সুনিদ্রাৰ প্রয়োজনীয়তা
প্রতিনিশাই শোৱাপাটীলৈ যোৱাৰ এক নির্দিষ্ট সময় বান্ধি লওক৷ যিমান পাৰে চেষ্টা কৰক যাতে এই সময় কেতিয়াও ভংগ নহয়৷ সদায় এক নির্দিষ্ট সময়ত বিছনা ত্যাগ কৰক
আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, নিৰোগী আৰু সবল হৈ থাকিবলৈ হ’লে আপোনাক পর্যাপ্ত পৰিমাণৰ নিদ্রা অতিকে প্রয়োজনীয়৷ আপোনাৰ দৈনন্দিন কাম–কাজবিলাক সুচাৰুৰূপে পৰিচালনা হৈ থাকিবলৈ হ’লে সুনিন্দ্রাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ আজিকালি আমাৰ প্রায়বোৰ ক্ষেত্রতে অনিদ্রা এটা প্রধান সমস্যা ৰূপে দেখা দিছে৷ সাধাৰণতে অনিন্দ্রাৰ পৰা আপুনি নিজকে আঁতৰত ৰাখিবলৈ হ’লে আপুনি আপোনাৰ শোৱাপাটীলৈ যোৱাৰ সময় আৰু লগতে দৈনন্দিন জীৱন প্রণালী সঠিকভাৱে, সমান্তৰালভাৱে নিৰূপণ কৰাটো অতিকে প্রয়োজনীয়৷ আচলতে অনিন্দ্রা বা ইনছমনিয়া মানেনো কি? অনিদ্রা হ’ল যেতিয়া এজন মানুহৰ সময়ানুযায়ী টোপনি নাহে বা একবাৰেই নাহে, তেন্তে তেনে এজন মানুহক অনিন্দ্রা ৰোগত ভোগা বুলি ক’ব পাৰি৷ সাধাৰণতে যিসকল ৰোগীয়ে অনিন্দ্রা ৰোগত ভোগে, তেওঁলোকৰ দেখা দিয়া লক্ষণসমূহ হ’ল– মনোযোগত ব্যাঘাত জন্মা, দুর্বল, যিকোনো কামৰ প্রতি অনিহা, পুৱতিনিশাতেই সাৰ পোৱা নতুবা শেষ নিশালৈকে সাৰ পাই থকা, দিনটোত যিকোনো সময়তে সতেজ অনুভৱ নকৰা ইত্যাদি৷ চিকিৎসা বিজ্ঞানৰ মতে এজন সুস্থ মানুহে দিনটোত প্রায় ৮ ঘণ্টা সময় টোপনি যোৱা উচিত, তেতিয়াহে তেওঁৰ শৰীৰৰ অংগসমূহ সুচাৰুৰূপে কার্যক্ষম হৈ থাকিব৷ তলত কিছুমান পদ্ধতি দিয়া হৈছে, যাৰ সহায়ত আপুুনি সুস্থ আৰু সবল মনৰ লগতে নিজকে অনিদ্রাৰ পৰা অতি সহজতে আঁতৰত ৰাখিব পাৰিব৷
১৷ প্রতিনিশাই শোৱাপাটীলৈ যোৱাৰ এক নির্দিষ্ট সময় বান্ধি লওক৷ যিমান পাৰে চেষ্টা কৰক যাতে এই সময় কেতিয়াও ভংগ নহয়৷ সদায় এক নির্দিষ্ট সময়ত বিছনা ত্যাগ কৰক৷ আপুনি যদি আগদিনাৰ নিশা প্রয়োজনীয় সময়খিনিত টোপনি গৈছে, তেনে ক্ষেত্রত টোপনিৰ পৰা উঠিবলৈ আপোনাক কোনো এলার্ম ক্লকৰ প্রয়োজন নহ’ব৷ তদুপৰি যদি কিবা কাৰণত আপোনাৰ নিশাৰ টোপনি কিছু ঘণ্টাৰ বাবে ব্যাঘাত হৈছে, তেন্তে সেই ক্ষতি হোৱা টোপনি পূৰাবলৈ কিছু অতিৰিক্ত সময় বাছি উলিৱাওক৷ ফলত আপোনাৰ শোৱাৰ সময়ৰ কোনো তাৰতম্য নঘটে৷
২৷ নিশাৰ নির্দিষ্ট সময়ৰ পূর্বেই যদি আপোনাৰ টোপনি আহিছে, তেন্তে এনে কিছুমান কাম বাছি লওক, যি আপোনাক ব্যস্ত ৰাখিব৷ উদাহৰণস্বৰূপে কোনোবা বন্ধুৰ লগত ফোনত কথা পতা, এখন ভাল আলোচনী পঢ়ক নতুবা এক সুন্দৰ মধুৰ সংগীত শুনিব পাৰে৷ তদুপৰি কিছু সময় খোজ কাঢ়িব পাৰে৷
৩৷ নিজৰ শোৱাকোঠাটো এনেভাৱে ৰাখক, যাতে অনবৰতে নীৰৱতা অৱলম্বন হৈ থাকে৷ উদাহৰণস্বৰূপে আকাশী জাহাজৰ শব্দ, ৰে’লৰ উকি, যান–জঁটৰ শব্দ, কল–কাৰখানাৰ ছাইৰেন, জোৰেৰে বজোৱা মাইক্র’ফোনৰ শব্দ ইত্যাদি৷ এইবিলাকে আপোনাৰ টোপনিত যথেষ্ট ব্যাঘাত জন্মায়৷ তদুপৰি কুকুৰৰ ভুকভুকনি, আন জীৱ–জন্তুৰ শব্দ, টেলিভিছন নাইবা ৰেডি’ আদিৰ শব্দই যাতে আপোনাৰ শোৱাকোঠাটো ঢুকি নাপায়, তাৰ প্রতি লক্ষ্য ৰখা উচিত৷ নিজৰ শোৱনি কোঠাটো যথাসম্ভৱ অন্ধকাৰ আৰু শীতল কৰি ৰাখিবলৈ যত্ন কৰক, প্রয়োজনতকৈ বেছি গৰম নতুবা প্রয়োজনতকৈ বেছি ঠাণ্ডাই আপোনাৰ টোপনিত ব্যাঘাত জন্মায়৷ মহ, পোক–পৰুৱা আদিয়েও যাতে আপোনাৰ শোৱনি কোঠাটোত সোমাব নোৱাৰে, তাৰ ব্যৱস্থা গ্রহণ কৰা উচিত৷ তদুপৰি আপোনাৰ শোৱা বিছনাখন যাতে খুব আৰামদায়ক হয়, এই কথা মনত ৰাখিব৷ বহুতে টেলিভিছনৰ সহায়ত টোপনি যাবলৈ চেষ্টা কৰে, ই আপোনাক শোৱাৰ ক্ষেত্রত অকণো সহায় নকৰে, বৰঞ্চ ই আপোনাৰ টোপনিত ব্যাঘাতহে জন্মায়৷ নিশা শোৱাৰ আগতে কেতিয়াও টেলিভিছনৰ উত্তেজক দৃশ্য নাইবা কোলাহলপূর্ণ কোনো অনুষ্ঠান নাইবা বোলছবি উপভোগ নকৰিব৷ আজিকালি প্রায়ে নিউজ চেনেলবিলাকৰ প্রাইম টাইম নিউজ বা ৭ বজাৰ সান্ধ্য বাতৰি কেতবোৰ নিউজে বা খবৰে আপোনাক ব্যতিব্যস্ত কৰি তোলে, এনেবোৰ খবৰে আপোনাক খুব চিন্তিত আৰু ভাবুক কৰি তোলে, ফলত আপোনাৰ টোপনিত বাৰুকৈয়ে ব্যাঘাত জন্মায়৷
৪৷ নিতৌ শোৱাৰ আগত একোখন ধর্মমূলক গ্রন্থ নাইবা ধর্মীয় মন্ত্র নাইবা নেদেখাজনক স্মৰণ কৰিব পাৰে৷ তদুপৰি শোৱাৰ আগতে এক পাতলীয়া স্নানে আপোনাক যথেষ্ট সহায় কৰে৷ নহ’লে এক পাতলীয়া সংগীত শুনিব পাৰে৷
তদুপৰি দিনটোত ঘটি যোৱা ঘটনাবিলাক পুনৰ আওৰাব পাৰে৷ আপুনি শোৱা বিছনাখনৰ কাষত কেতিয়াও এলার্ম ক্লক, ঘড়ী, ম’বাইল ফোন, লেপটপ আদি নাৰাখিব৷ শোৱা বিছনাখনত কেতিয়াও লিখা–মেলা কাম নাইবা আন কোনো অফিচৰ কাম অদি নকৰিব৷
৫৷ শোৱাৰ পূর্বে কেতিয়াও ৰাগিয়াল দ্রব্য, এলক’হ’ল, চিগাৰেট, চাহ, কফী আদি সেৱন কৰিব নালাগে৷ এইবিলাক অতি উত্তেজক বস্তু৷ এইবিলাকে আপোনাৰ টোপনিক যথেষ্ট ক্ষতি কৰে৷ তদুপৰি নিশাৰ আহাৰ সদায়েই কমকৈ খাব লাগে৷ ভৰপেট ভোজন কৰি শুলে আপোনাৰ পাচন ক্রিয়া
ব্যাঘাত হোৱাৰ লগতে টোপনিও ক্ষতি হয়৷ পৰাপক্ষত এটা দেহৰ মাছাজ কৰিব পাৰিলে ভাল৷ শোৱাৰ প্রায় আধা ঘণ্টা পূর্বে এগিলাচ কুহুমীয়া গাখীৰ খালে আপোনাৰ দেহটোক শীতল কৰি তোলে৷
৬৷ দৈনন্দিত ব্যায়ামে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সবল কৰি ৰাখে৷ দৈনিক আধা ঘণ্টা সময় ব্যায়াম কৰক, খোজ কাঢ়ক, দৌৰক, যোগাসন কৰক, মেডিটেচন কৰক৷ তদুপৰি প্রার্থনাক আপোনাৰ নিত্যকর্ম হিচাপে গ্রহণ কৰক৷
৭৷ যদি আপোনাৰ অনিন্দ্রা ৰোগ অতি গুৰুতৰ হৈছে, তেন্তে অকণো পলম নকৰাকৈ চিকিৎসকৰ কাষ চাপক, হয়তো আপোনাৰ শৰীৰৰ কিছু সমস্যাৰ ফলত এয়া হৈছে৷ উদাহৰণস্বৰূপে এনজাইটি, ডিপ্রেছন, ষ্ট্রেছ আদি মানসিক ৰোগৰ ফলতো অনিদ্রা ৰোগ দেখা দিয়ে৷
উপৰিউক্ত নিয়মসমূহ মানি চলিবলৈ চেষ্টা কৰক৷ আৰু প্রকৃতিৰ অপৰূপ দান এই বহুমূলীয়া জীৱনটোক সম্পূর্ণভাৱে সুস্থ মানসিক আৰু সুস্থ শাৰীৰিকভাৱে অতিবাহিত কৰক৷