নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ কোটি সৌৰমণ্ডলৰ আকাৰৰ গাঁত সৃষ্টি

বিশ্ব ব্রহ্মাণ্ডত ভয়ংকৰ বিস্ফোৰণ

মহাকাশৰ ৰহস্য নিত্য নতুন ৰূপত পোহৰলৈ আহি থাকে৷ বিশ্ব ব্রহ্মাণ্ডত এনে অনেক ঘটনা সংঘটিত হৈ গৈছে, যাৰ প্রতিফলন কোটি কোটি বছৰৰ পাছত বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ তেনে এক প্রচণ্ড ভয়ংকৰ বিস্ফোৰণৰ তথ্য অলপতে পোহৰলৈ আহিছে৷ বিশ্বৰ মহাকাশ বিজ্ঞানীয়ে চলোৱা অধ্যয়নত চাৰিটা অত্যাধুনিক টেলিস্কোপৰ দ্বাৰা বিশ্ব ব্রহ্মাণ্ডত ১৪০০ কোটি বছৰৰ পূর্বে সংঘটিত প্রচণ্ড বিস্ফোৰণৰ তথ্য লাভ কৰিছে৷ এনে প্রচণ্ড বিস্ফোৰণৰ সন্ধান কাহানিও বিজ্ঞানীসকলে লাভ কৰা নাছিল৷ পৃথিৱীৰ পৰা ৩৯ কোটি আলোকবর্ষ দূৰত্বত এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছিল আৰু ফলত সৃষ্টি হৈছিল ১০০ কোটি সৌৰমণ্ডলৰ আকাৰৰ গাঁত৷ পশ্চিম অষ্ট্রেলিয়াৰ মুৰচিচন ৱাইলফিল্ড এৰে (এমডব্লিউএ), ভাৰতৰ পুনেৰ জিয়াণ্ট মিটাৰ ৰেডি’ টেলিস্কোপ (জিএমআৰটি), নাছাৰ ‘লুনাৰ এক্সৰে অৱজাৰভেটৰী’ আৰু ইউৰোপীয়ান স্পেচ এজেঞ্চীৰ ‘এক্স এম এম–নিউটন’ৰ অত্যাধুনিক টেলিস্কোপৰ দ্বাৰা সন্ধান লাভ কৰা প্রচণ্ড বিস্ফোৰণৰ তথ্য ইণ্টাৰনেচনেল এষ্ট্র’নমিকেল জার্নেল ‘দ্য এষ্ট্র’ফেজিকেল জার্নেল’ত প্রকাশ পাইছে৷ প্রতিবেদনৰ তথ্য মতে, এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে বিগ বেঙৰ মহাবিস্ফোৰণতকৈ অধিক শক্তিশালী৷ বিগ বেঙৰ সময়ত যিমান পদার্থৰ সৃষ্টি হৈছিল, সেই পৰিমাণৰ লগত ৬০টা শূন্য লগ লগালে যিমান হ’ব তাতোকৈ বেছি পদার্থ সৃষ্টি হৈছিল ভয়াৱহ বিস্ফোৰণটোত৷ অর্থাৎ ১০ কোটি সূর্যক ধ্বংস কৰিলে যিমান শক্তি হ’ব, সিমান শক্তিশালী আছিল সেই বিস্ফোৰণ৷

You might also like