নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Hotstarত আই পি এল চাবলৈ দুৰ্দান্ত প্লেন মুকলি কৰিছে জিঅ’ই, চাওক কি কি

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ আই পি এল আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰিলায়েন্স জিঅ’ই দুটা ডাটা পেক লৈ আহিছে। সেই ৰিচাৰ্জত, আপুনি বিনামূলীয়াকৈ ডিজনী প্লাছ হটষ্টাৰৰ সদস্যতা প্ৰাপ্ত কৰিব।

মুকেশ আম্বানীৰ কোম্পানীয়ে জনোৱা অনুসৰি গ্ৰাহকসকলে ৫৫৫ টকা বা ২৯৯৯ টকাৰ প্লেনৰ ৰিচাৰ্জত Disney+ Hotstar অ’টিটি প্লেটফৰ্মত সকলো অনুষ্ঠান উপভোগ কৰিব পাৰে। 555 টকাৰ প্লেনটো মূলতঃ এক ডাটা-অন আঁচনি। ইয়াৰ অৰ্থ হৈছে যে যদি আপুনি বৰ্তমান প্লেনটো ব্যৱহাৰ কৰি থাকোতে 555 টকাৰে ৰিচাৰ্জ কৰে, আপুনি অতিৰিক্ত ইণ্টাৰনেট ডাটা পাব। এই প্লেনত, অৱশ্যে, কোনো ভইচ কল বা এছএমএছ সেৱা উপলব্ধ নহ’ব।

ৰিলায়েন্স জিঅ’ই এই নতুন পেকটো লৈ আহিছে যাতে ক্ৰিকেট অনুৰাগীসকলে কোনো বাধা অবিহনে আই পি এলৰ খেলসমূহ উপভোগ কৰিব পাৰে। ই ৫৫ দিনৰ বাবে ১জিবি ডাটা আগবঢ়াব। Disney+ Hotstar ৰো বিনামূলীয়াকৈ 12 মাহৰ বাবে উপলব্ধ হ’ব। অৱশ্যে, দৰ্শকে কেৱল ম’বাইলত হে মেচখন চাব পাৰে, টিভি বা লেপটপৰ সৈতে সংযোজিত নহয়।

You might also like