নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেএনইউত আক্ৰমণঃ মুখাপিন্ধা আক্রমণকাৰীৰ প্রধান লক্ষ্য আছিল উত্তৰ–পূব, কাশ্মীৰৰ শিক্ষার্থী

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জে এন ইউ) দেওবাৰে সন্ধিয়া সংঘটিত বর্বৰোচিত আক্রমণৰ মূল লক্ষ্য আছিল উত্তৰ–পূর্বাঞ্চল আৰু কাশ্মীৰৰ ছাত্র–ছাত্রীসকল৷ দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত জে এন ইউত অধ্যয়নৰত অসমীয়া ছাত্র মৃণাল বৰাই সাংবাদিকৰ আগত অতি গুৰুতৰ এই অভিযোগ উত্থাপন কৰিছে৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম তথা উত্তৰ–পূর্বাঞ্চলত তীব্র আন্দোলনৰ প্রতিশোধ লোৱাৰ বাবেই শাসকীয় গেৰুৱা বাহিনীয়ে এই আক্রমণ চলাইছিল বুলি এক অজ্ঞাত স্থানৰ বৰাই সাংবাদিকক এই কথা জানিবলৈ দিয়ে৷

মন কৰিবলগীয়া যে দেওবাৰে সন্ধিয়া হোৱা আক্রমণৰ পাছত অসংখ্য ছাত্র বর্তমানে আত্মগোপন কৰি আছে৷ ছাত্র–ছাত্রীসকলৰ ভয় যে এই আক্রমণৰ পুনৰাবৃত্তি ঘটিব৷ আনহাতে, কাশ্মীৰী ছাত্র–ছাত্রীক গেৰুৱা বাহিনীয়ে দেশবিৰোধী বুলি গণ্য কৰিহে তেওঁলোকক বিচাৰি বিচাৰি আক্রমণ চলোৱা হৈছিল বুলিও বৰাই লগতে জানিবলৈ দিয়ে৷

ছাত্রজনৰ মতে পুৰহি নিশা হোৱা আক্রমণ আছিল হিন্দুত্ববাদী আক্রমণ৷ পৰিতাপৰ বিষয়টো হৈছে আক্রমণকাৰীসকলৰ মাজত আছিল জে এন ইউত কর্মৰত অসমৰ এজন অধ্যাপক৷ বৰাই প্রকাশ কৰা মতে, আক্রমণকাৰী অধ্যাপক জাইখলুং বসুমতাৰী হৈছে আৰ এছ এছ সমর্থিত জে এন ইউ টিচার্ছ ফেডাৰেচনৰ অন্যতম সদস্য৷ মুকলিকৈ নাগৰিকত্ব সংশোধনী আইনৰ সমর্থক বসুমতাৰীয়ে কেৱল বিজেপিৰ ছাত্র সংগঠন এ বি ভি পিৰ ছাত্রসকলক আক্রমণৰ বাবে প্রৰোচনা দিয়াই নহয়, খোদ নিজেই লাঠী লৈ নিৰীহ ছাত্র–ছাত্রীসকলক মাৰপিট কৰা বুলি বৰাই সাংবাদিকক জানিবলৈ দিয়ে৷

লগতে দিল্লী আৰক্ষীয়ে আক্রমণকাৰীসকলক নিৰাপত্তা প্রদান কৰা বুলিও বৰাই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে৷ বৰাৰ প্রশ্ণ– জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত সোমাই আৰক্ষীয়ে ছাত্র–ছাত্রীসকলৰ ওপৰত আক্রমণ চলাব পাৰে আৰু জে এন ইউত আক্রমণ চলি থকাৰ সময়ত দিল্লী আৰক্ষীয়ে কোনো ব্যৱস্থা ল’ব নোৱাৰে? ছাত্রজনে অসমত এ বি ভি পিক বয়কট কৰাৰ আহ্বান জনায়৷

You might also like