নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰ! কাজিৰঙাত ২,৬১৩টালৈ বৃদ্ধি গঁড়

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ২৬১৩টালৈ বৃদ্ধি পালে এটা খড়গযুক্ত গঁড়ৰ সংখ্যা৷ যোৱা চাৰিটা বছৰত ২০০টালৈ বৃদ্ধি পাহছে কাজিৰঙাৰ গঁড়৷ মঙলবাৰে কাজিৰঙাত বন বিভাগৰ পৰমানন্দ লাহন প্রেক্ষাগৃহত বন বিভাগে উচ্চপদস্থ বন বিষয়াৰ উপস্থিতত এখন সংবাদ মেল সম্বোধন কৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ নৱনিযুক্ত সঞ্চালক যতীন্দ্র নাথ শর্মাই এই ঘোষণা কৰে৷

উল্লেখযোগ্য যে যোৱা ২৬, ২৭ আৰু ২৮ মার্চত কাজিৰঙাত সম্পন্ন হয় অসম গৌৰৱ এটা খড়গযুক্ত গঁড়ৰ গণনা৷ ২০১৮ চনৰ পৰা উদ্যানত গঁডৰ গণনা হোৱা নাছিল৷ কাজিৰঙাত প্রণালীবদ্ধভাৱে গঁড় গণনাৰ কাম ১৯৬৫ চনত প্রথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল আৰু সেই গণনাত ৰাষ্ট্রীয় উদ্যানখনত মুঠ ৩৬৬টা গঁড পোৱা গৈছিল৷

শেহতীয়াকৈ ২০১৮ বর্ষত চলা গণনাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ২৪১৩টা গঁড় পোৱা গৈছিল৷ এইবাৰৰ গণনাত পোৱা অনুসৰি ৬ বছৰৰ ঊর্ধ্বৰ মতা গঁড়ৰ সংখ্যা ৭৫০টা আৰু মাহকী ৯০৩, আৰু লিংগ নির্ণয় নোহোৱা ১৭০টা৷ ৩ৰ পৰা ৬ বছৰৰ ভিতৰৰ মতা ১১৬টা, মাহকী ১৪৬টা আৰু লিংগ নির্ণয় নোহোৱা ১০৩টা গঁড় পোৱা গৈছে৷ তেনেকৈ ১ৰ পৰা ৩ বছৰৰ ভিতৰত ২৭৯টা আৰু জন্মৰ পৰা ১ বছৰৰ ভিতৰৰ গঁড়ৰ সংখ্যা ১৪৬টা বুলি চূড়ান্ত গণনাত প্রকাশ পাইছে৷ এইবাৰ গঁড়ৰ গণনাৰ বাবে উদ্যানখনক ৮৪টা কম্পার্টমেণ্টত ভাগ কৰা হৈছিল৷ ইয়াৰে প্রথম দিনটোত মুঠ ৪৮টা কম্পার্টমেণ্টত আৰু দ্বিতীয় দিনা বাকী ৩৬টা কম্পার্টমেণ্টত গণনা কার্য চলোৱা হয়৷ এই গণনা কার্যৰ বাবে মুঠ ৬৩গৰাকী বিশেষজ্ঞক আমন্ত্রণ কৰিছিল কাজিৰঙা উদ্যান কর্তৃপক্ষই৷

সংবাদ মাধ্যম আৰু স্বেচ্ছাসেৱক কর্মকর্তাক ধৰি মুঠ এশ লোক এই গঁড় গণনাত নিয়োজিত কৰা হৈছিল৷ ২৫০জন বনকর্মীও গণনা কামত নিয়োজিত হৈছিল৷ লক্ষণীয় যে এইবাৰৰ গঁড় গণনাত প্রথমবাৰৰ বাবে ড্রোন ব্যৱহাৰ কৰা হয়৷ ড্রোনৰ জৰিয়তে চাৰিটা কপার্টমেণ্টত তিনিটা দলে গণনা সম্পন্ন কৰে৷ ইয়াৰ উপৰি জীপ, হাতীৰ পিঠিত আৰু খোজৰে এই গণনা কৰা হয়৷  সংবাদ মেলত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, কাজিৰঙাৰ বন গৱেষণা বিষয়া ড০ ৰবীন শর্মাৰ লগতে উচ্চপদস্থ বন বিষয়া, বনকর্মীসকল উপস্থিত থাকে৷

You might also like