নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট অ’এনজিচিত ৩ পদ খালী; ১২ জুনৰ ভিতৰত আবেদন আহ্বান

তেল আৰু প্রাকৃতিক গেছ উৎপাদনৰ ক্ষেত্রত অন্যতম অগ্রণী ভূমিকা লোৱা অ’এনজিচিৰ যোৰহাটস্থিত কার্যালয়ত খালী হৈছে ৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি যোৰহাট অ’এনজিচিৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, মেডিকেল অফিচাৰ–জেনেৰেল ডিউটীৰ ৩ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ পদ তিনিটা অসংৰক্ষিত৷ ইয়াৰে দুটা পদৰ কার্যকালৰ সময়সীমা ৩০ জুন, ২০২২৷ ইয়াৰ বিপৰীতে এটা পদত প্রার্থী ৬ মাহৰ বাবে নিয়োগ কৰা হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৭২,০০০ টকা৷ আবেদনকাৰী এম বি বি এছৰ ডিগ্রীধাৰী হোৱাৰ লগতে ৰাজ্যিক চিকিৎসা পৰিষদ নাইবা ভাৰতীয় চিকিৎসা পৰিষদত নাম পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটwww.ongcindia.com লগ–ইন কৰিব পাৰে৷ নির্ধাৰিত প্র–পত্র পূৰ কৰি ই–মেইল[email protected]যোগে ১২ জুন, ২০২১ৰ পূর্বে পোৱাকৈ অ’এনজিচিৰ যোৰহাট কার্যালয়লৈ প্রেৰণ কৰিব লাগিব৷

You might also like