নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধ্ৰপ্ৰদেশত দুখন বাছৰ মুখামুখি সংঘৰ্ষ; ৩ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা: ২৯ মাৰ্চঃ অন্ধ্ৰপ্ৰদেশত আজি পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা। ভিজিয়ানগৰ জিলাত দুখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

ইপিনে এই দুৰ্ঘটনাত বাছ দুখনৰ চালকসহ এজন যাত্ৰীৰ মুঠ তিনিজন লোকৰ মৃত্যু হয়।

“বাছ দুখনৰ চালক আৰু এজন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। আন পাঁচজন যাত্ৰী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে,” এজন আৰক্ষী পৰিদৰ্শকে কয়।

You might also like