নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্চৰ শেষত বিজেপিৰ প্ৰাৰ্থী তালিকা, বহু সমষ্টিত সলনি হ’ব প্ৰাৰ্থী

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ প্ৰাৰ্থী তালিকা মাৰ্চৰ শেষৰ ফালে প্ৰকাশ পাব বুলি জানিব পৰা গৈছে। আনহাতে, বহু সমষ্টিত প্ৰাৰ্থী সলনি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থকা দিশটো স্পষ্ট হৈছে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ভাষ্যৰ পৰা। আজি সভাপতি ৰঞ্জিত দাসে ৫২নং দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ ৰাজধানী মণ্ডলৰ পৰা ‘পৰিয়াল সম্পৰ্ক অভিযান’ৰ শুভাৰম্ভ কৰে। বেলতলাৰ ড০ নিপন চন্দ্ৰ দাসৰ বাসগৃহৰ পৰা এই কাৰ্যসূচীৰ আৰম্ভণি কৰে দাসে।

‘পৰিয়াল সম্পৰ্ক অভিযান’ৰ শুভাৰম্ভৰ সময়তে দাসে সাংবাদিকৰ আগত কয়- ‘প্ৰাৰ্থীতালিকা আমাৰ মাৰ্চ মাহৰ অন্তিমভাগতহে হ’ব। এতিয়ালৈ ইউ পি পি এল, অসম গণ পৰিষদ আদি আমাৰ সহযোগী দলৰ লগত আলোচনা কৰা হোৱা নাই, ইয়াৰ লগতে আমি চলোৱা জৰীপৰ প্ৰতিবেদনো আহি পোৱা নাই। গতিকে মাৰ্চৰ প্ৰথম ভাগত আলোচনাত বহাৰ পিছত মাৰ্চৰ শেষত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ’ব।’

আনহাতে, এইবাৰ নিৰ্বাচনত বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত ৰঞ্জিত দাসে কয়- ‘জৰীপৰ প্ৰতিবেদনে কি কয় সেয়া নাজানো,এতিয়া মোৰ সৰভোগ সমষ্টিত যদি জৰীপৰ প্ৰতিবেদনত মোৰ নাম নাহে, তেন্তে মই কোন বা নতুন-পুৰণি বা বিধায়ক-মন্ত্ৰীৰ কথা নাহে। জৰীপ অনুযায়ী কাৰ নাম আহে, তাৰ ওপৰতেই টিকট প্ৰদানৰ কথাটো আহিব। এই জৰীপ এক ৰাষ্ট্ৰীয় প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ ফলাফল ভালেই পোৱা গৈছে যেতিয়া এইবাৰো জৰীপৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰিব।’

You might also like