নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী চৰকাৰৰ পুনৰ ডিজিটেল ষ্ট্ৰাইক, নিষিদ্ধ কৰিলে ৪৩টা এপ, আছে snack videoও

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ মোদী চৰকাৰে আৰু এটা ডিজিটেল ষ্ট্ৰাইক কৰিলে। ভাৰতৰ প্ৰতিৰক্ষা, সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ প্ৰসংগতে মোদী চৰকাৰে পুনৰ ৪৩টা ম’বাইল এপ নিষিদ্ধ কৰিলে। ইয়াৰ ভিতৰত আছে আলিবাবা ৱৰ্কবেঞ্চ, আলি পে কেছিয়াৰ, ডেলিভাৰী এপ লালমুব ইণ্ডিয়া, স্নেক ভিডিঅ’ৰ দৰে এপ।

নিষিদ্ধ কৰা এপবোৰৰ ভিতৰত কিছুমান পুৰণি এপ আছে, কিন্তু বেছিভাগ এপ সমৰ্থনসূচক এপ। আলি বাবাৰ কিছুমান এপ পূৰ্বতে নিষিদ্ধ কৰা হৈছিল, কিন্তু এইবাৰ আলি বাবাৰ কিছুমান সমৰ্থনসূচক এপ নিষিদ্ধ কৰা হৈছে। ইয়াৰ ভিতৰত আছে AliSuppliers, AliExpress আৰু AliPay Cashierৰ দৰে এপ।

এই এপৰ বেছিভাগ এপ কম জনপ্ৰিয় আৰু গুগলেও এনে এপ নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰ কৰে। এইবোৰৰ বেছিভাগ এপ এতিয়াও ষ্টোৰত দৃশ্যমান হৈ আছে। কিছুমান আলিবাবা গ্ৰুপৰ কিছুমান মুখ্য এপ, চমু ভিডিঅ’ শ্বেয়াৰিং এপ স্নেক ভিডিঅ’, বিজনেছ কাৰ্ড ৰিডাৰ এপ কেম কাৰ্ড, ট্ৰাক আৰু ড্ৰাইভাৰ এগ্ৰিগেটৰ লালমুব আদি হৈছে এনে এপ, যাক নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য ইয়াৰ আগতে ২৯ জুন, ২০২০ত ভাৰত চৰকাৰে ২ ছেপ্টেম্বৰ, ২০২০ত তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯-এৰ অধীনত ৫৯টা ম’বাইল এপ আৰু ১১৮ টাৰো অধিক এপ নিষিদ্ধ কৰিছিল।

You might also like