসকলে বেছি সময় বাহিৰত থাকে তেওঁলোকে বেছি এছপিএফযুক্ত ছানস্ক্রীন ব্যৱহাৰ কৰিব লাগে৷ প্রচুৰ পৰিমাণে শাক–পাচলি খোৱা উচিত৷ কাৰণ ভিতৰৰ পৰা ছাল সুন্দৰ কৰি ৰখাটো অত্যন্ত জৰুৰী৷ সৌন্দর্য ধৰি ৰাখিবলৈ হ’লে এই সহজ নিয়মসমূহ পালন কৰা উচিত৷

You might also like