নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Royal Enfield-ৰ নকল কৰি চীনা কোম্পানীয়ে নিৰ্মাণ কৰিছে কমদামী বাইক,নাম ৰাখিছে The Hanway G30

দেখাত হুবহু একেই। চীনা গাড়ী নির্মাতা সংস্থাই তৈয়াৰ কৰিছে Royal Enfield Himalayan-ৰ মডেলৰ এখন বাইক। কিন্তু এয়া প্রথমবাৰ নহয়,  Ducati Scrambler ৰ পৰা Honda Gold Wing, আৰু the KTM 200 Duke পর্যন্ত নকল কৰি প্ৰস্তুত কৰিছে এই সংস্থাই। 

শেহতীয়াকৈ সংস্থাটোৱে Royal Enfield Himalayan-মডেল তৈয়াৰ কৰিছে। অৱশ্যে ফিচাৰ আৰু স্পচিফিকশ্যনৰ ক্ষেত্ৰত বহুগুণ আগত থকা বুলি দাবী চীনা বাইক নির্মাতা সংস্থাটোৰ। এই মডেলটোৰ নাম The Hanway G30।

অৱশ্যে এই মডেলত আছে একাধিক ইলেকট্রিক  গেজেট। আছে Full LED লাইট। 5-volt 2-ampere charging port-ৰ সৈতে আছে   TFT console।

কোম্পানীটোৰ দাবী  Royal Enfield Himalayan-তকৈও hardware-ৰ ক্ষেত্ৰত বহু আগত The Hanway G30।

Royal Enfield Himalayan-তকৈ ডাঙৰ টেঙ্ক আছে এই বাইকত।  দামো Royal Enfield Himalayan-কৈও বহু কম। ভাৰতীয় মুদ্রা অনুযায়ী ১.৯২ লাখ টকা।  ডুয়েল চেলেন  ABS ৰ সৈতে ২৮০ mm আৰু ২৪০ mm ডিস্ক ব্রেক আছে।

You might also like