নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত সাংবাদিকৰ সমস্যাৰ বুজ ল’লে ড’নাৰ মন্ত্রী সিঙে

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ  গুৱাহাটী প্রেছ ক্লাবৰ বিষয়ববীয়াসকলৰ সৈতে দেওবাৰে গুৱাহাটী প্রেছ ক্লাবত সৌজন্যমূলক আলোচনাত মিলিত হয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিং৷ দেওবাৰে পুৱা ১১ বজাত মন্ত্রী সিঙে প্রাক্তন সাংসদ ৰমেন ডেকাৰ সৈতে গুৱাহাটী প্রেছ ক্লাবৰ কার্যালয়ত উপস্থিত হয়৷ তেওঁ প্রেছ ক্লাবৰ কার্যনির্বাহক সমিতিৰ সৈতে গুৱাহাটী প্রেছ ক্লাবৰ সমস্যা তথা ৰাজ্যৰ সাংবাদিকসকলৰ সমস্যা সম্পর্কত মত বিনিময় কৰে৷ গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰে আবণ্টন দিয়া ভূমিত গুৱাহাটী প্রেছ ক্লাবৰ স্থায়ী গৃহ নির্মাণৰ বাবে প্রয়োজনীয় পুঁজি সন্দর্ভতো ড’নাৰ মন্ত্রীগৰাকীৰ সৈতে আলোচনাত মিলিত হয়৷ আনহাতে, গুৱাহাটী প্রেছ ক্লাবৰ সদস্য সাংবাদিকসকলৰ স্বাস্থ্য বীমা সন্দর্ভতো ড’নাৰ মন্ত্রীৰ সৈতে মত বিনিময় কৰে প্রেছ ক্লাবৰ সভাপতি আৰু সম্পাদকে৷

এইক্ষেত্রত মন্ত্রী সিঙে ইতিবাচক সঁহাৰি জনোৱাৰ লগতে গণতন্ত্র শক্তিশালী কৰি ৰাখিবলৈ সংবাদ মাধ্যম শক্তিশালী হ’বই লাগিব বুলি মন্তব্য কৰে৷ মন্ত্রী জিতেন্দ্র সিঙে তেওঁৰ সংবাদ মাধ্যমৰ সৈতে দীর্ঘদিনীয়া সম্পর্কৰ বিষয়েও প্রেছ ক্লাবৰ বিষয়ববীয়াসকলৰ সৈতে বার্তালাপ কৰে৷ উক্ত বৈঠকত গুৱাহাটী প্রেছ ক্লাবৰ উপ–সভাপতি ধনীৰাম কলিতা, সহকাৰী সাধাৰণ সম্পাদক মনিন্দ্র ডেকা, ক্রীড়া সম্পাদক ধীৰাজ হাজৰিকা, সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰা আৰু কার্যনির্বাহক সদস্য নিৰজ ঝা উপস্থিত থাকে৷ আনহাতে, বিজেপিৰ প্রচাৰ কোষৰ নেতাদ্বয় ধ্রুৱপ্রসাদ বৈশ্য আৰু জিতেন শর্মায়ো বৈঠকত অংশ লয়৷ মন্ত্রী জিতেন্দ্র সিঙে বৈঠকৰ অন্তত গুৱাহাটী প্রেছ ক্লাব চৌহদৰ বিভিন্ন কক্ষ পৰিদর্শন কৰাৰ লগতে অত্যাধুনিক কৰাৰ বাবে পৰামর্শও আগবঢ়ায়৷

You might also like