নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রেকত সমস্যা মার্চিডিজে ঘূৰাই ল’ব ৯ লাখ গাড়ী

নিয়মীয়া বাৰ্তা,৬ জুনঃ বিলাসী গাড়ী নির্মাণ সংস্থা মার্চিডিজৰ বহু গাড়ীত দেখিবলৈ পোৱা গৈছে ব্রেকৰ সমস্যা৷ ইয়াৰ বাবেই ৯,৯৩,০০০ গাড়ী মার্চিডিজে ক্রেতাসকলৰ পুনৰ ওভতাই নিয়াৰ সিদ্ধান্ত লৈছিল৷ গাড়ী প্রস্তুতকাৰক সংস্থাটোৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰিছে এই তথ্য৷ ২০০৪ৰ পৰা ২০১৫ চনৰ ভিতৰত নির্মাণ কৰা এই গাড়ীসমূহত ব্রেকৰ সমস্যা থকা বুলি সদৰী কৰা হৈছে মার্চিডিজৰ তৰফৰ পৰা৷ উল্লেখনীয় যে মার্চিডিজ ব্রেণ্ডৰ এছ ইউ ভি ছিৰিজৰ বিভিন্ন বাহনত ব্রেকৰ সমস্যা থকা বুলি উল্লেখ কৰা হৈছে৷

You might also like