নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ নাছিকত ভয়াৱহ জলসংকটঃ এটুপি খোৱাপানীৰ বাবে ৩ কিঃমিঃ পদযাত্রা

নিয়মীয়া বাৰ্তা,৬ জুনঃ মহাৰাষ্ট্রৰ নাছিকত ভয়াৱহ জলসংকটে দেখা দিছে৷ অঞ্চলটোত এটুপি খোৱাপানীৰ বাবে ঘৰৰ পৰা ৩ কিলোমিটাৰ পর্যন্ত পথ খোজকাঢ়ি যাবলগীয়া হৈছে গাঁৱৰ বাসিন্দাসকলে৷ এটা কুঁৱাৰ পৰা ৩ কিলোমিটাৰ পথ খোজকাঢ়ি গৈ কোনোমতে বোকা–পানী ঘৰলৈ আনিবলগীয়া হৈছে স্থানীয় লোকসকলে৷

শেহতীয়াকৈ কুঁৱাৰ তলিত গৈ এনেদৰে বোকাৰ মাজৰ পৰা পানী সংগ্রহ কৰা ভয়াৱহ দৃশ্য সংবাদ মাধ্যমত মুকলি কৰি দিছে সংবাদ সংস্থা এ এন আয়ে৷ এ এন আইৰ ভিডি’ত দেখিবলৈ পোৱা গৈছে এজন লোকে কুঁৱাৰ তলিলৈ নামি গৈ কাপোৰ এখন তিয়াই বোকাৰ মাজৰ পৰা পানী সংগ্রহৰ চেষ্টা কৰিছে৷ মহাৰাষ্ট্রৰ নাছিকৰ এই ছবি সংবাদ মাধ্যমত প্রকাশ পোৱাৰ লগে লগে ভয়াৱহ জলসংকটৰ ঘটনা প্রথমবাৰলৈ দেশবাসীৰ নজৰলৈ আহিছে৷

স্মর্তব্য যে ভূ–গর্ভৰ জলৰ স্তৰ বিভিন্ন ৰাজ্যত হ্রাস পোৱাৰ ফলত এতিয়া খোৱাপানীৰ অভাৱত পৰিব লগা হৈছে হাজাৰ হাজাৰ লোক৷ নাছিকত বুলিয়েই নহয়, মহাৰাষ্ট্রৰ বিভিন্ন অঞ্চলত এতিয়া তীব্র জলসংকটে দেখা দিছে৷ ৰাজ্য চৰকাৰে কেইদিনমান পূর্বে ঘোষণা কৰা অনুসৰি বর্তমান মাত্র ৩৭ শতাংশ পানী সঞ্চিত হৈ আছে ৰাজ্যখনত৷

You might also like