নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিস্ময় : বৃহস্পতিত পানীৰ সন্ধান

সৌৰজগতৰ আমি বাস কৰা গ্রহ পৃথিৱীৰ বাহিৰে আন গ্রহত জীৱৰ সন্ধান কৰি থকাৰ লগতে পানীৰ সন্ধানতো ব্যস্ত হৈ আছে বিশ্বৰ বিজ্ঞানী মহল৷ সৌৰজগতৰ গ্রহসমূহৰ ৰহস্য উদ্ঘাটনৰ বাবে অহৰহ গৱেষণা চলাই থকা বিজ্ঞানীসকলে নিত্য নতুন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াভাৱে সৌৰজগতৰ গ্রহ বৃহস্পতিতো পানীৰ সন্ধান লাভ কৰিছে৷ ই এক আশাৰ খবৰ বুলিয়েই ক’ব পাৰি৷ কিয়নো ইয়াৰ পূর্বে বৃহস্পতি গ্রহত পানীৰ সন্ধানৰত অভিযানত কোনো বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ নাছাৰ জুন’ই শেহতীয়াভাৱে লাভ কৰা তথ্য মতে, বৃহস্পতিৰ ভূমধ্য অঞ্চলত পানীৰ অৱস্থিতি আছে৷ বায়ুমণ্ডলত পানী উপলব্ধ হ’ব পৰা অনু প্রায় ০.২৫ শতাংশ নিশ্চিত হৈছে৷ স্পষ্টকৈ পানী আছে বুলি ক’ব পৰা নাযায় যদিও পানীৰ উপাদানৰ আধাৰত গণনা কৰিলে গ্রহটিত পানীৰ অৱস্থিতি প্রায় নিশ্চিত৷ কিয়নো পানী সৃষ্টি হয় অক্সিজেন আৰু হাইড্র’জেনৰ পৰা৷ নাছাৰ জুন’ই লাভ কৰা তথ্য মতে, বৃহস্পতিৰ ভূমধ্য অঞ্চলত পানীৰ অণু বিদ্যমান৷ পূর্বৰ নাছাৰ গেলিলি’ অভিযানত বৃহস্পতি গ্রহত পানীৰ অৱস্থিতি প্রায় নুই কৰিছিল যদিও ১৯৯৫ চনৰ সেই অভিযানৰ পাছত ২০২০ বর্ষত নাছাৰ জুন’ই পানীৰ অৱস্থিতিক লৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ মন কৰিবলগীয়া যে সৌৰজগতৰ প্রথম সৃষ্টি হোৱা গ্রহটোৱেই বৃহস্পতি৷ এনে কাৰণত বৃহস্পতিৰ ভূমধ্য অঞ্চলত পানীৰ অৱস্থিতি নুই কৰিব নোৱাৰি৷ নাছাৰ গেলিলি’ অভিযানে বৃহস্পতিৰ ভূ–পৃষ্ঠত পানীৰ অৱস্থিতি ধাৰণা কৰাতকৈও ১০ গুণ কম বুলি বিজ্ঞানীসকলক নিৰাশ কৰিছিল৷ অৱশ্যে গেলিলি’ অভিযানৰ সময়ত মহাকাশ যানখনে গ্রহটোৰ অধিক ওচৰলৈ যাবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু জুন’ অভিযানে ৫৩ দিন ধৰি গ্রহটিৰ কক্ষপথত প্রদক্ষিণ কৰি থাকি ক্রমান্বয়ে গ্রহটোৰ দক্ষিণ মেৰুৰ ফালে অধিক গভীৰলৈ সোমাই গৈ অধ্যয়ন কৰিবলৈ সক্ষম হোৱাত বৃহস্পতি গ্রহটোত পানীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে প্রাৰম্ভিক তথ্যত বৃহস্পতিত পানীৰ সন্ধান লাভ কৰা বুলি দাবী কৰিলেও এই তথ্যৰ সঠিক বিশ্লেষণৰ অন্ততহে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পাৰিব৷ কিয়নো মহাকাশত অনেক আৱিষ্কাৰে পাছলৈ নতুন ৰূপ লোৱা দেখা যায়৷

You might also like