নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাতে চাহিদা বৃদ্ধি পাইছে এই বৈদ্যুতিক স্কুটাৰৰ, এবাৰ চাৰ্জ দিলে যায় ৯৫ কিলোমিটাৰ

 এফালে কোভিড-১৯ৰ লকডাউন। আনহাতে, পেট্ৰ’লৰ মূল্য আকাশচুম্বী। যাৰবাবে প্ৰভাৱ পৰিছে বাহন নিৰ্মাতা কোম্পানীসমূহৰ। বেছিভাগ কোম্পানীৰ বাহন বিক্ৰীত কিছু পৰিমাণে হ্ৰাস পাইছে। কিন্তু ব্যতিক্ৰম হৈছে বাজাজ চেতক। যোৱা এপ্ৰিলত এই বৈদ্যুতিক স্কুটাৰৰ বিক্ৰী বৃদ্ধি পাইছিল। 

বাজাজ চেতক ইলেক্ট্ৰিক স্কুটাৰ এপ্ৰিল মাহত মুঠ ৫১০ ইউনিট বিক্ৰী হৈছিল। একেদৰে, টিভিএছে এপ্ৰিলত ৩১০ ইউনিট আইকিউব স্কুটাৰ বিক্ৰী কৰিছিল।

পৰিসংখ্যালৈ লক্ষ্য কৰিলে, বাজাজ চেতক বৈদ্যুতিক বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে।

এবাৰ চাৰ্জত যাব ৯৫ কিমি

বাজাজ চেতকত দুটা বেলেগ বেলেগ ড্ৰাইভিং মোড আছে। স্পৰ্টছ আৰু ইকো মোড। কোম্পানীটোৱে দাবী কৰিছে যে ইকো মোডত ৯৫ কিলোমিটাৰ পৰ্যন্ত ড্ৰাইভিং পৰিসৰ। স্পৰ্টছ মোডত ৮৫ কিলোমিটাৰ লৈকে ড্ৰাইভিং পৰিসৰ।

বাজাজ চেতকৰ মূল্য

বাজাজৰ বৈদ্যুতিক স্কুটাৰত স্মাৰ্টফোন সংযোগ, স্পৰ্শ সংবেদনশীল চুইচ, কীলেছ ষ্টাৰ্ট-ষ্টপ চিষ্টেম আৰু এলইডি হেডলেম্প আৰু এলইডি টাৰ্ণ ইণ্ডিকেটৰৰ সৈতে ডিজাইনাৰ এলয় হুইল আছে। বাজাজ চেটকৰ এটা ডিজিটেল ইনষ্ট্ৰুমেণ্ট কনচৌলো আছে। বাজাজ চেতক ইলেক্ট্ৰিক ১ লাখ টকাৰ পৰা ১,১৫,০০০ টকালৈ গৈছে।

You might also like