নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজাজৰ নতুন Pulsar 180 মুকলিঃ দাম শুনিলে আজিয়ে কিনিব আপুনি

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ বাজাজ অটোয়ে মঙলবাৰে দেশত পালচাৰ ১৮০ বাইকৰ নতুন সংস্কৰণ মুকলি কৰিছে। যাৰ মূল্য ১,০৭,৯০৪ টকা (এক্স-শ্ব’ৰুম দিল্লীৰ মতে)।

178.6 cc মডেলত আছে স্পোৰ্টী স্প্লিট চিট, ব্লেক এলয় হোইলছ, এলইডি টেইল লেম্প, সন্মুখৰ চাচপেনশ্বনত টেলিস্কোপিক এণ্টি ফ্ৰিকছনৰ সৈতে ফাইভ স্পীড ট্ৰানছমিছন আৰু নাইট্ৰেক্স শ্বক এবজৰ্বাৰ।

বাজাজ অটোৰ মতে, ক্ৰীড়া বাইকিং খণ্ডত বৰ্তমান ১৮০-২০০চিচি মটৰচাইকেলৰ অংশ প্ৰায় ২০ শতাংশ। কোম্পানীটোৱে দাবী কৰিছে যে নতুন বাজাজ পালচাৰ ১৮০ য়ে প্ৰযুক্তি আৰু প্ৰদৰ্শনত সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰা ক্ৰীড়া বাহন বিচাৰি থকা গ্ৰাহকসকলক লক্ষ্য কৰিব, আৰু ভাৰতৰ এই খণ্ডত ইয়াৰ নেতৃত্ব দৃঢ় কৰিব।

You might also like