নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত মুকলি Triumph Trident 660: চাওক মূল্য…

ব্ৰিটিছ প্ৰিমিয়াম মটৰচাইকেল নিৰ্মাতা Triumph-এ মঙলবাৰে ভাৰতত 6.95 লাখ টকাৰ (এক্স-শ্ব’ৰুম) মূল্যৰ এখন নতুন Trident 660 মডেল বাইক মুকলি কৰে।

Triumph Trident 660 ৰ প্ৰী-বুকিং যোৱা বছৰ নৱেম্বৰত মাহতে আৰম্ভ কৰিছিল। এই মটৰচাইকেলখন ক্ৰয় কৰিবলৈ ইচ্ছুক গ্ৰাহকসকলে ৫০,০০০ টকা পৰিশোধ কৰি বুক কৰিব পাৰে।

উল্লেখ্য যে কোম্পানীটোৱে বাইকখনৰ মূল্য ঘোষণাৰ পূৰ্বেই মডেলটোৰ ১২৫ তকৈও অধিক বুকিং লাভ কৰিছে।

“Trident 660 ত আছে ব্লুটুথ সংযোগ, টাৰ্ণ-বাই-টাৰ্ণ নেভিগেশ্বন,ৰাইড বা ৱাইৰ, চুইচ কিউব গ’ প্ৰ’ কানেকশ্যন (GoPro) আৰু চালকসকলৰ পছন্দ অনুসৰি তেওঁলোকৰ বাইক অনুকূলিত কৰাৰ বাবে ৪৫ টাতকৈ অধিক আনুষঙ্গিক সামগ্ৰী আছে।” কোম্পানীটোৱে কয়।

ইঞ্জিন আৰু পাৱাৰ

Trident 660-এ শক্তিৰ বাবে 660 cc ৰ ইন-লাইন 3-চিলিণ্ডাৰ ইঞ্জিন প্ৰদান কৰে। ইয়াৰ তৰল শীতল ইঞ্জিনে 10,250 rpm ত সৰ্বাধিক 80 bhp ৰ শক্তি আৰু 6,250 rpm ত 64 Nm ৰ পীক টাৰ্ক উৎপন্ন কৰে। এই ইঞ্জিনৰ সৈতে 6-স্পীড গিয়াৰবক্স থাকে, যি স্লিপ/এচিষ্ট ক্লাচ্ছৰ সৈতে আহিব। এই মটৰচাইকেলখনৰ ওজন হৈছে ১৮৯ কিলোগ্ৰাম।

You might also like