নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেলিভাৰী বয় নহয় ডেলিভাৰী ৰবট, ছিংগাপুৰত আৰম্ভ সেৱা

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ৰবট ৰাজপথত। প্ৰদৰ্শনীৰ বাবে নহয়, এগৰাকী ডেলিভাৰী বয়ৰ ৰূপত ৰাজপথত ওলাইছে ৰবট। প্ৰয়োজন হোৱা কণী আৰু গাখীৰ অনলাইন অৰ্ডাৰ কৰিলে দি যায় এই ৰবটে।

শেহতীয়াকৈ ছিংগাপুৰত মুকলি কৰা হৈছে এনে ৰবট। ছিংগাপুৰত দুটা ৰবটৰ জৰিয়তে ক্ৰেতাৰ ঠিকনাত কণী আৰু গাখীৰ বিতৰণ কৰা হৈছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, অ’টিএছএ ডব্লিউ ডিজিটেল নামৰ এটা কোম্পানীয়ে ৰবট দুটা তৈয়াৰ কৰিছে। নাম দিছে ‘কেমেলো’।

ৰবটৰ জৰিয়তে গাখীৰ আৰু কণী প্ৰদান কৰাৰ বাবে এদিনত ৭০০ ঘৰ বাছনি কৰা হৈছে। এই সেৱা পৰৱৰ্তী এবছৰৰ বাবে পৰীক্ষামূলকভাৱে কৰা হ’ব। এই সেৱা লাভ কৰিবলৈ প্ৰথমে মোবাইল এপ্লিকেশ্বনত খাদ্যৰ অৰ্ডাৰ দিব লাগিব। তেতিয়া ৰবটে খাদ্য লৈ গুচি যাব গন্তব্য স্থানলৈ। ক্ৰেতাই তেতিয়া এটা নিৰ্দিষ্ট স্থানৰ পৰা খাদ্য সংগ্ৰহ কৰিব লাগিব।

কেমেলো নামৰ ৰবটটোত ত্ৰিকোণীয়া চেন্সৰ, এটা কেমেৰা আৰু দুটা নিৰ্ধাৰিত খাদ্য সংৰক্ষণ স্থান আছে। ৰবটবোৰে ২২০ কিলোগ্ৰামলৈকে খাদ্য সামগ্ৰী কঢ়িয়াব পাৰে। খাদ্য পুনৰ বিতৰণ কৰাৰ পিছত ৰবটে নিজকে বীজাণুমুক্ত কৰিব পাৰে। এইক্ষেত্ৰত অতিবেঙুনীয়া ৰশ্মি ব্যৱহাৰ কৰে ৰবট দুটাই।

অ’টিএছএ ডব্লিউ ডিজিটেলৰ মুখ্য বিষয়া লিং টিং মিঙে কয়, ‘বিশেষকৈ মহামাৰীৰ এই সময়ত সকলোৱে মানুহৰ স্পৰ্শ অবিহনে সেৱা প্ৰাপ্ত কৰিবলৈ আগ্ৰহী। এই চিন্তাবোৰৰ পৰাই এনে সেৱা অনা হৈছে।’ এই সেৱা কিছু দিন ধৰি সুকলমে চলি আছে বুলি জনাই বিষয়াগৰাকীয়ে।

You might also like