নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কোৱাচৰ উপকাৰিতা

-অর্পণ দত্ত

বাৰিষাৰ সময়ত অসমত পাচলিৰ অভাৱ সততে পৰিলক্ষিত হয়৷ সাধাৰণতে আমাৰ খেতিয়কৰ শাক–পাচলিৰ বাৰীবোৰত বতৰৰ কুপ্রভাৱৰ হেতুকে কৃষি উপযোগী পৰিৱেশ বিঘ্ণিত হোৱাৰ বাবেই তেনে ঘটে৷ অৱশ্যে অসমৰ ঠাই বিশেষত পোৱা আৰু বিশেষকৈ মেঘালয়ৰ পৰা আমদানি কৰা স্কোৱাচ নামৰ পাচলিবিধে আমাৰ ৰাজ্যত পাচলিৰ অভাৱ ভালেখিনি হ্রাস কৰা দেখা যায়৷ প্রকৃততে স্কোৱাচ হৈছে এবিধ লতাজাতীয় উদ্ভিদত লগা পাচলি৷ এই উদ্ভিদৰ গছ আমাৰ জিকা, ভোল আদিৰ গছৰ দৰেই একবর্ষী আৰু গছ প্রকৃতিৰো বহু মিল পোৱা যায়৷ ইয়াৰ পাতৰ আকৃতি আমাৰ হূদপিণ্ডৰ দৰে, মাজ অংশ কিছু বহল৷ দীঘলে ১০–১২ চেণ্টিমিটাৰ মানলৈ হয়৷ পাতৰ পিঠিখন কিছু খহটা আৰু অগ্রাংশ কিছু জোঙা৷

স্কোৱাচক ইংৰাজীতchayote আৰু বৈজ্ঞানিকভাৱেSechium edule নামেৰে জনা যায়৷ ইয়াৰ ফল (খাদ্যাংশ) মঙহাল আৰু কোমল৷ ইয়াক ভাজি, সিজাই বা তৰকাৰি ৰূপত খোৱা হয়৷ বহুতে মাছ অথবা মাংসৰ লগতো ইয়াৰ তৰকাৰী খায়৷ ই যেনেকৈ সহজে সিজে, তেনেকৈ আমাৰ অন্ত্রত হজমো হয় সহজে৷ ইয়াক প্রায় সকলো লোকেই খায় যদিও ইয়াৰ পুষ্টি সম্পর্কে জ্ঞাত নোহোৱা হেতুকে উপৰুৱা মন্তব্যৰে ই গুৰুত্বহীন পাচলি বুলি মন্তব্য কৰিব খোজে৷ কিন্তু ইয়াৰ পুষ্টি সম্পর্কে জানি উঠিলে তেনে মন্তব্য যে অমূলক সহজেই বুজি উঠাত অসুবিধা নহয়৷ দৰাচলতে স্কোৱাচ যে এবিধ উপাদেয় পাচলি, সেই কথা ইয়াৰ পুষ্টি উপাদানৰ স্থিতি নিৰীক্ষণৰ দ্বাৰাই সহজবোধ্য হৈ উঠে৷ ইয়াৰ ১০০ গ্রাম খাদ্যাংশত পোৱা মুখ্য উপাদানবোৰ এনে– শক্তি ১৯ কেলৰি, পানী ৯৫ গ্রাম, কার্ব’হাইড্রেট ৪.৫ গ্রাম, প্র’টিন ০.৯২ গ্রাম, আঁহ ১.৭ গ্রাম, চর্বি ০.১৩ গ্রাম, পটাছিয়াম ১৩৫ মিঃগ্রাম, আইৰন ০.৩ মিঃগ্রাম, ফছফৰাছ ১৮ মিঃগ্রাম, জিংক ০.৭৪ মিঃগ্রাম আৰু ভিটামিন– বি১ ০.০২৫ মিঃগ্রাম, বি২ ০.০২৯ মিঃগ্রাম, বি৩ ০.৪৭ মিঃগ্রাম, বি৫ ০.২৪৯ মিঃগ্রাম, বি৬ ০.০৭৬ মিঃগ্রাম, বি৯ ৯৩ মাইক্র’গ্রাম, কে ৪.১ মাইক্র’গ্রাম আৰু চি ৭.৭ মিঃগ্রাম৷

গতিকে উল্লিখিত তথ্যখিনিয়েই প্রতিপন্ন কৰে যে স্কোৱাচ অদৰকাৰী পাচলি নহয়৷ বৰঞ্চ বহু পাচলিতে নথকা কিছু উপাদান যেনে– ভিটামিন ‘বি’ৰ বহুল স্থিতি আৰু ভিটামিন ‘কে’ৰ উপস্থিতি স্কোৱাচত পোৱা যায়৷ সামগ্রিকভাৱে ই কম কেলৰিযুক্ত, কম কার্ব’হাইড্রেট সমৃদ্ধ আৰু উচ্চ পটাছিয়াম বহনকাৰী খাদ্য হোৱাত হূদৰোগী, মধুমেহ ৰোগী আৰু উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে উপযোগী৷ তেনেকৈ ইয়াত থকা কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ সবল স্থিতিৰ বাবে বিশেষকৈ আমাৰ হাড়ৰ গঠন তথা ইয়াৰ দৃঢ়কৰণত ইতিবাচক প্রভাৱ পৰাটো সম্ভৱ বুলি কোৱা হয়৷ সেইদৰে ইয়াত থকা ভিটামিন বি১, বি২, বি৩, বি৫ আদি উপাদানসমূহে সামগ্রিকভাৱে কার্ব’হাইড্রেটৰ ভাঙোন, শক্তি উৎপাদন, স্নায়ু সবলীকৰণ তথা ছালৰ সুৰক্ষাকৰণ আদিৰ দৰে ভালেমান দিশত ইয়াৰ অৱদান থাকে বুলিও কোৱা হৈছে৷ আনহাতে ই অপজাৰক গুণসম্পন্ন হোৱাত কর্কট প্রতিৰোধী আৰু তেনেকৈ আয়ুস হ্রাসৰোধীৰ ভূমিকা গ্রহণৰো ভূমিকা থাকে বুলি ব্যক্ত হৈছে৷ এই সকলোৰে উপৰি স্কোৱাচে সাধাৰণতে মানসিক অৱসাদ, অনিদ্রা, কোষ্ঠকাঠিন্য আদিৰ হ্রাসতো সহায়কাৰীৰ ভূমিকা পালন কৰাৰ কথা পোহৰলৈ আহিছে৷ সেয়েহে স্কোৱাচ খোৱাত গুৰুত্ব দিয়াৰ প্রয়োজন আছে বুলি ক’ব পাৰি৷

You might also like