নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলুৰ ৰসেৰে চুলিৰ যতন

একোছা দীঘল আৰু স্বাস্থ্যকৰ চুলিৰ হেঁপাহ সকলোৰে থাকে৷ কিন্তু তেনে একোছা চুলি পোৱা ভাগ্য সকলোৰে নাথাকে৷ বংশগত কাৰণ, অস্বাস্থ্যকৰ জীৱন প্রণালী, খোৱাত অনিয়ম আদি কাৰণত চুলি বেয়া হয়৷ চুলিৰ স্বাস্থ্য ভাল কৰিবলৈ আমি হাজাৰ টকা খৰচ কৰি ছেম্পু বা অন্যান্য সামগ্রী চুলিত লগাওঁ৷ কিন্তু আমাৰ হাততে পোৱা এনে কিছুমান সামগ্রী আছে যিবোৰে চুলিৰ বৃদ্ধিত সহায় কৰে৷ আপুনি জানি আচৰিত হ’ব যে আলুৰ ৰসে চুলিক স্বাস্থ্যৱান কৰি তোলে৷ গৱেষণাত প্রকাশ পাইছে যে আলুৰ ৰসত থকা ভিটামিনে চুলিৰ গুৰিত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে৷ ইয়াৰ ফলত কলাজেনসমূহ নতুনকৈ নির্মাণ হয়৷ আলুৰ ৰসেৰে লাহে লাহে চুলিৰ গুৰিত মালিচ কৰিলে চুলিৰ গুৰিৰ কোষবোৰ শক্তিশালী হয়৷ চুলিত অত্যধিক তেল ব্যৱহাৰ কৰিলে চুলি ভাঙি যাব পাৰে৷ কিন্তু আলুৰ ৰসে অত্যধিক তেল থাকিলে তাক শুহি লয় আৰু চুলি ভালদৰে বঢ়াত সহায় কৰে৷ শুকান ছালৰ বাবে চুলিৰ গুৰিত উফি হ’ব পাৰে৷ নেমুৰ ৰস আৰু আলুৰ ৰস মিহলি কৰি চুলিত লগালে চুলি শুকান হোৱাৰ সমস্যা হ্রাস পায়৷ চুলি সৰিলে আলুৰ ৰসে ইয়াক অক্সিজেন যোগান ধৰাৰ লগতে চুলিৰ গুৰিবোৰ শক্তিশালী কৰে৷

  • কেনেদৰে ব্যৱহাৰ কৰিব: আলুৰ ৰস উলিয়াই চুলিৰ গুৰিত আঙুলিৰে ১৫ মিনিটৰ বাবে লাহে লাহে মালিচ কৰিব৷ ভাল মালিচে চুলিৰ গুৰিত ৰক্ত সঞ্চালন বৃদ্ধি কৰিব আৰু চুলি বৃদ্ধিত সহায় কৰিব৷ কুহুমীয়া পানীৰে চুলিবোৰ ধুব৷ প্রতি সপ্তাহত তিনিবাৰকৈ এইবিধ সামগ্রী চুলিত লগাব৷
  • কেনেদৰে প্রস্তুত কৰিব: আলুখিনি ভালদৰে ধুই ল’ব৷ আলুৰ বাকলি গুচাই পিহি ল’ব৷ পিহি লোৱা আলুখিনি হাতত লৈ চেপি দিব আৰু ৰসখিনি লগে লগে ব্যৱহাৰ কৰিব৷ ইয়াৰ উপৰি আলু টুকুৰা টুকুৰ কৰি কাটি জুচাৰত দি ৰস উলিয়াই ব্যৱহাৰ কৰিব পাৰে৷ চুলি আৰু ছালৰ যতনৰ বাবে কিমান সম্ভৱ প্রাকৃতিকভাৱে প্রাপ্ত সামগ্রী ব্যৱহাৰ কৰিব৷
You might also like